মদ্যপান:এক সামাজিক ব্যাধি-চিন্ময় ডেকা

মাদকদ্ৰৱ্যৰ ব্যৱহাৰ সমাজত এক ব্যাধিৰূপে দেখা দিছে ৷ বৰ্তমান সময়ত সমাজত বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান দ্ৰব্য সেৱন কৰিবলৈ লৈছে, যাৰ ফলশ্রুতিত মানুহে নিজকে পাহৰি যায় আৰু কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়৷ মানুহৰ জীৱনত এই বস্তুবোৰে ক’ব নোৱাৰাকৈয়ে অপকাৰ সাধন কৰে৷ বাতৰিকাকতৰ পৃষ্ঠা আৰু টিভিৰ পৰ্দা নিৰীক্ষণ কৰিলে দেখিবলৈ পোৱা যায় বিশেষকৈ চহৰ-নগৰ, গাঁৱে-ভূঞে যেন নানা অশান্তি। চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, বলাৎকাৰ, যৌন নির্যাতন, অপহৰণ, উগ্ৰবাদ, প্ৰৱঞ্চনা, দুৰ্ঘটনা আদিৰ বাহিৰেও নানা ৰোগ-ব্যাধিয়ে সৰ্বসাধৰণক জুৰুলা-জুৰুলি পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিয়া-সবাহ, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, বনভোজস্থলী আদিত সঘনে ঘটি থকা ঘটনাবোৰ সকলোৱে দেখি বা শুনি আহিছো আনকি গাড়ী, মটৰ, ৰে’ল আদিৰ ভ্ৰমণো ভয় আৰু শংকাৰ পৰা আজিৰ দিনত আমি সম্পূৰ্ণ মুক্ত নহয়। বিশেষকৈ নাৰীৰ কথা নকওঁৱেই সকলোৱে অৱগত। সমাজত নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্যসমূহ অবাধ প্ৰচলন ঘটা নাইবা এইবোৰৰ নিয়ন্ত্ৰণ নোহোৱাটোৱেই ইয়াৰ একমাত্ৰ কাৰণ। নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য বুলিলে সাধাৰণতে মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, পানমছলা, গুট্‌খা আৰু হেৰ’ইন আদি দ্ৰব্যসমূহক বুজায়। আমি সকলোৱে দেখি উপলব্ধি কৰিব পাৰোঁ-এই দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ শৰীৰিক, মানসিক ক্ষতি আৰু সামাজিক জীৱনত ঘটা বিশৃংখলতাই কি ইংগিত বহন কৰে। কিন্তু এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক আৰু মধ্য বয়সত ই কিমান ধৰণৰ কঠিন ৰোগৰ সৃষ্টি কৰিব পাৰে, সেৱনকাৰীসকলে  প্ৰথমতে এইটো উপলব্ধি কৰিব নোৱাৰে। অথবা কোনো কোনোৰ ক্ষেত্ৰত ই উপলব্ধি হ’লেও ইয়াক সেৱন কৰাৰ পিছত সহজে ত্যাগ কৰিব নোৱাৰে।
আমি সকলোৱে জানো যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰ মাজত মানুহেই শ্ৰেষ্ঠ। জ্ঞান, বুদ্ধিৰ বলত মানুহে আজি যি অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে, ই কল্পনাৰো অতীত। এইখন সমাজতে মহামানৱৰ জন্ম হৈছে, কবি, সাহিত্যিক, দাৰ্শনিক, বিজ্ঞানীৰ আৱিৰ্ভাৱ ঘটিছে। সমগ্ৰ মানৱ জাতিৰ পক্ষে এইটো গৌৰৱ। কিন্তু এইখন সমাজতে আকৌ বিভিন্ন লোমহৰ্ষক ঘটনা আৰু বিভিন্ন অসামাজিক কাৰ্য সংঘটিত হোৱাটো আমাৰ বাবে অগৌৰৱ নহয়নে? এই বিষয়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দৃঢ়তাৰে ক’ব পাৰি। সাম্প্ৰতিক কালত নানা লোমহৰ্ষক ঘটনাৰ লগত বিভিন্ন অসামাজিক কাৰ্যৰ মাত্ৰা যিটো হাৰত সমাজত বৃদ্ধি পাইছে; একেদৰে কৰ্কট ৰোগৰ দৰে বিভিন্ন প্ৰাণসংহাৰী ৰোগৰ প্ৰকোপ সমাজত দ্ৰুতগতিত বাঢ়িছে। অসামাজিক কাৰ্যবোৰ প্ৰতিহত কৰাৰ কাৰণে যিদৰে সামাজিক আৰু কঠোৰ আইনগতভাৱে শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে; একেদৰে বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হৈ বহুতৰে ধন-জনৰ ক্ষতি হৈছে। চুৰি-ডকাইতিকে ধৰি সমাজত যিমানবোৰ লোমহৰ্ষক ঘটনা, যান-বাহনৰ দুৰ্ঘটনা আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈছে এনে ধৰণৰ অধিকাংশ ঘটনা নিচাযুক্ত দ্ৰব্যৰ নিয়ন্ত্ৰণ নোহোৱাটোৱেই একমাত্ৰ কাৰণ বুলিব পাৰি। কিয়নো, ব্যক্তিগতভাৱে প্ৰত্যক্ষ হোৱা প্ৰামাণিক তথ্যৰ পৰাহে এনে উক্তি ব্যক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও শৰীৰৰ বিভিন্ন স্থানত হোৱা কৰ্কট ৰোগকে ধৰি যিবোৰ ৰোগ বিভিন্ন চিকিৎসাৰ দ্বাৰা আৰোগ্য সম্ভৱ নহয়, ইয়াৰে অধিকাংশ ৰোগ নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰিণতি বুলিব পাৰি। কাৰণ, চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীৰ তথ্যৰ দ্বাৰাই ই প্ৰমাণিত হয়।
বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক ভয়াবহ সংকট বুলিব পাৰি। কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰুপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱ নহয়। প্ৰচলিত নিচাযুক্ত দ্ৰব্যৰ ভিতৰত মদ এবিধ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। অকল শাৰীৰিকেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও ই পৰিপন্থী। মদ  পান কৰিলে সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত বিশৃংখল ঘটে আৰু ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। এইবিধ দ্ৰব্য দীৰ্ঘদিন সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰি হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ ছিৰ’ছিছ’ নামৰ কঠিন ৰোগ মদ পানৰ পৰা সৃষ্টি হোৱা দেখা যায়। সমগ্ৰ দেশৰ ভিতৰতে আমাৰ ৰাজ্যত কৰ্কট আৰু আন কঠিন ৰোগৰ প্ৰকোপ সৰ্বাধিক। মদ্যপানৰ লগত মাত্ৰাধিক মাংস ভোজন আৰু অন্যান্য নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য সেৱন ইয়াৰ একমাত্ৰ কাৰণ। অকল ৰোগ সৃষ্টিয়েই নহয়, আগতে উল্লেখ কৰি অহা ঘটনা, দুৰ্ঘটনা, অসামাজিক কাৰ্যৰ অধিকাংশই ইয়াৰে পৰিণতি। ইয়াক প্ৰতিৰোধ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে সকলো ধৰণৰ নিচযুক্ত বা ৰাগিয়াল দ্ৰব্যবোৰ নিয়ন্ত্ৰণ কৰাটো বাঞ্চনীয়। অন্যথা সমাজ-সংস্কৃতিৰ প্ৰতি অগাধ অৱনতি ঘটিবলৈ বেছি সময় নালাগিব, সজাগ হৈ এই ৰাগিয়াল দ্ৰব্যৰ সেৱনৰ পৰা নিজক বছাই ৰাখিবলৈ যুৱপ্ৰজন্ম‌ই নিজে প্ৰচেষ্টা হাতত ল'ব লাগিব। নহ'লে ভৱিষ্যৎ বিপদাপন্ন।

✍️চিন্ময় ডেকা, টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send