লাজ-চুটিগল্প-নয়নমনি দাস

Rinku Rajowar
0
দেউতা মোক কিন্তু এইবাৰ এখন গাড়ী লাগিবই নহ'লে মই আৰু ঘৰত নাথাকো। মোৰ লগৰ আটাইৰে ইমান দামী দামী গাড়ী আছে। মোৰ কি লাজ নালাগে নেকি?সিহঁতৰ দেউতাকহঁতে সিহঁতক যি লাগে তাকে আনি দিয়ে,মোকহে একো নিদিয়া ।মোক কিন্তু এইবাৰ যিকোনো উপায়েৰে এখন গাড়ী লাগিবই।এনেদৰে কৈ প্ৰিন্সে খঙেৰে ঘৰৰ পৰা ওলাই যায়।
        

          প্ৰিন্সে এনেদৰে ওলাই যোৱা দেখি মোহন আৰু মিনতিৰ চিন্তা হ'ল। সিহঁতৰ মনত নানা দুচিন্তাই দেখা দিলে। কাৰণ প্ৰিন্স সিহঁতৰ একমাত্ৰ সন্তান। তাৰ বাহিৰে সিহঁতৰ আৰু কোনো নাই।সিহঁত দুটাৰ জীয়াই থকাৰ একমাত্ৰ সম্বল সি। মোহনে দিন-হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছে আৰু মিনতিয়ে কেতিয়াবা কেতিয়াবা ওচৰ চুবুৰীয়াৰ   ঘৰত কাম কৰি চাউল-কড়ি গোটায়।কিন্তু প্ৰিন্সে এইবোৰ নাজানে বা জানিবলৈ প্ৰয়োজনবোধ নকৰে।


       মিনতি আৰু মোহনে পিৰালীৰ চুকত নীৰৱে বহি  এইবোৰ কথাকে ভাবি আছিল। একমাত্ৰ পুতেকক কেনেদৰে এখন গাড়ী কিনি দিব। এইবাৰ নীৰৱতা ভাঙি মোহনে মাত লগালে,হেৰা শুনিছা,কি কৰিবা!ল'ৰাক হেনো এইবাৰ গাড়ী দিবই লাগিব।নহ'লে সি বুলে লগৰ আটাইৰে আগত লাজ পাব। লগে লগে মিনতিয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে-কি কৰিবা!টকা-পইচাও নাই হাতত। ভাবিছিলোঁ যিকেইটা আছিল সেইকেইটাৰে এইবাৰ ঘৰটোৰ টিং কেইখন সলাম।ৰাতি হ'লে মুধচৰে জোনৰ পোহৰ আহি জোনাকী পৰুৱাৰ দৰে উৰি ফুৰে।বৰষুণ দিলে কাঁহী-বাতি,ঘটি-লোটা ক'ত কি আছে বিচাৰিব লাগে মুধচৰে পৰা পানী ধৰিবলৈ।কিন্তু কি কৰিবা ল'ৰাক যে গাড়ী লাগিবই নহ'লে যে সি লাজ পায়।


       শেষত ধাৰ কৰি ,আনৰ ঘৰত গেৱাৰী খাটি মোহন আৰু মিনতিয়ে গাড়ী কিনি দিলে পুতেকৰ লাজৰ আৱৰণ খুলিবলৈ।গাড়ী পোৱাৰ লাগে লাগে প্ৰিন্স গুৰু-গোঁসাই নমনা হ'ল আৰু উদণ্ড ভাৱে ঘূৰিবলৈ ধৰিলে।লগৰবোৰৰ লগত বাইক ৰেচ খেলে।হঠাৎ এদিন মিনতিহতঁৰ মূৰত যেন সৰগখন ভাঙি পৰিল।খবৰ আহিল পুতেকৰ হেনো বাইক দুৰ্ঘটনাত মৃত্যু হৈছে।


       মিনতিয়ে কি কৰিব কি নকৰিব উপায় নোপোৱা হ'ল।তাই যেন পাগলীৰ দৰে হৈ পৰিল আৰু মোহনৰ বুকুত খামুচি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।পুত্ৰশোকত ম্ৰিয়মান মোহনে ঘৈণীয়েক সান্তনা দিবলৈ প্ৰয়াস কৰিলে।"লাজ!কিযে এটা কঠোৰ শব্দ। সি হেনো লগৰবোৰৰ আগত লাজ পায় তাৰ এখন গাড়ী নোহোৱাৰ বাবে আৰু আমি পুত্ৰস্নেহত মুগ্ধ হৈ তাৰ এই লাজ আঁতৰাবলৈ নিজে বিক্ৰী গ'লো। এতিয়া আমি শেষত কি পালোঁ লাজ , নিজকে বিক্ৰী কৰাৰ, সন্তানক শাসন কৰিব নোৱাৰাৰ"।


       মোহনৰ কথা শুনি মিনতিয়ে কান্দি কান্দি বাউলি হৈ পৰিল আৰু জোৰেৰে চিঞৰি উঠিল "লাজ".....।


  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)