আপদীয়া পদ্য-প্ৰতীম শইকীয়া

Unknown
0
                    (১)
ইয়াতেই পাবা ভুৱা ডাক্তৰ,দণ্ডাধীশো ভুৱা,
পলকতে প্ৰশাসন যন্ত্ৰটোকে ভৰাই আভুৱা।
কালৰো বেয়া কাল
চিকুটে নিজৰ গাল
নীলা শিয়ালৰ ৰূপ লয়গৈ দিব নাজানি হোৱা ৷

           (২)           
ৰণত পৰিল ৰণুৱা তেজী ঘোঁৰা
খেনোৰ লৰিল কঁকালৰ জোৰা
সপোন পৰিল সৰি
মন প্ৰাণ গ’ল মৰি
ফোঁচফোচনি বাঢ়িল সাপ যেন ঢোঁৰা ৷

             (৩)
ক’ভিড ভেকচিন ল’বলৈ পাতিলোঁ শাৰী,
এজনে ক’লে দুভাগ হৈ দিয়ক পুৰুষ নাৰী।
কথামতেই  হ’ল কাম
ৰৈ আছোঁ অহালৈ নাম
খেলি মেলি লগালে আহিহে পুলিচৰ গাড়ী ৷

             (৩)
বোৱাৰীয়ে ক’লে আজি কিনো হ’ল আই
টানি টানি মচোঁতেও মজিয়া শুকুৱা নাই
ওলায়ে আছে বৰ পানী
শেষ হ’লগৈ শোটাকানি
নেদেখাজনৰ কিবাকৈ লাগিলেনেকি দায় ৷

✍️প্ৰতীম শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)