সেউজীয়াবোৰ সোণালী হ'ব-লক্ষিমী বৰা শইকীয়া

পথাৰখন ভৰি পৰিছে পৰিচিত শব্দই
হু হু ওহ ওহ ঘূৰ ঘূৰ... গাতে ঘূৰ শব্দই...।
যাওঁ নাযাওঁকৈ যোৱাটোৰ গাত পৰে 
 মাখিও নমৰা চাপৰ...।

মৈ দিয়াই মৈ দিলে ,
আলি দিয়াই আলি দিলে ,
বোকা দিয়াই বোকা দিলে।
 
বোকাৰ গোন্ধই...
শাওণৰ বতৰা বিয়পালে ।
জাক জাক ৰোৱণী ওলাই আহি
শাওণৰ গীত জুৰি পথাৰ শুৱনি কৰিলে।
আলফুলীয়া কঠীয়াবোৰ কোমল হাতেৰে লৈ
নিমিষতে পথাৰৰ বোকা ৰং সলনি কৰি
সেউজী কৰিলে।

দূৰৈৰ পৰা এটাই ৰিঙিয়াই,
"কেইজনী আহিছহঁত ঐ... ?"

সিহঁতৰ খিলখিল হাঁহিৰ শব্দই ,
কাষৰীয়া পথাৰৰ হালোৱাৰ মনো ৰঙীন কৰিলে।
কলা-ফুলত লগা ক'লা ঘাঁহ পাতটোক দেখুৱাই 
"জোক ঐ" বুলি ৰগৰ কৰিলে,
সেইজনীয়ে ভয়ত আটাহ পাৰি বোকাতে জঁপিয়ালে।
কোনোজনীয়ে আকৌ ,
খোঁচনিৰ তামোলখনত আপোনজনলৈ 
আদৰ ভৰাই আনিলে।

গোপন হৈ থকা কথা গোপনে ৰাখিব নোৱাৰি
লাজতে মুখ ঢাকিলে।
"মাঘলৈ ৰ'বি নে আঘোণতে যাবি ঐ লাহৰী" বুলি
কঠীয়া ভাৰ আনোতাই ভাৰটো আলিতে থৈ 
ৰোৱণীৰ ফালে চাই চহা গীতৰ সুৰ তুলিলে...।

শাওণৰ পথাৰৰ মাজত ধেমালিৰ চলেৰে ,
চহা জীৱনৰ ৰঙীন সপোন দেখিলে ,
সেউজীয়াবোৰ সোণালী হ'ব ,
চহাৰ সুখবোৰ ভৰি পৰিব।

এইয়াই যে শাওণ তোক ,মোক , সকলোৰে মনত
সপোন দেখুওৱা শাওণ।


✍🏻লক্ষিমী বৰা শইকীয়া।
গড়মূৰ,মাজুলী।

Post a Comment

Previous Post Next Post