শীতল নোহোৱা হ'ল ।
গছজোপা কাটি দিয়াত
চোতালত ছাঁ নপৰা হ'ল ।
এজাক বৰষুণতে ঘৰৰ ভিতৰত
এবুকু পানী হোৱা হ'ল ।
পাহাৰৰ পৰা খহি অহা মাটিয়ে
নৈ, খালবোৰৰ বুকু বাম কৰি গ'ল ।
এতিয়া ঘৰত থাকিলেও
গৰমে দহি নিয়া হ'ল ।
মলয়া বতাহৰ অভাৱত
দেহাটো ভাগৰুৱা হ'ল ।
কেনেকৈ কৰিম বাৰু
দেহাটো আমাৰ শাঁত ?
প্ৰকৃতিৰ পৰা যে
আঁতৰি আহিলো
বহু দীঘল বাট !
✍️মৌচম হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ