- ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
- ১৯৪৪ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
- ১৯৪৮ চনৰ আজিৰ দিনটোতে- নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
- ১৯৫৯ চনৰ আজিৰ দিনটোতে- ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে- ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
- ২০১৩ চনৰ আজিৰ দিনটোতে- যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
০৬ জুলাই-ইতিহাসত আজিৰ দিনটো
July 06, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ