দুটি প্ৰাণীৰ মাজত,
দুখন অচিনাকি হৃদয়ত
অংকুৰিত হয় নতুন বীজৰ
ভালপোৱাৰ বীজ,
ইজনে সিজনক ভালপোৱা
নেদেখাকৈ থাকিব নোৱাৰা।
এটি মধুৰ সম্পৰ্ক ।
বিশ্বাসক আগত ৰাখি
প্ৰাণ ঢালি দুয়ো জনে
নিজৰ প্ৰেমক।
এনে লাগে
বিশ্বাসে যেন জীয়াই
ৰাখে সম্পৰ্কক,
বিশ্বাসে কঢ়িয়াই লৈ যায়।
এখন নেদেখা নদীৰ সিপাৰলৈ
য'ত পায় দুয়ো কেৱল
সুখ আৰু সুখৰ সম্ভাৰ
এনেদৰে জীপাল হয়
সম্পৰ্কৰ আৰু সৃষ্টি হয়
এটা নতুন পৰিচয়ৰ ।।
✍️ হুমায়ুন কবীৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ