পৈশাচিক পৌঢ় কামনাৰ শালত
পেৰি পেৰি ৰস শুহিছিল
তেতিয়া ঈশ্বৰ, খোদা বা আল্লা
কোনো নাছিল
হয়তো বনবাসত আছিল ......
আৰু তেতিয়া তাইৰ যন্ত্ৰণাৰ ধুমুহাত
পৃথিৱীখন তচনচ হৈ পৰোঁতেও
ঈশ্বৰ, খোদা বা আল্লাই
একোৱেই শুনা নাছিল
হয়তো শান্তিৰ হকে ধ্যানমগ্ন আছিল ......
আৰু যেতিয়া তাইৰ যন্ত্ৰণাৰ
কুমাৰী মধুপৰ্কখিনি গোগ্ৰাসে গিলি
উগাৰি উগাৰি মৰাপাতডৰাৰ মাজলৈ
কলংকৃত কৰা কাঁচিজোনজনী দলিয়াই দি
জীৱ শ্ৰেষ্ঠ বুলি গৌৰৱ কৰিছিল
তেতিয়াও ঈশ্বৰ খোদা বা আল্লা
কোনেও প্ৰত্যক্ষ কৰাই নাছিল
হয়তো কামনাৰ ভোগ্য- দ্ৰব্য সৃষ্টিত
বৰকৈ ব্যস্ত আছিল ......
বিচাৰ হোৱাৰ দৰেই
পৰম্পৰাৰ বিচাৰত পৌঢ় পৈশাচিকক
পোতাশালত ৰাখোতেও
ঈশ্বৰ খোদা বা আল্লা কোনো নাছিল
আৰু এদিন পৰম্পৰা অনুকম্পাত
তাক পোতাশালৰ পৰা ৰেহাই দিওঁতে
তেতিয়াও ঈশ্বৰ খোদা বা আল্লাই
মানৱতাৰ পাঠ পঢ়ুৱাই আছিল
কিন্তু তেতিয়াও কাঁচিজোনজনীৰ
ধৰ্ষণ-হত্যাৰ যন্ত্ৰণাকাতৰ আত্মাৰ উচুপনিয়ে
সভ্যৰ মগজুত এধানিও দংশন
কৰিব পৰা নাছিল ......
✍️দুৰ্লভ বৰুৱা,
গুৱাহাটী ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ