মোহভংগ-ৰুমী কলিতা দত্ত

Unknown
0
জীৱনটো পানীমেটেকা --ওপঙি ওপঙি গৈ থাকে দিকবিদিক হেৰুৱাই ---মালতীও যেন আজি পানীমেটেকা ।
জীৱনৰ ঘাত-প্ৰতিঘাত বোৰে বহু কথাই শিকাই যায় ।
চল্লিছটা ব'হাগ পাৰ নহওঁতেই মালতীৰ বহুবাৰ জীৱনৰ প্ৰতি মোহভংগ  হৈছে ।

মানুহৰ কি বিচিত্ৰ ৰূপ --
"বাহিৰে ৰংচং ভিতৰে যেন  কোৱাভাতুৰি "।
হেৰাই যাব খুজিও মালতীয়ে থমকি ৰয় , জীৱটোক নতুনকৈ গঢ় দিয়াৰ আশাত --।
এটা ভাল কামত মালতীয়ে সদায়  নিজকে উছৰ্গা কৰিব খোঁ‌জে ।
কিন্তু জীৱনৰ  প্ৰতিখন জপনা তাই পাৰ হ'ব নোৱাৰে ---পাৰ ভাঙি  যায় মাথোঁ চকুপানীবোৰে ।
 নিষ্ঠুৰ নিয়তিৰ ওচৰত তাই যেন বাৰে বাৰে হাৰ মানিছে ।
গোটেই জীৱন চেষ্টা কৰিও স্বামীক সৎপথলৈ ঘূৰাই আনিব নোৱাৰা মালতীয়ে নিজৰ সন্তানকনো কেনেকৈ ঘুৰাই আনিব ---।
মদৰ আত্যাচাৰৰ বলি হোৱা ভায়েকৰ জীৱনলৈ কেনেকৈ শান্তি ঘুৰাই আনিব ---মদ্যপানৰ ফলত মৰমিয়াল  নন্দেকৰ  জীৱনত পাৰিবনে কোনোবাই হাঁহি বিৰিঙাব ?
ঘৰৰ কাষৰ মানুহজনীয়ে  সদায় গধুলি  মাতাল  স্বামীৰ চৰ-গোৰ খোৱা জীৱনটো দেখি ,
মালতীৰ  এতিয়া মোহভংগ হৈছে --।
তাই আকৌ ভাবিলে আলফুলীয়া-ফুলকুমলীয়া কেচুৱাকেইটি থকাৰ পিছতো মাকে কেনেকৈ আত্মহত্যা কৰিলে ---?       কিয় কৰিলে--?
 সঁচাকৈ মদৰ বাবে জীৱনবোৰ বিষময় হ'ল-----।
তথাপি চৰকাৰখনে---? ?  ?
????????????????????????????????????

✍️ৰুমী কলিতা দত্ত 
    ২নং কেন্দুগুৰি, ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)