হৃদয়ৰ আচৰিত
চুক্তি এইয়া ,
বুকুৰ পৰা বুকুলৈ
ভালপোৱাই বাট কটা ,
নজহা নপমা বুকুত লহৰ
তোলা অদ্ভুত চুক্তি ।
হৃদয়ৰ আচৰিত দুখৰ
সংজ্ঞা এইয়া ,
সুখৰ সময়তো বুকুৰ মাজত
নিৰৱে সোমাই থাকি কয় ,
মোক এবাৰ চুই চোৱা।
হৃদয়ৰ আচৰিত সুখৰ
সংজ্ঞা এইয়া ,
জীৱনৰ খণ্ডচিত্ৰবোৰত
সুখৰ স্থিতিয়ে দুখৰ সময়
পাহৰাই দিয়া ।
হৃদয়ৰ আচৰিত হেঁপাহৰ
সংজ্ঞা এইয়া ,
চিনাকি মানুহবোৰে পলসুৱা
কৰে , সেউজবুলীয়া
আলিবাট ।
হৃদয়ৰ আচৰিত যাতনাৰ
সংজ্ঞা এইয়া ,
চিনাকি মানুহবোৰ অচিনাকি
হৈ পৰা মুখবোৰৰ আচৰিত
নাভূত-নাশ্ৰুত এক
বিকৃত ৰূপ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ