বেগম-জান ০১ | উৎপল মৰাং | গল্প

                   এক

--কি নাম তোমাৰ?
--হা....
--কি নাম তোমাৰ?
--অৰ্পনা।আপোনাক চিনি পোৱা নাই।
--মই আজাদ।এইবাৰ স্নাতক প্ৰথম ষাণ্মাসিক।
--অ'...
--তুমি নতুনকৈ আহিছা!
--উমম...দাদা মই এইবাৰ H.S 1st year ৰ।
--তোমাৰ ঘৰ ক'ত অৰ্পনা?
--মোৰ ঘৰ কুৰালগুৰীত।
(অৰ্পনাই আজাদৰ চকুলৈ এবাৰো চোৱা নাই,তাই এবাৰ তললৈ এবাৰ ওপৰলৈ চাই কথা পাতি আছে।অলপ সময় দুয়োটাই একো নমতাকৈ আছিল।)আজাদে মাত দিলে-
--অৰ্পনা!
--অ দাদা কওক।
--তুমি মোক আপুনি নহয় তুমি বুলি মাতিবা ।
--ঠিক আছে দাদা।
(আজাদে তাইলৈ একেথৰে চাই আছে।)
--মনতে ভাবি কৈ আছে নিজকে-অৰ্পনাৰ দৰে এই কলেজত আন কোনো ফৰিষ্টা নাই।তাইক প্ৰথম দেখাতে যে সি ভালপাই পেলালে সেইটো ক'বলৈ তাৰ অলপো অসুবিধা নাই।হ'লেও তাই বা কি ভাবিব।তাই হিন্দু আৰু মই মুছলমান তাত একো অসুবিধা নাই।কিন্তু আজিয়ে তাইৰ লগত চিনাকি হৈ ভালপোৱাৰ কথা ক'লে হয়তো তাই বেয়াও পাব পাৰে।
--দাদা....তুমি ভাবি থাকা মই ক্লাছ কৰোগৈ বুলি কৈ অৰ্পনা সেই আঁহত জোপাৰ তলৰ পৰা উঠি গ'ল।
আজাদে তাইলৈ চাই থাকিল আৰু নিজকে ক'বলৈ ধৰিলে-আল্লাহ...আপোনাক আন একো বিচৰা নাই মাত্ৰ এই ফৰিষ্টা জনীকে বিচাৰিছোঁ।দুৱা কৰা তুমি মই এইক নিজৰ কৰিব পাৰিম বুলি।

    কিছু সময়ৰ পাছত;অৰ্পনা আৰু তাইৰ লগৰ জনীৰ লগত কেন্টিনটোৰ ফালে গৈ আছিল।আজাদে দেখি অৰ্পনাক মাত ল'গালে--
--অৰ্পনা....অৰ্পনা
(অৰ্পনাই শুনা নাই আজাদৰ মাত)
--(আৰে ভাইজান মাত মাত শুনিব)অৰ্পনা....
--(এইবাৰ আজাদৰ মাত শুনি অৰ্পনাই ঘুৰি চালে।)
--অৰ্পনা...ৰ'বা.....আৰে তোমাক ইমানকৈ মাতি আছোঁ শুনা নাই।
--নাই দাদা শুনা নাই মই...ক্ষমাপ্ৰাৰ্থী..।
--একো নাই দিয়া ক্ষমা ক'ব নালাগে।কেন্টিন যাবা নেকি?
--উমম...তালৈকে গৈছোঁ ভোক লাগিছে।
--ব'লা ময়ো যাওঁ।
(তিনিও কেন্টিনলৈ গ'ল আৰু অৰ্পনাহঁতে কি খায় সুধি আজাদে কিনি দিলে।)
--কিছুসময়ৰ পাছত অৰ্পনাই পইছা দিবলৈ আহিলত আজাদে মানা কৰি তাইৰ পইচাতো দি দিলে।
:হ'ল !ব'লা।
:উমম...
--আজাদৰ লগৰ কেইটাই তাক মাতিলত সি অৰ্পনা হঁতক যাবলৈ ক'লে।
:আচ্ছালাম ৱালিকুম ভাইজান।
:ৱালিকুম আচ্ছালাম।
:ভাইজান ভাবিজান নেকি?
:ৰহ ৰহ,হোৱা নাই।কিন্তু দুৱা কৰ তাইৰ মোৰ হ'বলৈ।
:আমাৰ দুৱা তোৰ লগত আছে।
:ৰহ হা তহঁত।
:অ' যা যা।
:খুদা হাফিজ।(বুলি কৈ আজাদ গুচি গ'ল)
--কেইবাদিনো তেনেকৈ দুয়োয়ে কথা পাতে,গছৰ তলত বহে।এদিন হঠাতে আজাদে অৰ্পনাৰ পৰা তাইৰ নম্বৰটো বিচাৰিলে-
:অৰ্পনা তোমাৰ নম্বৰটো দিবা নেকি?
:(কেনেকৈ ক'ম তোমাক যে মোৰ ফোন নাই আনকি ঘৰত যি এটা ফোন আছে সেইটোও কিবা বেয়া হৈ আছে অলপ;তাই ভাবি আছিল কি কওঁ কি নকওঁ বুলি।তেনেতে আজাদে মাত লগালে-
:কি হ'ল?কি ভাবি আছা।দিবা নে?
:মোৰ মোবাইল নাই,মাৰ ভাগৰটো আছে।
:সেইটোকে দিয়া।
:(তাই নম্বৰটো দিলে)
:ঠিক আছে মই তোমাক ফোন কৰিম।
:উমম..হ'ব।
:হ'ব বাৰু....।

--৩ মান বজাত অৰ্পনাৰ ক্লাছ শেষ হ'ল।তাই আজাদক বিচাৰি ফুৰিছে,যিটো নম্বৰ দিলে সেইটোলে আজি ফোন কৰিব নেলাগে বুলি কাৰণ সেইটো বাপেকে লৈ যাব,নুমলিগড়লৈ যাব বাপেক ৰিফাইনিট কিবা কাম উলাইছে বুলি।সি যদি ফোন কৰি দিয়ে সৰ্বনাশ হ'ব।বাবা কাইলে আহিব তেতিয়া কৰিবলৈ ক'বলৈ আজাদক বিচাৰি ফুৰিছে।নাই ক'তো নেপালে। তাইৰ  মনতো  অলপ বেয়া লাগিল,যদি সি ফোন কৰে বাপেকে আহিটো তাইক সুধিবই।তেতিয়া তাই কি ক'ব।
তাই যে আজাদক ভালপাবলৈ লৈছে তাত তাইৰ কোনো সন্দেহ নাই।দুয়োটাৰে ধৰ্ম বেলেগ বাবে বিয়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে কিন্তু আজাদ যে তাইৰে হ'ব লাগিব তাই সেইটো জেদ ধৰিলে।
:পাছলৈ যি হ'ব দেখা যাব।
কিন্তু তাইৰ ভয় আছেই যদি সি বাপেকলৈ ফোন কৰে।
  
       আগলৈ..........

✍️উৎপল মৰাং ( দেৰগাঁও ) গোলাঘাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send