কোনে কৈছে মই অকলশৰীয়া বুলি
মই অকলশৰীয়া নহয়,
ক’লা কলমেদি নিগৰা নীলা চিয়াঁহীৰ
এটা এটা শব্দ মোৰ লগৰী।
কোনোবা আহিছে,কোনোবা আঁতৰি গৈছে
কোনোবাই আকৌ অভিমান কৰি বহি আছে
কিন্তু নিসংগতাক দূৰ কৰি
আপোন কৰি লৈছো বগা কাগজৰ এই শব্দবোৰক।।
উকা কাগজৰ এই শব্দবোৰেই মোৰ প্ৰিয়
এই শব্দবোৰে কেৱল সৃষ্টি কৰি যায়
নয়ন জপাই তুমি অনুভৱ কৰা
এই শব্দবোৰেই তোমাৰ সন্মুখত
জয়ৰ গান গায়।
সেয়েহে মই অকলশৰীয়া নহয়।।
✍️বৰষা বৰা
নগাঁও