পৰিৱৰ্তন হ'ল মন,
পৰিৱৰ্তন হ'ল পৰিস্থিতি,
এই পৰিৱৰ্তিত সময়ৰ
এখনি বিষাদ ভৰা চিঠি ।
শব্দ বিহীন , ভাষাহীন!
কেৱল মাথোঁ,
মোৰ অভিনৱ
জীৱন যন্ত্রণাৰ
দ্ৰুত স্পন্দন!
এপিঠিত চাই দেখা পাওঁ
জীয়াই থকাৰ অমোঘ মন্ত্ৰ,
সিপিঠিত চাই দেখা পাওঁ
জীৱন বাটৰ যুদ্ধ...।
চিঠি...,
এখনি বিষাদ ভৰা চিঠি
হঠাৎ ঘড়ীটোলৈ
চকু পৰিল...
এতিয়া নিশা ১২ বাজিছে,
চৌদিশে নিৰ্জন-নিস্তব্ধ পৰিৱেশ...
ৰাজপথতটো কাৰো চিন-চাব নাই;
শুই পৰিছে সকলো ।
শব্দহীন প্ৰতিটো ক্ষণ,
প্রতিটো মূহুর্ত ।
এই দুপৰ নিশা বিষাদবোৰে যেন
মোক গ্ৰাস কৰিব ধৰিছে...
উস্,কিযে কষ্টকৰ,
কিযে হৃদয় বিদাৰক...
হৃদয় খন বনপোৰা জুইৰ দৰে
দপ্-দপ্ কৈ জ্বলিব ধৰিছে ।
হেৰাই গ'ল
তাহানিৰ সময় আৰু
হেৰাই গ'ল বিশ্বাস;
তাহানিৰ, মুখা পিন্ধি
বিশ্বাসৰ পাত্র হ'ব বিচৰা;
মানুহৰ প্ৰতিছব্বিটো চকুৰ আগত
জল্ জল্
পট্ পট্ কৈ
ওলাব ধৰিছে ...।
উস্,অসহ্য লাগিছে
নিজৰ ওপৰতেই নিজৰ
খং উঠিব ধৰিছে,
নম্ৰতা,ভদ্রতা,সাধুতা
আৰু মোৰ বিশ্বাসৰ পাত্র বুলি
মুখা পিন্ধি থকা
মানুহবোৰক
চিনি পাবলৈ,
ইমান পৰ লাগিলেনে মোৰ... ?
ধেৎ... কি যে মানে... ;
এইবোৰ ভাবি থাকোঁতেই
দেখো ঘড়ীৰ কাটাকেইডাল
৩ বজাৰ কাষ চাপিছে...
ৰাতিপুৱাবলৈ আৰু
বেছি পৰ নাই...।
এতিয়া আকৌ
হঠাতে,
চিগাৰেটৰ ধোঁৱাৰ দৰে
বিষাদ বোৰ;
মোৰ মন-মগজুৰ পৰা
উৰি গৈছে।
এতিয়াহে এটি স্বস্তিৰ,
উশাহ ল'ব পাৰিছো।
ৰণত পৰাজয়ৰ মুখ দেখাৰ পিছতো
সাহসেৰে সংগ্রাম কৰি
জয়ী হৈ অহা সৈনিকৰ দৰে,
নিজক লৈ নিজে
গৰ্ব অনুভৱ কৰিছো ।
নিজৰ মনতেই
এনে ভাব উন্মেষিত হৈছে
আৰু প্রতিজ্ঞাবদ্ধ হৈছো-
"দুৰ্বল নহও মই কদাপি
পৰাজয়ৰ মুখ দেখাৰ পিছতো
মই যাম আগবাঢ়ি
জীৱন কেৱল নহয় এটি যাত্রা
ইয়ো হয় এক ৰণ
জীৱন ৰণত জয়ী হ'ম বুলি
গঢ়িলো এটি সুদৃঢ় মন..." ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ