- ১৬৭৮ -চনৰ আজিৰ দিনটোতে ছত্ৰপতি শিৱাজী মহাৰাজে ভেলুৰ দূৰ্গ বিজয়ী হয়।
- ১৮৯৪ -চনৰ আজিৰ দিনটোতে ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়।
- ১৯৪৭ -চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।
- ১৯৫৫ -চনৰ আজিৰ দিনটোতে "কাবুলীৱালাৰ বাঙালী বৌ", অসমীয়া অনুবাদ — ‘‘কাবুলীৱালাৰ বঙালী স্ত্ৰী’’ নামৰ বিখ্যাত স্মৃতি কাহিনীৰ লেখিকা সুস্মিতা বেনাৰ্জী বন্দোপাধ্যায় (পিছলৈ —ছৈয়দা কমলা) ভাৰতৰ পৰা আফগানিস্তানলৈ বিবাহসূত্ৰে স্থানান্তিৰত হোৱাৰ পিছত সেই অঞ্চলত তেওঁৰ সমাজসেৱা, অথবা তেওঁৰ ভাৰতীয় পৰিচয়ৰ বাবে তেওঁৰ বিৰুদ্ধে তালিবানে এক ফটোৱা জাৰি কৰিছিল আৰু ১৯৯৫ চনৰ আজিৰ তাৰিখতে তেওঁৰ মৃত্যুদণ্ডৰ দিন স্থিৰ কৰা হৈছিল।
- ১৯৭২ -চনৰ আজিৰ দিনটোতে মানৱহীন মহাকাশযান ‘‘ভেনেৰা—৮’’এ শুক্ৰগ্ৰহত অৱতৰণ কৰিছিল।
- ১৯৮১ -চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ভু-স্থিৰ কৃত্ৰিম উপগ্ৰহ (ইং: geo-stationary satellite) 'এপল' (ইং: APPLE) কাৰ্যক্ষম হয়।
- ১৯৮৮ -চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশযান ‘‘ইনছাট—১ চি’’ক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।
- ১৯৯৯ -চনৰ আজিৰ দিনটোতে মহাকাশত স্থাপন কৰা হৈছিল বিশ্বৰ সৰ্ববৃহত্ টেলিস্কোপ 'চন্দ্ৰ'।
- ২০০৩ -চনৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হয়। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.২।
২২ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো
July 22, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ