তুমি মোৰ প্রথম নহয় শেষ ভালপোৱা-তৃষ্ণা বৰা

©Admin
0
হস্পিতালৰ পৰা আনি কাবেৰী খুড়ীক দুদিনমান ঘৰতে শুশ্ৰূষা কৰোঁ বুলি ৰিয়ায়ে ঘৰলৈকে লৈ আনিলে l
:ইয়াতে  অলপ বহক খুড়ী l মই অলপ ফ্ৰেচ হৈ লওঁ l
: হ'ব মাজনী... 
 কাবেৰীয়ে ৰিয়াক মৰমতে মাজনী বুলি সম্বোধন কৰে l নিজৰ ল'ৰা ছোৱালী নাই বাবে তেওঁ ৰিয়াকেই নিজৰ ছোৱালীৰ দৰে মৰম কৰে l ৰিয়ায়েও তেওঁক নিজৰ মাকৰ দৰে জ্ঞান কৰে l
ৰিয়াই কাবেৰী খুড়ীক ড্ৰয়িং ৰুমতে বহুৱাই ভিতৰলৈ সোমাই গ'ল l
বহুত দিনেই হ'ল কাবেৰীয়ে এনেকুৱা এটা ড্ৰয়িং ৰুমত নবহা । অাজি প্ৰায় ডেৰ বছৰেই হল তেওঁ ৰিয়াহঁতৰ এই নিৰ্যাতিতা নাৰীৰ আশ্ৰয় গৃহত থকা l ৰিয়াহঁতৰ ঘৰৰ পৰা দুই কিলোমিটাৰমান নিলগত অৱস্থিত এই আশ্ৰয় গৃহ l ৰিয়াৰ খুড়াকে ৰিয়াৰ মাক দেউতাকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত তেওঁলোকে লৈ থৈ যোৱা মাটিতে ৰিয়াৰ নামত এই গৃহ নিৰ্মাণ কৰি এই মহিলা সকলক  আশ্ৰয় দিছে l ৰিয়াই চোৱা চিতা কৰে lইয়াত প্ৰায় ৩০-৩৫ গৰাকী মান মহিলা আছে l
ইমান ধুনীয়াকৈ ৰিয়াহঁতৰ ড্ৰয়িং ৰুমতো সজাই থোৱা আছে কাবেৰীয়ে কি চাব নিজেই ভাবি পোৱা নাই l ধুনীয়া ধুনীয়া ফুলৰ লগতে অসমীয়া কৃষ্টিৰ সংস্কৃতিৰ কিছু সৰু সৰুকৈ কাঠেৰে নিৰ্মিত বাদ্য যন্ত্ৰ লগতে অসমীয়াৰ কিছু থলুৱা সামগ্ৰীৰ আৰু তাৰ কাষৰে বেৰ খনত বহু ফটো ফ্ৰেম কৰি সজাই থোৱা আছে l
এনেতে ৰিয়া আহি..
:খুড়ী পানী গিলাচ খাই লওঁক l মই গাটো ধুই লওঁ l তাৰ পাছত আপুনি ধুব l মই গৰম পানী কৰি দিম l
: হ'ব.. হ'ব অ'.. মাজনী l মই ধুম বাৰু l তুমি ধোঁৱাগৈ যোৱা l হস্পিতালত ইমান কষ্ট কৰি আহিছা তুমি l
: আমনি পাইছে চাগে নহয়.. খুড়ী l ৰ'ব মই অকণক অলপ বজাৰলৈ পঠিয়াইছো l সি আহিলে  আপুনি অলপ ভাল পাব l
: (এটা হাঁহি মাৰি) ... নাই... নাইপোৱা অ' আমনি মাজনী... l কিয় আমনি পাম l ইমান ধুনীয়াকৈ তুমি এইবোৰ সজাই থৈছা মই এইবোৰ চায়েই ত'ত পোৱা নাইl

এনেকৈ পানী গিলাচ হাততে লৈ এঢোক এঢোক কৈ খাই কাবেৰীয়ে আটোম টোকাৰীকৈ ৰিয়াই সজাই থোৱা বস্তুবোৰত এটা এটাকৈ চকু ফুৰালে l কাবেৰীৰ নিজৰো  ঘৰ সজোৱা কৰোৱাত খুউব চখ আছিল l খুউব নিয়াৰিকৈ তেওঁ প্ৰতিটো বস্তু চাই গ'ল l চাই চাই তেওঁ বেৰত সজাই থোৱা ফটো বোৰলৈ চকু ফুৰালে l খুউব ভাল লাগিল তেওঁৰ ফটো বোৰ চাই বেছি ভাগ সৰু কালৰ ৰিয়া ৰ ফটোৰেই বেৰখন জিলিকি আছিল l ইমান যে মৰম লগা আছিল ৰিয়া জনী সৰুতে l তেওঁ মৰমতে সৰু কালৰ ৰিয়াৰ ফটো এখন নমাই আনি এটা চুমা খালে l কাবেৰীৰ এনেও আগৰে পৰাই সৰু লৰা-ছোৱালী লৈ খুউব মৰম l এতিয়াও কেতিয়াবা  আশ্ৰয় গৃহত মহিলা সকলৰ আগত তেওঁৰ ভতিজা কেইটাৰ সৰুকালৰ দুষ্টামিৰ কথা কৈ নিজে নিজে হাঁহে l এনেকৈ পানী গিলাচ হাততে লৈ এঢোক দুঢোক কৈ খাই ফটো বোৰ চাই গৈ থাকোঁতে পিছফালে এটা সেউজীয়া পাহাৰৰ দাঁতিত ৰৈ থকা এজন মানুহৰ ফটো দেখিলে l প্ৰথমতে তেওঁ ভালকে ধৰিব পৰা নাছিল l ফটো খন নমাই আনি ওচৰৰ পৰা ভালকৈ চালত কাবেৰীৰ বুকুখন চিৰিংকৈ গ ল l এক চেঁচা শিহৰনে যেন তেওঁৰ শৰীৰতো চুই গল l বুকুৰ ঘন ঘন ধপ-ধপনি তেওঁৰ কাণত বাজি উঠিল lআৰু কেইবাখনো ফটোত কাবেৰীৰ সৈতেও সেই মানুহ জনক দেখি কাবেৰীৰ হাতৰ পৰা পানী গিলাচতো মাটিত সৰি পৰিল l
দৌৰ মাৰি ৰিয়া ভিতৰৰ পৰা ওলাই আহিল..
: কি হল খুড়ী..
: থত্ মত খাই কাবেৰীয়ে ক'লে... তোমালোকৰ ফটোবোৰ চাই থাকোতেই ঘপকৈ মূৰটো ঘূৰাই যোৱা দৰে লাগিল অ'... মাজনী l
: দুৰ্বল হৈ আছে যে  আপুনি এতিয়া.. সেই কাৰণেl বলক আপোনাক অলপ বিচনালৈ লৈ যাওক l
এখোজ দুখোজকৈ ৰিয়ায়ে কাবেৰীক বিচনালৈ নি শুৱাই দিলেগৈ l
শুব পৰা নাই কাবেৰী... কি হৈছে তেওঁৰ সেই কথাও ৰিয়াক খোলা খুলিকৈ ক'ব পৰা নাই l এক অবুজ বেদনাই কাবেৰীক চাৰিওফালৰ পৰা আগুৰি ধৰিলে l কান্দো বুলিও কান্দিব পৰা নাই... কিবা সোধো বুলিও সুধিব পৰা নাই... কাবেৰীয়ে বিচনা খনতে পৰি ইকাটি সিকাটি কৈ ছটফটাই থাকিলে... চকুৰ আগত ভাঁহি উঠিল... অতীতৰ সেই মধুৰ দিনবোৰ... 
এনেতে ৰিয়া আহি সুধিলে... খুড়ী ভাল পাইছেনে অলপ...
বেৰৰ ফালে মুখ কৰিয়েই কাবেৰীয়ে ক'লে... মই অলপ শুলেহে ভাল পাম অ' মাজনী... মই অলপ শুই লওঁ দিয়া... তুমি দুৱাৰ খন বন্ধ কৰি দিয়াl

দুৱাৰ খন বন্ধ কৰি ৰিয়া ওলাই গ'ল...

কাবেৰীয়ে ওপৰলৈ মূৰ কৰি শুই চকু কেইটা বন্ধ কৰি দিলে... সেই তাহানিৰ মধুৰ স্মৃতিবোৰ তেওঁৰ চকুত ভাঁহি উঠিল... ইমান যে ভাল আছিল সেই দিনবোৰ... কিমান নিভাঁজ মৰম আৰু বুজাবুজি আছিল তেওঁলোকৰ মাজত ... কাবেৰীৰ সেই দিনবোৰ ৰোমন্থণ কৰিয়েই ভাল লাগিল l ক'ব নোৱাৰাকৈয়ে কাবেৰীৰ দুই চকুৰ পৰা দুধাৰি চকুলো বৈ আহিল l
"সম্পৰ্ক বোৰ কিমান মধুৰ... মৰমৰ গভীৰতা কিমান সেই কথা আঁতৰি থাকিলেহে বেছি ভালকৈ বুজি পোৱা যায়..."
কাবেৰীয়ে ৰিয়াক মাতি ক'লে... ৰিয়া তুমি মোক ইয়াত ৰাখি কষ্ট কৰিব নালাগে... মোক তাতে থৈ আহাগৈ.. আৰু তাত থাকিলে মোৰ ভাল লাগিব l লগৰ মানুহ বোৰৰ লগত ইটো সিটো পাতি সময় পাৰ হ'ব l
: ৰিয়াই কাবেৰীৰ হাতখনতে ধৰি লৈ... কিয় খুড়ী...  ইয়াত থাকিলে আপুনি মোৰ কষ্ট হব বুলি কিয় ভাবিছে l মই আপোনাক পাই মোৰ হেৰাই যোৱা "মা" জনীক ঘূৰাই পোৱাৰ দৰে পালো l থাকক না ইয়াতে... প্লিজ.. প্লিজ.
ৰিয়াৰ কথাত কাবেৰীৰ সকলো উত্তৰ হেৰাই গ'ল l তেওঁ মূৰ জোঁকাৰি ক'লে... হ'ব মাজনী তুমি যি বিচৰা সেইটোৱেই হ'ব l
এনেতে ৰিয়াৰ ফোনতো বাজি উঠিল...
: হেল্ল খুড়া... কি তুমি আহি আছা... ৰাতি পাবাহি... ঠিক আছে মই ভাত বনাই থ'ম... তুমি ঘৰতে খাবাহি ভাত...
ৰিয়াৰ কথা শুনি কাবেৰীৰ বুকু খন চিৰিংকৈ মাৰিলে l কি হ'ব এতিয়া... কেনেকৈ মুখ উলিয়াব তেওঁৰ ওচৰত ইত্যাদি ইত্যাদি বহুত প্ৰশ্নই কাৱেৰীক আগুৰি ধৰিলে l
যিমানে সময় পাৰ হৈ গৈছে কাবেৰীৰ লাজে ভয়ে কেউফালৰ পৰা আগুৰি ধৰিছে l তেওঁ নিজকে প্ৰস্তুত কৰিব পৰা নাই... তেওঁৰ লগত কেনেকৈ মুখা মুখি হ'ব l ৰিয়াই গম পালে কথাবোৰ কি হ'ব... কি ভাবিব তাই... তাইৰ তেওঁৰ প্ৰতি থকা এই মৰম শ্ৰদ্ধা আৰু থাকিব নাই... ইত্যাদি বহু কথাই তেওঁক ব্যতিগ্ৰস্ত কৰিলে l
এনেতে ৰিয়াৰ খুড়াক ঘৰ পালেহি... তেওঁ ব্যৱসায়ৰ কামত অলপ বাহিৰলৈ গৈছিল l আহি পায়েই ৰিয়াক কপালত এটা চুমা খাই ক'লে...
:কিবা অসুবিধা পাইছিলি নিকি অ' ৰিয়া এইকেদিন... কোনোবা এগৰাকীক হস্পিতেলত ভৰ্তি কৰিব লগা হৈছিল বুলি ফোন কৰিছিলি নহয় তেওঁ এতিয়া ভাল পাইছেনে ?
কাবেৰীৰ সেই তাহানিতে শুনা চিনাকি মাতটো আকৌ কাণত ভাঁহি উঠিল... সেই একেই হৈ আছে মাত কথাবোৰ তেতিয়াৰ দৰে... নম্ৰ আৰু অমায়িক l ইমান ভাল লাগে তেওঁৰ মাততো কাবেৰীৰ l কেতিয়াবা মনত পেলাবলৈ মন গ'লেও ইমান ভালকৈ মনত নপৰে l অাজি ইমান দিনৰ মূৰত তেওঁৰ মাতটো শুনি কাবেৰীৰ হিয়া উপচি গ'ল l
: ভাল পাইছে খুড়া... মই কাবেৰী খুড়ীক হস্পিতালৰ পৰা আনি আমাৰ ঘৰলৈকে দুদিনমান প্ৰতিপাল কৰো বুলি লৈ আনিলো l তাতে তুমিও নাই... তুমি ইমান সোনকালে আহিবা বুলি মই গম নাপালো নহয় l তুমি ফ্ৰেছ হৈ আহা... তাৰ পাছত মই তোমাক মোৰ মৰমৰ খুড়ী জনীৰ লগত চিনাকী কৰাই দিম l
ৰিয়া আৰু খুড়াকৰ মাজৰ কথোপকথন শুনি কাবেৰীৰ পেটতে হাত ভৰি লুকুৱাৰ দৰে লাগিল l কেনেকৈ প্ৰথম মুখা মুখি হ'ব তেওঁৰ লগত... কি বুলি মাতিব... তেওঁ কাবেৰীক দেখাৰ লগে লগে কি প্ৰতিক্ৰিয়া কৰিব... ইত্যাদি ইত্যাদি..
:খুড়া আহা... খুড়ী বিচনাতে পৰি আছে l
ৰিয়াই খুড়াকক কাবেৰীৰ লগত চিনাকী কৰাই দিবলৈ কাবেৰীৰ ওচৰলৈ লৈ গ'ল l যদিও কাবেৰীৰ ৰিয়াহঁতৰ নিৰ্যাতিতা মহিলা গৃহত থকা প্ৰায় ডেৰ বছৰেই হ'ল তথাপিও তেওঁৰ ৰিয়াৰ খুড়াকক লগ পোৱাৰ সুযোগ পোৱা নাছিল l কেতিয়াবাহে তেওঁ তালৈ যায় l তাৰ সকলো খিনি কাম ৰিয়ায়েই চোৱা চিতা কৰে l
:খুড়ী... উঠা খুড়া আহিছে...  তোমাৰ লগত চিনাকী হবলৈ l তোমাকটো আজিলৈকে খুড়াৰ লগত চিনাকী কৰোৱা হোৱাই নাই l
তেওঁ অহা গম পাই কাৱেৰীয়ে শুই থকাৰ পৰা উঠি লৈ বিচনা খনতে তল মূৰ কৰি বহি আছে l
:খুড়ী... এইয়া আমাৰ খুড়া l
কাবেৰীৰ সন্মুখত তেওঁ ঠিয় হৈ আছে l এটা বগা ৰঙৰ পায়জামা পিন্ধি l তেওঁৰ সেই দীঘল দীঘল আঙুলিৰ সৈতে বগা চিনাকী ভৰি কেইটা দেখি কাবেৰীৰ বুকু খন মোচৰ খাই যোৱাৰ দৰে হ'ল l তেওঁ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠাৰ দৰে লাগিল lকি হৈছে এইয়া তেওঁৰ লগত... আকৌ কাবেৰীৰ ওচৰত তেওঁ l কেতিয়াও ভবাই নাছিল কাৱেৰীয়ে জীৱনত আকৌ দ্বিতীয় বাৰ তেওঁৰ লগত মুখা মুখি হ'ব বুলি...  এইয়া কি প্ৰভূ... মই একো বুজা নাই... এইয়া মোৰ সোভাগ্য নে দুৰ্ভাগ্য...

কাবেৰীয়ে ৰিয়াৰ আগত খুড়াকক চিনি নোপোৱাৰ  ভাও জুৰিম বুলি ভাবি মুখ খন ওপৰলৈ উঠাই তেওঁলৈ চাই কিবা কম বুলি লওঁতেই তেওঁ থৰ লাগি কাবেৰীৰ মুখলৈ চাই আচৰিত হৈ ক'লে...
কাবেৰী তুমি... কি হ'ল তোমাৰ... তুমি যে  ইয়াত...
তেওঁৰ মুখ খন দেখাৰ পাছত কাবেৰীৰ তেওঁ সোধা প্ৰশ্নৰ এটাও উত্তৰ দিব নোৱাৰিলে... মাথো তেওঁ তলমূৰ কৰি উচুপি উঠিল l ইমানেই তেওঁক শোকে খুন্দা মাৰি ধৰিলে ... তেওঁৰ মুখত কথাই নুফুটা দৰে হ'ল l কান্দি কান্দি কাৱেৰীয়ে থুল-মূলকৈ কাৱেৰীৰ জীবনৰ সেই দুখৰ দিনবোৰ কথা তেওঁক কবলৈ আৰম্ভ কৰিলে l কাবেৰীৰ কথা শুনি তেওঁ আহি কাবেৰীৰ কাষতে বহি কাবেৰীক বাহুতে হাত থৈ ক'লে... হ'ব দিয়া যি হ'ল হৈ গ'ল আৰু সেইবোৰ ভাবি নাথাকিবা l এতিয়াৰ পৰা তোমাৰ জীৱনত ইমানেই সুখ দিব লাগিব যে, তোমাৰ সেই দিনবোৰ এটা বেয়া সপোনৰ দৰে পাহৰি যাব লাগিব l
তেওঁৰ কথা শুনি কাৱেৰীয়ে তেওঁক সাৱটি লৈ বুকুৰ মাজত সোমাই চিঞৰি চিঞৰি কান্দি কলে... অ'... সপোন তুমি ইমান দিন ক'ত  আছিলা...  আকৌ এবাৰ বহুত বছৰৰ মূৰত সেই চিনাকী স্পৰ্শই কাবেৰীক চুই গ'ল l
অনুভৱ বৰুৱা ,ৰিয়াৰ খুড়াক... সপোন তেওঁৰ ঘৰত মতা নাম l
কাবেৰীৰ আৰু খুড়াকৰ মাজৰ কথোপকথন শুনি ৰিয়াই আৰু তেওঁলোকক একো সুধিবলৈ বাকী নাথাকিল l 
লাহে লাহে প্ৰায় সকলো কথা ক'লে কেনেকৈ কিয় বিয়া হব লগা হ'ল কাবেৰীয়ে সপোন ক এৰি l অকল ককায়েকৰ কথা পেলাব নোৱাৰি তেওঁ নিজৰ সকলো খিনি ত্যাগ কৰি সেই সিদ্ধান্ত লবলৈ বাধ্য হ'ল l পিছত পিছে ককায়েকে কাবেৰীক গিৰিয়েক আৰু ঘৰখনে কৰা সকলো অত্যাচাৰৰ কথা জানিও তাইক সহায় কৰিবলৈ আগবাঢ়ি নাহিল l বিয়াৰ এবছৰ ভিতৰতে কাবেৰীৰ মাক-দেউতাকো দুয়ো অসুখ হৈ ঢুকাল l তাৰ পাছত তেওঁলোকৰ কাবেৰীৰ ওপৰত অত্যাচাৰ আৰু দৌৰাত্ম্য বাঢ়ি অহাত সহ্য কৰিব নোৱাৰি এদিন কাৱেৰীয়ে গাওঁৰ মানুহ গোটাই লৈ পুলিচক এখন এজাহাৰ দি ঘৰ এৰি গুচি আহিল l 
অলপ দিন অত তত থাকিল তাৰ পিছত এদিন এই আশ্ৰয় গৃহৰ কথা গম পালো... তাৰ পাছত  ইয়াৰ এজন সদস্য হৈ পৰিলোl লাহে লাহে ৰিয়াকো নিজৰ ছোৱালীৰ দৰে লগা হ'ল l
ৰিয়ায়েও কাবেৰীৰ আৰু খুড়াকৰ মাজৰ সম্পৰ্কৰ সকলো কথা গম পালে l
সপোন আৰু ৰিয়াই মিলি এতিয়া যিমান পাৰে সিমান সুখত ৰাখি কাবেৰীক সেই পাৰ কৰি অহা ভয়ংকৰ অতীতটোক পাহৰাবলৈ চেষ্টা কৰিলে l লাহে লাহে আকৌ কাবেৰীৰ মাজলৈ সেই হেৰাই যোৱা প্ৰেম, সুখ ঘূৰি আহিল l অাগৰ দৰেই সপোন কাবেৰীৰ মৰমৰ সপোন হৈ পৰিল lসপোন, ৰিয়া আৰু কাবেৰী এটা সম্পূৰ্ণ পৰিয়াল হৈ পৰিল l
অাজি ৰিয়াহঁতৰ ঘৰত, সপোন আকৌ ঘূৰি অহাৰ পাছত কাবেৰীৰ প্ৰথমতো জন্মদিন...  সপোনে কাৱেৰীলৈ বুলি এটা সুন্দৰ কেক আনিছে... তাত লিখা আছে...  সপোনে  কাবেৰীক সেই প্ৰথম লগ পাওঁতেই কোৱা এষাৰ কথা... "তুমি মোৰ প্ৰথম নহয়... শেষ ভালপোৱা" Happy birthday... My dearest kaberi ll

✍️ তৃষ্ণা বৰা l
      অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট l

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)