নদীৰ দৰে-বাণীকান্ত লহকৰ

©Admin
0
নদীয়ে কেতিয়াও উভতি ব'বলৈ নিশিকিলে
যিমান জোৱাৰ আহিলেও
নদীৰ মাত্ৰ এটাই গান
দিন-ৰাতি তাকে আওৰাই।

কেতিয়াও সুৰত আউল নলগা
নদীবোৰ সাগৰৰ প্ৰেমিক
অকল সাগৰৰ বাবেই গায়
যদিও জানে 
সাগৰত নদীৰ অস্তিত্ব নাই।

মিঠামুখীয়া নদীবোৰ সাগৰ পালেই
মুখ বন্ধ কৰি
সাগৰৰ লৱণযুক্ত জিভাত লীন যায়।

তথাপি কোনোদিন বিদ্ৰোহ কৰি
সাগৰক সোধা নাই
আমাক মাৰি এইয়া কি ৰূপ লʼলা তুমি.. ?
আমাক মৰমতে মুখত আঁকোৱালি লোৱা কোনোৱেই
তোমাক কিয় মুখত লʼব নোৱাৰে ?

✍🏻বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)