অণুগল্প-অতুল টাফ: এটা স্বপ্ন | ড° মৃদুল চন্দ্ৰ শৰ্মা

বাছত গ'লে মোৰ এটা স্বভাৱ বাটৰ কাষত থকা দোকানৰ ছাইনবোৰ্ড পঢ়া । উদেশ্য এটাই, ক'ত পালোহি গম পোৱাৰ । কেতিয়াবা খঙ উঠি আহে কতো ঠাইডোখৰৰ নাম নিলিখিলে । যিকি নহওঁক, কোনো ঠাই নাথাকিলে বাছৰ ভিতৰত লিখা বোৰ পঢ়িবলৈ আৰম্ভ কৰো । এদিন হঠাৎ গ্লাচৰ চুকত লিখা দুটা শব্দ দেখা পালো । অতুল টাফ বুলি প্ৰতিখন গ্লাচতে লিখা আছে । তাৰপিছত চকু কেইটা কব নোৱাৰাকৈ মুদ খাই গ'ল । তন্দ্ৰালস অৱস্থাত মনৰ দাপোনত এটা এটাকৈ প্ৰতিচ্ছবি ভাহি আহিল । সেই অতুল সেন নামৰ ক্ষীণ ল'ৰা এজন কলিকতাৰ চৌৰঙ্গীত ভিক্ষা কৰি ঘূৰি ফুৰিছে । গাড়ীবোৰ দেখিলেই হাত মেলি আগবাঢ়ি যায় । দিনবোৰ এনেকৈয়ে গৈ থাকে । দিনটোত অৰ্জন কৰা টকা কেইটাৰে কলিকতাৰ সুলভ ফুটপাথৰ দোকানৰ পাতত দিয়া ভাত খাই একমাত্ৰ কম্বলখন লৈ‌ ফুটপাথৰ কাষত নিচিন্তমনে মূৰে গায়ে ঢাকি শুই থাকে । তাৰ নিজৰে মনত নাই ক'ত তাৰ জন্ম, কোন‌ তাৰ মাক বাপেক । এজনী ‌মৰমীয়াল ভিক্ষাৰীয়ে তুলি তালি ডাঙৰ কৰিলে । তাইয়েই তাৰ নাম অতুল ৰাখিলে । তাৰ দহ বছৰ মান হওঁতেই হঠাতে সি মৰমতে মতা নানী জনী মৰি থাকিল । কলিকতা মহানগৰত অতুল  নিঠৰুৱা হ'ল । এনেকৈয়ে জীৱন সংঘৰ্ষৰে যুঁজি যুঁজি অতুল জীয়াই থাকিল । লাহে লাহে চৌৰঙ্গী অঞ্চলত তাক সকলোৱে চিনি পোৱা হ'ল । কোনোবা দিনা ভিক্ষা কৰি একো নাপালে ওচৰৰ দোকানী বিলাকে মৰমতে খাবলৈ দিয়ে । কেতিয়াবা আকৌ বেছি পইচা পালে লগৰ কেইজনকো খুৱাই ভাল পায় । হঠাতে এদিন সেই দূৰ্ভাগ্যজনক দিনটো আহিল । গধূলি ভিক্ষা কৰি থাকোঁতে হঠাতে অত্যাধিক গতিবেগত অহা গাড়ী এখনে অতুলক প্ৰচণ্ড জোৰত খুন্দা মাৰি দিলে । আচলতে প্ৰকাণ্ড বিদেশী ‌গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটি ৰখাব নোৱাৰা হ'ল । অতুলে গাড়ীৰ বনেটৰ ওপৰেদি গৈ সন্মুখৰ গ্লাচত প্ৰচণ্ড জোৰত খুন্দা খালে । ফলত গ্লাচখন ভাঙি অতুলৰ ভৰি এখন বৰ বেয়াকৈ কাট খালে । তেজেৰে তুমুৰলি হৈ বাগৰি পৰিল । তৎক্ষণাৎ গাড়ীৰ পৰা এহাল বেলজিয়ামৰ ভ্ৰমণকাৰী বৃদ্ধ দম্পতী নামি আহিল । তেওঁ লোকে অতুলক লৰালৰিকৈ টেক্সী এখনত উঠাই হস্পিতাললৈ লৈ গ'ল । হস্পিতালত অতুল প্ৰায় এমাহ থাকিব লগা হ'ল । কিন্তু তাৰ এখন ভৰি কাটি পেলাব লগা হ'ল । মৰমীয়াল বেলজিয়ামৰ কোটিপতি দম্পত্তীয়ে নিঠৰুৱা অতুলৰ সম্পূৰ্ণ চিকিৎসাৰ দ্বায়িত্বভাৰ লৈছিল । পাৰ্ছপৰ্টৰ দিন ওকলি যোৱাৰ সময় হোৱাত তেওঁলোকে অতুলৰো পাৰ্ছপৰ্ট আৰু ভিছা উলিয়াই বেলজিয়ামলৈ লৈ গ'ল । দম্পতীহালৰ বেলজিয়ামত গ্লাচ বনোৱা ‌ডাঙৰ ফেক্টৰী আছিল । সন্তানহীন দম্পত্তীয়ে অতুলকে সন্তানৰ মৰ্যদা দি গ্লাচ ফেক্টৰীৰ দ্বায়িত্ব তুলি দিয়ে । জন্মগত ভাৱে চোকা বুদ্ধিৰ অতুলে এদিন সহজে ভাঙি নপৰা এবিধ গ্লাচ তৈয়াৰ কৰি উলিয়ালে ‌। যি চোকা ধাৰৰ থকা গ্লাচে কটা বাবে তাৰ ভৰিখন কটা গৈছিল, ভৱিষ্যতে কাৰো ভৰি কটা নাযায় সেই কথা চিন্তা কৰি গাড়ীত লগাব পৰা এবিধ ধাৰ নথকা গ্লাচ আবিষ্কাৰ কৰিলে । বেলজিয়ামৰ দম্পতীয়ে অতি সুখী হ'ল । তেওঁলোকে অতুলৰ সন্মানাৰ্থে সেই গ্লাচৰ নাম অতুল টাফ ৰাখিলে । আজি বিশ্বৰ প্ৰায় বিলাক গাড়ী নিৰ্মাতাই এই অতুল টাফ গ্লাচ ব্যৱহাৰ কৰে । হঠাতে বাছৰ কণ্ডাক্টৰে যোৰহাট যোৰহাট চিঞৰাত সপোন জগতৰ পৰা আঁতৰি আহিলো । বেগটোলৈ বাছৰ পৰা নামি যাওঁতে আকৌ এবাৰ গ্লাচত লিখা ‌শব্দকেইটালৈ চকু গ'ল । অতুল টাফ ।

✍️ড° মৃদুল চন্দ্ৰ শৰ্মা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send