ৰাতি গ'লে দিন , দিন গ'লে ৰাতি
এনেদৰেই বাগৰিছে জীৱনৰ তত্ত্বগধুৰ পল বোৰ ,
ৰুমৰ ৱালত ভৰিৰ চিহ্নবোৰে
বেটুপাত অংকন কৰিছে ,
আমনিৰ চিয়াহীৰে...
সংগ্ৰামৰ কথা কেৱল Facebook , WhatsApp ৰ চাৰি সীমাতে আবদ্ধ
আনন্দৰ কথানো কি ক'ম
আনন্দৰ কথা কেৱল 2GB ডাটাইহে জানে
মনে বিচৰা প্ৰাপ্তিবোৰ মাথোঁ
YouTube ৰ Search বক্সত আবদ্ধ ,
এনেকৈয়ে বাগৰিছে দিন , ৰাতি , সপ্তাহ আৰু মাহ
আৰু ভয় শংকাবোৰ মাক্স , চেনিটাইজাৰতে নিঃশেষ হৈছে ।