হাঁহি-আব্দুল হাই

পংখী মৰাণ
0
হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে
চাবলৈ হাঁহিটি তোমাৰ।
হুঁটা-মুটাকৈ কিবা বুলি কিবা কোৱা
মিঠা মাত কোমল মুখৰ।

মেলি দিছ সঁফুৰাটি মোহিনী কন্ঠৰ
শুনো নীৰৱে বহি।
শোক-দুখ সকলো পাহৰি চাওঁ
তোমাৰ ওঁঠৰ হাঁহি।

মাতা যদি হাঁহি মুখেৰে নিচেই ওচৰত
কুলিৰ মাতত।
সিঁচৰিত হোৱা তোমাৰ মোহনীয়া হাঁহিটি
বাজি উঠে হৃদয়ৰ মাজত।

কুলিয়ে মাতে ফুলে বনৰীয়া ফুল
চাওঁ বহি বহি।
ফুলৰ সুগন্ধিয়ে মিলি বিলাই তোমাৰ
মিহি ওঁঠৰ হাঁহি।

মোৰ শুকান হিয়া আৰু শুকান দুটি ওঁঠ
জীপাল হৈ উঠে তোমাৰ হাঁহিত।
হৃদয়ৰ শুদা পাত্ৰখনি হাঁহিৰে দিয়া পুৰি
তোমাৰ মিহি ওঁঠৰ হাঁহিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)