অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত সাম্প্ৰতিক অসমীয়া শব্দৰ গুৰুত্ব:এটি চমু অধ্যয়ন-তন্ময়ী দাস

Rinku Rajowar
1
অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ বুলি ক'লে এক বৃহৎ পৰিসৰক সাঙুৰি লোৱা হয়।আমি এই সম্পৰ্কে জ্ঞাত যে অতি প্ৰাচীন কালৰে পৰাই আৰ্য-অনাৰ্য গোষ্ঠীৰ পৰা অহা বিভিন্ন শব্দই অসমীয়া ভাষাৰ শব্দভাণ্ডাৰলৈ অনেক শব্দ যোগান ধৰি আহিছে।অৰ্থাৎ ইয়ে অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ বাৰুকৈয়ে চহকী কৰি আহিছে।অসমীয়া ভাষাক বিভিন্ন নৃগোষ্ঠীয় শব্দৰ প্ৰয়োগ সম্পৰ্কে ইতিমধ্যে বিভিন্ন জন পণ্ডিতে নিজস্ব মতামতো দাঙি ধৰিছে।

                   সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত যদি আমি ক'বলৈ যাওঁ তেন্তে দেখিম যে,অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত এক বিশেষ বিশেষ কিছুমান শব্দই গুৰুত্ব লাভ কৰিব ধৰিছে।

     ‌  ‌   মানুহে দৈনন্দিন জীৱনত প্ৰয়োগ কৰা শব্দকে আদি কৰি আনৰ লগত ভাৱ প্ৰকাশক কিছুমান শব্দ অসমীয়া শব্দভাণ্ডাত সোমাই পৰিছে।লগতে এই ক্ষেত্ৰতে ক'ব খুজিম যে কিছুমান শব্দই অৰ্থ সংকোচনৰ ফালেও গতি কৰিছে।উদাহৰণ স্বৰূপে যদি ‌অসমীয়া শব্দটোকে লও তেন্তে পূৰ্বৰে পৰাই অসমীয়া শব্দটোৱে অসমত বাস কৰা জাতি,ধৰ্ম,ভাষা-বৰ্ণ নিৰ্বিশেষে সকলোকে সাঙুৰি লৈছিলে,কিন্তু বৰ্তমান কিছুমান ঠেক মানসিকতাৰ ব্যক্তিৰ কবলত পৰি অসমীয়া শব্দটোৱে কেৱল অসমত বাস কৰা হিন্দু ধৰ্মাৱলম্বী এচাম লোকক বুজোৱা যেন বোধ হয়।
দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক শব্দই নতুন ৰূপ লোৱা দেখা যায়।যেনে - মেচেজ(খবৰ),বিন্দাজ,টুথপেষ্ট(দন্তমঞ্জন),ৱাটচ্(ঘড়ী),ফ্ৰী,জুচ(চৰ্বত),ইত্যাদি ইত্যাদি ।
ইয়াৰোপৰি বৰ্তমান সময়ত যুৱচামৰ মাজত কিছুমান শব্দই বিশেষ গুৰুত্ব লাভ কৰিছে,যেনে: আ..বে,চালা,বেটা,বাৰ্থদে,ইত্যাদি।
খাদ্য বস্তুৰ উদাহৰণ হিচাপে আমি চিকেন ড্ৰাই ফ্ৰাই,ৰোল,চিলি চিকেন,মটন কাৰী(এইবোৰ ইংৰাজী শব্দ যদিও অসমীয়া শব্দভাণ্ডাৰত সাম্প্ৰতিক কালত বিশেষ গুৰুত্ব লভিছে।)
শেহতীয়া কৈ আমি যদি আজমল চাহাবে শংকৰ গুৰু বুলি নকৈ শংকৰ চাহাব বুলি কোৱা কথাষাৰ লৈ মন কৰোঁ তেন্তে সেয়াও সাম্প্ৰতিক কালৰেই প্ৰভাৱ বুলি ক'ব পাৰোঁ।লগে 'আধুনিক' যি শব্দ আমি পূৰ্বৰে পৰাই প্ৰয়োগ কৰি আহিছো তাৰ ঠাই বৰ্তমান দখল কৰিছে 'ষ্টেণ্ডাৰ্ড' শব্দই।সামাজিক ক্ষেত্ৰখনতো এনে কিছুমান শব্দ সোমাই পৰিছে যিয়ে অসমীয়া শব্দভাণ্ডাৰ ক এক অনন্য ৰূপ প্ৰদান কৰিছে।যেনে : চোচাইটি,মিটিং,গাৰডেনিং,ইত্যাদি।
              গতিকে এনেদৰে চমুকৈ আলোচনা কৰিলে অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত সাম্প্ৰতিক অসমীয়া শব্দৰ গুৰুত্ব সম্পৰ্কে কিছু আভাস পাব পাৰোঁ।এনেদৰে বিভিন্ন ধৰণে অসমীয়া ভাষাত সময়ে সময়ে সোমাই পৰা কিছুমান শব্দই অসমীয়া শব্দ ভাণ্ডাৰক সাম্প্ৰতিক কালত অনন্য ধৰণে চহকী কৰিছে বুলিও ক'ব পাৰোঁ । 

                      ✍️তন্ময়ী দাস
                         গোৱালপাৰা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment