সুখত জিলিকি উঠা মুখৰ হাঁহি
কিমান কাঢ়ি নিবা
আৰুনো কিমান দিবা
চকু পানী বন্ধ নোহোৱা দুখৰ যন্ত্ৰণা ।
ভাগৰি পৰিছোঁ আমি
তুমি শিকোৱা জীৱন মন্ত্ৰ শিকি
অসহায় হৈ পৰিছোঁ আমি
নিজৰ ভুলৰ ত্ৰুটি বিচাৰি ।
চাৰিওফালে যেন কেৱল অন্ধকাৰ
পোহৰৰ মাজতো আকৌ হাহাকাৰ
আশা - নিৰাশাৰ দোমোজাত চলা
সঠিক কি ভাবিব নোৱাৰা
এয়াই নেকি জীয়াই থকা
এক বিশাল প্ৰক্ৰিয়া , হে জীৱন ?