তথাপিও বুকুত ৰুব লাগিব এজোপা গছ-মনশ্ৰী হাজৰিকা

বেলিৰ বুকুৰ ৰং উদং কৰি
তাই কপালত বেলি আঁকিলে
শেৱালিৰ বেথা উদঙাই 
সেই সুৱাসৰ দহনত নিজকে বুৰালে
এহালি সপোনৰ দহনত দহিও
কলিজাত ৰং সাঁচিলে !
নিজকে চুই চাই নিমজ শৰীৰৰ
শিহৰণ বুকুত গাঁঠি
আবেগৰ আকুলতাত বৈ বৈ নৈ হ'ল
সেমেকা শেতেলীৰ
উষ্ম সপোনৰ স্পৰ্শত বুৰি
শেষ নোহোৱা ৰাতিৰ কবিতাত লীন 
হৈ বৈ থাকিল হাজাৰ সুঁতিৰ অভিমান সামৰি !

প্ৰোথিত হ'ল তাইৰ যোনীত
পৌৰূষত্বৰ বীজ !
গছ হোৱাৰ উন্মাদনাত লীন হোৱা
তাইৰ চৌপাশত বান্ধি দিয়া হ'ল
এডালি শিকলি !
কিয় হ'ব তাই গছ ?
কিয় ছাঁ হ'ব তাইৰ দৰে আৰু এটি
জীৱনৰ ?
অজস্ৰ আকূতিক উপলুঙা কৰি
তাইৰ পৰা বিচ্ছিন্ন কৰা হ'ল
মমতাৰ আদৰুৱা আচল
হেঁপাহৰ পাৰ ভাঙি বৈ যোৱা
চকুৰ প্লাৱনত উটি গ'ল সপোনৰ ঢল!
তাইৰ ৰক্তৰ নদীৰে বৈ গুচি গ'ল
আৰু এসুঁতি কেচা তেজ 
যি তেজৰ ঢৌত উটি গ'ল
নাৰী নামৰ আৰু এটি সত্বা!
যি তেজৰ ঢৌত নিৰ্বাপিত হ'ল গছ হোৱাৰ
এটি নিষ্পাপ বাসনা!
যি তেজৰ ঢৌত জাহ গ'ল জীৱন গঢ়াৰ
পুৰাতন সাধনা!

তথাপিও
বুকুত ৰুব লাগিব 
এজোপা গছ
ছাঁ হৈ বগাব লাগিব মমতাৰ জখলা
ফুলিব লাগিব জুইফুল হৈ,
জ্বলিব লাগিব তৰাফুল হৈ,
বৈ যাব লাগিব কল্যাণী হৈ
জীৱনৰ শেষ সীমনালৈ!

✍️মনশ্ৰী হাজৰিকা,বিহপুৰীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send