কবি-মৃদুস্মীতা ভাগৱতী

তেওঁ খনিকৰ
শব্দবোৰক গঢ়ে- পিটে ,
কলমেৰে আওঁ‌চে উকা কাগজত 
 শব্দৰ কঠীয়া সিঁচে সাহিত্যৰ পথাৰত ,
এডৰা সোণগুটিয়ে মিচিকিয়ায় 
তেওঁৰ ভঁড়ালত ।
তেওঁৰেই অনুভৱৰ গৰ্ভত জন্ম
এটি এটি কবিতাৰ ।
তেওঁ‌ কবি চিৰ নমস্যৰ ।
                         

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send