হৃদয়
আশাকৰোঁ তুমি কুশলে আছা । আমাৰ ঘৰতো সকলোৰে ভালেই । তুমি হয়তো ভাবিছা, এজনীয়ে আকৌ চিঠি দিছে যে ? ইমান দামি এটা মোবাইল ফোন দিয়াৰ পিছতো,সদায় ফোনত কথা পতাৰ পিছতো যে মোলৈ আকৌ চিঠি লিখিছে ? আচলতে কি জানা,চিঠি লিখা বা পঢ়াৰ মাদকতাই বেলেগ। মনত পৰেনে আমি যে সেই দিনবোৰত ডাকোৱালে চিঠি লৈ আহিলে কি যে স্ফূৰ্টি পাইছিলোঁ ,ডাকোৱালৰ চাইকেলৰ বেল বজাকে কাণত বাজি থাকিছিল ।কি যে কৈছোঁ ন? কিন্তু কৈ ভাল লাগে দেখোন ।বাৰু সেইবোৰ থাকক দিয়া ।আন্তঃজিলা বন্ধ হোৱাৰ বাবে তুমি ইমান দিনে ঘৰ আহিবই পৰা নাই , তোমাক কথাবোৰ ক'বলৈ কিবা মনটো উচপিচ লাগি থাকে ।
জানানে আহাৰ মাহ যে ? শুৱাৰ পৰা উঠাৰ আগতেই পথাৰত মানুহৰ মাত শুনোঁ। খিৰিকী খুলি দিলেই হালবোৱা, কঠীয়া তোলা দৃশ্য দেখি মনটো ভৰি যায়।হালবোৱা পথাৰত বগা বগলীৰ জাকটো দেখিলে বৰ ভাল লাগে জানানে ? পথাৰ খন ঘৰৰ কাষতে হোৱাৰ বাবে এই দৃশ্য বোৰ দেখিবলৈ পাওঁ । তুমি অহা হ'লে তোমাৰ লগতে গৈ পথাৰৰ বোকাত নামি পৰিলোঁ হয় কিন্তু মায়ে যাবলৈ নিদিয়ে ।কি কয় জানা,তোমাৰ লগত পথাৰলৈ যোৱাটো বেলেগ কথা বোলে।
অ'ই শুনাচোন বৰ ভাল কথা জানানে-- চৰকাৰে এইবাৰ বাজেটত এটা সিদ্ধান্ত লৈছে যে চৰকাৰী খণ্ডৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব পৰাকৈ স্মাৰ্ট ফোন প্ৰদান কৰিব তেওঁলোকক।বৰ ভাল কথা জানা, গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকল অনলাইন শিক্ষাৰ পৰা বঞ্চিত আছিল, এতিয়া তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। কেতিয়ানো ভাল দিন আহে আৰু --।
এইবাৰ তিনিজনী হাঁহ উমণিত বহিছিল,২৫ টা পোৱালি হৈছে।হাঁহৰ গঁৰালটো খুলি দিলে মনটো ভৰি পৰে।আমাৰ ঘৰৰ প্ৰায় ৬বিঘা মান মাটি ৰোৱা হৈ গ'ল ।তুমি সুবিধা কৰিব পাৰা নেকি চাবাচোন, তুমি আহিলে দুয়ো পথাৰলৈ যাম । আৰু নো কি লিখিম।ফোনতটো প্ৰায় বোৰ বাৰ্তা জনাই থাকোঁৱেই।বাৰু বহুত বহুত মৰমেৰে আজিলৈ থাকক ।
ইতি
তোমাৰেই
হিয়া
✍️জিতা মনি শৰ্মা
কলিয়াবৰ, জখলাবন্ধা,
নগাঁও
বৰ ভাল লাগিল পঢ়ি চিঠিখন 👏 ।
ReplyDelete