মৃত্যু হ'ব যিদিনা-চিন্ময় ডেকা

©Admin
0
মোৰ মৃত্যু হ'ব যিদিনা
সকলোৱে চকুলো টুকিব!
বেদনাৰে ভৰা অশ্রুৰ চকুলো নিগৰি পৰিব
নানা ভাল-বেয়া আলোচনা কৰিব
মৰ্মাহত হ'ব, সময়ত সকলো আত্মীয়-কুটুম্ব।
দিক-বিদিক হেৰুৱাই ,
কান্দোনৰ জোঁৱাৰ উঠিব!
নাই কাৰোৰে সাহস, ধৰি ৰাখিব।
মৃত্যু চিৰসত্য, ই জানো শিল্প হ'ব পাৰে?
জীৱনৰ অন্তিম চিৰশৰ্য্যা!
নাথাকিব মোৰ অকনো জীৱনৰ ঐতিৰ্য্য 
মায়াময় সংসাৰত নূন্যতম একণ মাটিত বিলীন,
মোৰ মৃত দেহৰ সৎকাৰৰ স্থায়িত্ব।
এদিন তাৰো নাথাকিব অস্তিত্ব
জীৱনৰ অক্লান্ত সান্তনাত মই মগ্ন।
কোনেও নুবুজিব মোৰ প্ৰেত-আত্মাৰ কৰুণ বিননি
কান্দোনত ঘুৰি-ফুৰোঁ মই উজাগৰে ৰাতি
হাজাৰ অশ্রুৰ চকুপানী নিগৰি
পুত্ৰ-কন্যায়ো নুবুজিব মোৰ হৃদয়ৰ ;আশাৰ ৰেঙণি
তন্ত্ৰ-মন্ত্ৰ কৰি খেদি পঠিয়াব! এদিন
নাই যে, মোৰ মৃত্যুৰ পিছত আপোন জনৰ সঁহাৰি।
তোমাৰ মৃত্যু হ'ব যিদিনা অনুভৱ কৰিবা সিদিনা?
আপোন জনেই হ'ব পৰ,নিশ্চয় জানিবা। 
নিজস্ব কৰ্মৰ অন্তৰালত স্বৰ্গ, মৰ্ত্য,পাতালত থিতাপি ল'বা।

✍️চিন্ময় ডেকা,টংলা 
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)