বেগম - জান ০৩ | উৎপল মৰাং



            --পাছদিনা ৰাতিপুৱা শুই উঠিয়েই আজাদে অৰ্পনাৰ দেউতাকলৈ ফোন কৰিলে।৫ ৬ বাৰ মান কৰিলে কিন্তু দেউতাকে ফোন নধৰিলে।সি আকৌ এবাৰ কৰিলে।এইবাৰ দেউতাকে ৰিচিভ কৰি খং কৰাৰ দৰে মাতিলে-
:হেল্ল,
--বহুত সময় আজাদ আৰু অৰ্পনাৰ দেউতাকে কথা পাতিলে।
      পাছত---
:আজি কলেজত তাইক বহুত কথা ক'বলৈ আছে,বহুত সুধিবলৈও আছে।মোৰ মনত থকা সকলো কথা তাইক খুলি ক'ব লাগিব।তাই মোৰ লগত ফুৰে,বহুত কথা পাতে নিশ্চয় তাইয়ো মোক বহুত ভালপাই।কিন্তু তাই কিয় কালি এনেকুৱা কৰিলে বুজা নাই মই।নাই নাই এইটোও হ'ব পাৰে তাই মোবাইল লোৱাই নাই।হয়তো দেউতাকে তাইক মোবাইল দিয়াই নাই।যদি তাই কৰিছে।এএএএএ....এইবোৰ বৰ খেলিমেলি।মইনো কিয় তাইলৈ ইমানকৈ ফোন কৰি আছোঁ।কিয় জানো ইমানকৈ তাইক সুধিবলৈ মন গৈছে মোক বহুত ভালপোৱা  বুলি।কলেজতো যিবোৰহে লগৰ আছে,সিহঁতৰ আগত সুধিবলৈ গ'লেতো সকলোবোৰ কথা চাল্লা সাংবাদিকৰ দৰে প্ৰচাৰ কৰিহে এৰে।
---এইবোৰ ভাবি থাকোতে কেতিয়া ৮ বাজিলে গমেই নেপালে।
:অ..৮ বাজিলে দেখোন।
----মাকক চিঞঁৰি সি মোবাইলটো হাতত লৈ আজিৰ ক্লাছৰ ৰোটিনখন চালে।
:অ...আজি ক্লাছ ১০ বজাৰ পৰা আছে।
---মাকক আকৌ চিঞঁৰিলে।
:আম্মি জান।
---নাই মাকে শুনা নাই।
---সি মাকৰ ওচৰলৈ গ'ল আৰু মাকক সাবতি ধৰিলে----
:আচ্ছালাম ৱালিকুম আম্মি জান।
:ৱালিকুম আচ্ছালাম বেটা।
:চাওঁ চোন আজি মোৰ বুঢ়ী জনীয়ে কি বনাইছে।
---গোন্ধতো লৈ।
:ৱাওও....
:তুমি ভালপোৱা চিক্কেন ফ্ৰাইড ৰাইচ বনাইছো বেটা।
:দিয়া দিয়া।
:লেতেৰাটো যোৱা গা ধোৱাগৈ,মই বাঢ়ি দিম যোৱা।
:মোক কিন্তু সৰহকে লাগিব।
:খাবা খাবা বেটা।
:আব্বা কলৈ গ'ল?
:আব্বা অলপ উলাই গৈছে।
:অ...আম্মি তুমি বাঢ়ি দিয়া মই আহিলো হা।
---এইবুলি কৈ সি গা ধুবলৈ গুটি গ'ল।
     কিছু সময়ৰ পাছত খায়-বয় সি বাইকখন লৈ কলেজলৈ ওলাই গ'ল আৰু কলেজত পাই বাইকখন পাৰ্কিং কৰি কলেজলৈ সুমায়েই দেখিলে যে অৰ্পনাই গছজোপাৰ তলতে বহি আছে।সিও ওচৰেদিয়ে পাৰ হৈ যাবলৈ বিচাৰিলে কিন্তু অৰ্পনাই তাক মাত লগালে।
:হেল্ল'
---কিন্তু আজাদে শুনিও তাইৰ কথাত গুৰুত্ব নিদিয়াকৈ গুচি যাব ধৰিলে।অৰ্পনাও তাৰ পাছে পাছে তাক মাতি মাতি গৈ আছিল কিন্তু সি একো নমতাকৈ ক্লাছ ৰূমৰ ফালে গুচি গ'ল।অৰ্পনাও গৈ গৈ আজাদলৈ চাই চাই একে ঠাইতে ৰৈ গ'ল।
:কিয় মোক সি মতা নাই।আগতেতো মোক দেখিলেই কাষলৈ অহা ল'ৰাজন কিয় আজি মোৰ পৰা আঁতৰি গৈছে।সি কালি দেউতালৈ ফোন কৰিছিল নেকি বাৰু।যদি কৰিছিল দেউতাই যদি তাক গালি পাৰিলে,যদি তাক মোৰ পৰা আঁতৰি যাবলৈ কৈছে।কি হ'ব মোৰ!কেনেকৈ তাক এৰি থাকিম।কথাবোৰ ভাবি ভাবি তাই ছাত্ৰী জিৰণী কোঠাটোৰ ফালে গুচি গ'ল।


    অৰ্পনাই ভবাৰ দৰে আজাদে তেনেকৈ সঁচাকৈ কৰিছে নেকি?অৰ্পনাই তাইৰ প্ৰশ্নবোৰৰ উত্তৰ পাব নে?
জানিবলৈ অহা খণ্ডলৈ অপেক্ষা কৰক।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send