মোৰ অনুতপ্তৰ নাম প্ৰতিবাদ
মোৰ কোনো আকাৰ নাই
মোৰ কোনো বৰণ নাই,
মোৰ কোনো সাজ নাই
মোৰ কোনো ধৰ্ম্ম নাই
মোৰ প্ৰতিবাদ গণতন্ত্ৰৰ,
মোৰ প্ৰতিবাদে মোৰ আঙুলিত পিৰপিৰাই
য'ত ভুল,অন্যায়,অবিচাৰত ।
মোৰ মন-মগজুই স্বীকাৰ কৰে
জনগনই য'ত বিন্দু হৈ মাত মাতে
কাৰণ তাতেই মই সপোন সজাওঁ
নাম যাৰ প্ৰতিবাদী ,
মই যেতিয়া চিঞৰ মুখি হৈ পৰো
অৱগুণ্ঠ আঁতৰাই আইয়ে হিয়া ঢকিয়াই কান্দে
যাৰ নাম প্ৰতিবাদী ।
প্ৰতিবাদেৰে আজুৰি আনিম
বিশ্বৰ বিজয়িনী শক্তি
মোৰ কণ্ঠ সত্বাই জিনিব আকাশ
পাতিম অকৃত্ৰিম সুখৰ উৎসৱ
মই যুঁজি যুঁজি জীয়াই থাকিম।