তুমি কিয় ইমান অভিমান কৰা-প্রেম বৈষ্ণৱ

©Admin
0
তুমি মোক ভাল পোৱা , 
বহুত ভাল পোৱা তুমি , 
মই জানো, তাত কোনো 
সন্দেহৰ  অৱকাশ নাই ...
তেন্তে কিয় ইমান অভিমান কৰা ? 

তোমাৰ হৃদয় কেৱল 
মোৰ বাবেই স্পন্দিত হয়, 
তুমি মোক কেতিয়াও কোৱা নাই , 
মই কিন্তু সেই হৃদয়ৰ বতৰা ,
বহু আগতেই  বুজিব পাৰিছিলোঁ । 

হৃদয়ত ইমান ভাল পোৱা,
ইমান নিভাঁজ মৰম ...
তথাপিও ইমান ভয়লগাকৈ, 
মোৰ লগত অভিমান কৰিবলৈ 
তোমাৰ অকণো বেয়া নালাগে নে  ?

মোৰ বৰ ভয় লাগে জানা ?
যেতিয়া তুমি সৰু সৰু কথাতে 
কৃত্ৰিম অভিমান কৰি  আঁতৰি যোৱা , 
তেতিয়া বৰ ভয় লাগে জানা  ! 
সঁচাকৈয়ে বৰ ভয় লাগে জানা ।

✍️প্রেম বৈষ্ণৱ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)