জোনাক-কাকলি শৰ্মা

জোনাক অবিহনে 
জীৱন হ'ব পাৰে মধুৰ ,
কৰ্ম ব্যস্ততাৰ মাজতে
বিচাৰি ল'ব খোজো
এলানি আশাৰ সুৰ ।

মিলাই গৈছোঁ
হাঁহিতে হাঁহি
থাউকতে ৰাখি দুখ
জীৱন হ'ব পাৰে যত মধুৰ
একাশৰীয়া মোৰ জোনাক।

জীৱন হ'ব পাৰে মধুৰ
জোনাকো মোৰ বাবে গধুৰ।


✍️কাকলি শৰ্মা বেজবৰুৱা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send