ৰত্নেশ্বৰী আইতা-কিশোৰ কুমাৰ নাথ

Unknown
0
প্ৰায় সন্ধ্যা ভগাৰ সময় হৈছে। শীতকাল। ঘড়ীৰ কাটা দুডালে সম্ভৱতঃ পৃথিৱীৰ লম্ব হৈ অৱতৰণ কৰিছে। চাৰিওফালৰ পৰা পৰিৱেশটো এখন উকা বগা চাদৰৰ দৰে আৱৰিবলৈ ধৰিছে। দুই এপাহ শেৱালিয়ে ভুমুকীয়াইছেই প্ৰায়।

      এৰিচাদৰ খন ভালদৰে মেৰিয়াই ৰত্নেশ্বৰী ঘৰৰ কাষতে থকা জুইশালত বহিলহি । মানুহ গৰাকীৰ এইটো অভ্যাস। শীতৰ দিন আহিলেই গোটেই নিশাটো জুইশালতে কটোৱাৰ মন কৰে। নকৰিবনো কিয় , বয়স প্ৰায় চাৰি কুৰি মান হ'ল। পাৰ হ'ল যদিও কোনে জানে ? ১৯৫০চনৰ ভূমিকম্পত বোলে ৰত্নেশ্বৰী বিয়াত বহিছিল। সেইটো দিশৰ পৰা চালে ৰত্নেশ্বৰীৰ বয়স চাৰি কুৰি হ'বগৈ লাগে। 
এটা সময়ত ৰত্নেশ্বৰী নাম কৰা মহিলা আছিল। কিমান বিয়া সবাহত অকলেই এবাৰো চকুটিপ নমৰাকৈ নাম গাই পাৰ কৰি দিয়ে। উৎসৱ পাৰ্বনত নামত  লাগে বুলি ক'লেই যেন গোটেই অঞ্চলৰ মানুহে প্ৰথমতে ৰত্নেশ্বৰীৰ কথাই কয়। অৱশ্যে এতিয়া তেনে দিন নাই। বয়সে মানুহজনীৰ শৰীৰটো প্ৰায় দুৰ্বল কৰি পেলালে। তাতে খোৱা বোৱাৰ ঠিক নাইকিয়া। কেতিয়াবা যদি মন যায় খাই কেতিয়াবা আকৌ দিনটো একো নুখুৱাকৈয়ে পাৰ কৰি দিয়ে। 
 দিনতেই সৰু সৰু টুকুৰা কৰি থোৱা খৰি কেইডাল জুইশালৰ চৌকাটোলৈ ঠেলি দি ৰত্নেশ্বৰীয়ে যিমান পাৰে দীঘল কৈ উশাহ এটা লৈ ফুকিয়াই দিলে। লগে লগে চৌকাৰ পৰা ধোঁৱা আৰু পুৰণা চাইৰ এটা সৰু দম আহি ৰত্নেশ্বৰীৰ মুখত জোৰেৰে আঘাত কৰিলে। ৰত্নেশ্বৰীৰ চকু জ্বলাপুৰা হৈ চকু পানী নিগৰি আহিল। তথাপিও চেগ বুজি দুই তিনি বাৰ মান ভালকৈ ফুকিয়াই জুই ডাল কোনোমতে উঠাই ললে। চাৰিওফালে ধোঁৱাই আৱৰি পৰিবেশটো ধোঁৱাময় কৰি দিলে। এৰি চাদৰ খন  এখন্তেক আঁতৰাই কাষৰ ৰচি ডালত থৈ শৰীৰটো যিমান পাৰে সেকি আকৌ সেই ঠাইতেই বহি মুখত শংকৰদেৱৰ এটি বৰগীত গুণ গুণাবলৈ ধৰিলে। 

 "আইতা আইতা ........." ভিতৰৰ পৰা নয়ন আৰু নয়না দুয়ো আহি আইতাকৰ ওচৰতে বহিল। বছেৰেকীয়া পৰীক্ষা শেষ কৰি দুয়ো আজৰি হৈ আছে। জুইৰ তাপ লোৱাৰ উদ্দেশ্যে নয়নাই মুৰটো ৰত্নেশ্বৰীৰ গাতে থৈ হাত দুখন জুইৰ ফালে আগুৱাই দিলে। ক্ষন্তেক দুয়ো মৌন হৈ থাকি হঠাতে নয়নে মাত লগালে 
"আইতা সাধু এটা কোৱা না ! বহু দিন শুনা নাই তোমাৰ মুখৰ সাধু । "
নয়নৰ কথাত নয়নাই সমৰ্থন জনাই হাতেৰে আইতাক জোকাৰিবলৈ ধৰিলে। 
কম নহয় ধৈৰ্য্য ধৰ। প্ৰথমতে গা টো গৰম কৰি ল। তাৰ পিছত কম।
আইতাকৰ কথা শুনি নয়না অলপ উদাস হৈ গ'ল,
"হ'ল আমাৰ গা গৰম। তুমি আৰম্ভ কৰা। "
নাতিহতৰ কথা পেলাব নোৱাৰি ৰত্নেশ্বৰীয়ে সাধু ভাবিবলৈ ধৰিলে। 

  "অ' শুন। এখন হাবিত এটা সিংহ আছিল ........"


সাধুৰ মাজতে সাধুৰ চৰিত্ৰবোৰ সিহঁতৰ লগত তুলনা কৰিলে দুয়ো আনন্দত হাত চাপৰি বজাই হাঁহিবলৈ ধৰে । তাতে আকৌ আইতাৰ মুখত।
বহু সময় দুয়ো নিমাত হৈ ৰত্নেশ্বৰী সাধু টো ভালদৰে শুনিলে। আইতাকেও সাধু টো হোৱাই নোহোৱাই দীঘল কৰি অৱশেষত সামৰণি মাৰিলে। 
সাধুটো শেষ হল কি নহ'ল নয়নাই আকৌ চিঞৰি উঠিল। 
আৰু এটা আইতা আৰু এটা। 
আজি আৰু নাই। আজিয়েই যদি সকলো কওঁ কাইলৈ কি কম। এতিয়া তহঁত ভিতৰলৈ যা। মাৰৰ চাগৈ ৰান্ধি হলেই।  
আইতাকৰ কথা শুনি নয়ন আৰু নয়নাই উদাস মনেৰে ভিতৰলৈ বুলি বাট ললে। আইতাকে দুয়োকে পিছফালৰ পৰা অলপ গহীন হৈ চাই ৰল। আকাশৰ পৰা যেন এটুকুৰা কলা ডাৱৰ আহি বুকুত জোৰেৰে খুন্দা মাৰি দিলেহি। লগে লগে ৰত্নেশ্বৰীৰ দুচকুৰ জলধাৰা ববলৈ ধৰিলে।
পৰ্দাখন দাঙি নয়ন আৰু নয়না সোমাই নোযোৱা পর্যন্ত ৰত্নেশ্বৰীয়ে একেথৰে চাই ৰ'ল। 
   টিন বোৰত নিয়ৰৰ টোপালবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব ধৰিছে। একদম শান্তিৰ পৰিবেশ। টিনত পৰা নিয়ৰৰ টোপালবোৰৰ বাহিৰে আৰু একো শব্দৰ অনুভৱ নাই। টিন কেইছলা খহি নপৰাকৈ তমালেৰে বান্ধি থোৱা সৰু সৰু বাঁহ ৰ খুটা কেইটাৰে নিয়ৰৰ পানী কেইটোপাল মান নিগৰি আহি ৰত্নেশ্বৰীৰ গাত পৰিল। ইমান পৰে ভাবত বিভোৰ হৈ থকা ৰত্নেশ্বৰীয়ে হঠাৎ গা টো জোকাৰি দিলে। জুইৰ তাপে গৰম কৰি ৰখা গা টোত এক মুহুৰ্ততে কঁপনি সৃষ্টি কৰিলে। মূৰটো আকৌ জুইৰ দিশলৈ ঘূৰাই ৰত্নেশ্বৰীয়ে হাত দুটা জুইৰ ফালে আগুৱাই দিলে।
     নিশা প্ৰায় গভীৰ হৈ আহিছে ।
৯মান বাজিলেই চাগে। ----- ৰত্নেশ্বৰীয়ে নিজকে কৈ উঠিল। ইমান পৰে নিতাল হৈ থকা পৰিবেশটোত আকৌ সেই চিনাকি হুলস্থুলৰ পৰিৱেশে গ্ৰাস কৰাৰ প্ৰয়াস কৰিলে। হুলস্থুলটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে। ৰত্নেশ্বৰীয়ে জ্বলি থকা জুইকুৰাৰ পৰা কাঠ খৰি কেইডাল উলিয়াই মাটিত জোৰেৰে কোবাই জুই নুমুৱাৰ প্ৰয়াস কৰিলে। ৰত্নেশ্বৰীয়ে চাৰিওফালে চালে , জুইৰ সংস্পৰ্শলৈ আহিব পৰা তেনে কোনো বিশেষ বস্তু নেদেখি মিহিকৈ জ্বলি থকা জুইকুৰা তেনেকৈয়ে এৰি বহাৰ পৰা উঠিল। ৰচি ডালত মেলি থোৱা এৰি চাদৰ খনে যিমান পাৰি ঢাকি লৈ হাতত চাকি টো লৈ যাব ওলাইছে মাথোন। হঠাৎ শৰীৰটোত ভৰিৰ পৰা মুৰলৈ এটা শিহৰণৰ সৃষ্টি হল।
মোক এৰি নাযাবি আই ! কোন কোন ? কোনো নাই । শব্দৰ সৃষ্টি কত। নাই ওচৰত কোনো নাই । 
ৰত্নেশ্বৰীয়ে সন্দেহৰ চাৱনিৰে মূৰটো ঘূৰাই কিবা দেখে নেকি ভালকৈ চোৱাৰ চেষ্টা চলালে। নাই একো নাই। উমি উমি জ্বলি থকা কাঠখৰি কেইডালৰ বাহিৰে আৰু একো নাই। কিহৰ শব্দ ? 
হঠাৎ এজাক ঠাণ্ডা বতাহে জোৰেৰে ৰত্নেশ্বৰীক কোবাই গল। হাতত লৈ থকা চাকিটো নুমাই গল। 
    
  আন্ধাৰ । সকলো দিশে অন্ধকাৰ।  তাতে কুঁৱলীৰ এক কঠিন আৱৰণ। দূৰত হৈ থকা হুলস্থূলৰ সব্দটোও ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে। কোনোবাই কাৰোবাক চিঞঁৰিছে । মাতবোৰ অস্পষ্ট। বাটেৰে দুখন জিপ গাড়ী যোৱাত অলপ পোহৰৰ নিচিনা পাই, ৰত্নেশ্বৰীয়ে যিমান পাৰে বেগাই খোজ দি ভিতৰলৈ যোৱাৰ চেষ্টা চলালে। দুৱাৰ খনৰ ওচৰত থিয় হৈ  কঁকালটো যিমান পাৰে পোনাই এটা দীঘলকৈ নিশ্বাস এৰিলে। ৰত্নেশ্বৰীয়ে পুনৰ আৰু ঘূৰি চোৱাৰ সাহস নহ'ল।    
আগৰ পৰা 

           অলপ সময় ৰত্নেশ্বৰী দুৱাৰৰ দলিতে থিয় হৈ থাকিল। ঠাণ্ডা বতাহ আৰু কুৱলীয়ে বৰকৈ আঘাত কৰিছিল ঘনে ঘনে। কিবা অলপ চিন্তা কৰি অন্যমনষ্ক হৈ ৰত্নেশ্বৰী ওচৰৰ চকীখনতে বহি পৰিল। সঁচাকৈ এটা ভয়ানক নিশা। হুলস্থুল দুই এটা গুলি বাৰুদৰ শব্দ , উফ প্ৰতিটো শব্দই অঞ্চলটো কঁপাই আছে। 
   "মা ভাত দিছোঁ আহক । " বোৱাৰীয়েকে কাষত আহি মাত দিলে। 
ৰত্নেশ্বৰীৰ বোৱাৰীয়েকৰ মুখলৈ চাবলৈ সাহস নহ'ল। মা বুলি কিবা কথা কবলৈ আৰম্ভ কৰিলেই যেন ৰত্নেশ্বৰীৰ বুকুত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হয়। বোৱাৰীজনী এতিয়া বঠাহীন নাও। একেযোৰ সাজ, একেখন মুখ না সুখ আছে না হাঁহি আছে। মুখৰ হাঁহিবোৰ যেন অতীততে হেৰাই গল। 
"মা আহিছে নে ? "
এইবাৰ বোৱাৰীয়েক ভিতৰৰ পৰা মাত দিলে। 
" অ ' গৈছোঁ । " ৰত্নেশ্বৰীয়ে বহি থকা চকীখনৰ পৰা উঠিল। 
ভাত খাবৰ মন নাই । ঠাণ্ডাত বহুত সময় বাহিৰত এইদৰে বহিও থাকিব নোৱাৰি। জুই ডাল চালে। জুই নাই , আঙঠাবোৰ ৰঙা হৈ আছে , ঠিক সেইডাল জুইৰ দৰে। বাহিৰৰ হুলস্থুলে ৰত্নেশ্বৰীক আপোনা আপুনি ভিতৰলৈ ঠেলি পঠালে। 
" বোৱাৰী মোৰ দেখোন খাবলৈ মনে যোৱা নাই । গা টো ভাল লাগি থকা নাই। কিবা মনটোও বেয়া লাগি আছে। নেখাও দিয়া আজি মই ভাত  । " 
ৰত্নেশ্বৰীয়ে  ক'লে । 
বোৱাৰীয়েকেও বিশেষ বিৰোধিতা নকৰিলে। কাৰণ মাকৰ বাবে এয়া নতুন কথা নহয়। ৰত্নেশ্বৰী গৈ বিচনাত উঠিল। কম্বল আৰু লেপেৰে সমগ্ৰ শৰীৰ ঢাকি ললে। 
 ৰাতিপুৱা প্ৰায় ছয় মান বাজিছে। সূৰ্যটোৱে মূৰ উলিয়াবলৈ মন কৰা নাই। ঠাণ্ডাৰ বাবেই হয়তো। ৰত্নেশ্বৰীয়ে চকু কেইটা মেলি বেৰৰ ফুটাৰে চালে, নাই উঠিব হোৱা নাই । এই ঠাণ্ডাত বাহিৰলৈ গ'লে ঠেৰেঙা লাগিব বুলি ভাবিয়েই ৰত্নেশ্বৰী ধৈৰ্যৰে বিচনাত শুই থাকিল। আচলতে যোৱা নিশা ৰত্নেশ্বৰীয়ে উজাগৰে কটালে। গভীৰ নিশা ভাগত হুলস্থুলৰ শব্দটো ঘৰৰ কাষতে হৈছিল। বিশেষ কৰিব লগীয়া কামো নাছিল। এইদৰে দুই এটা কথা ভাবি থাকোতে ৰত্নেশ্বৰীৰ চকু দুটা কেনেকৈ  বন্ধ হৈ গল ৰত্নেশ্বৰীয়ে গমকে নাপালে।।
 প্ৰায় আঠ মান বাজিল। নয়ন আৰু নয়নাই আইতাকৰ বিচনাত উঠি চিঞৰি চিঞৰি জগাবলৈ ধৰিলে। 
" আইতা আইতা উঠা চোন । নিপা জেঠাই হতৰ ঘৰত মানুহ গোট খাই আছে। আৰু কান্দিও আছে কোনোবাই বৰ বৰ কৈ চোৱাহি চোন । "
নয়ন আৰু নয়নাই কিবা নতুনকৈ কব ন পাওঁতেই ৰত্নেশ্বৰী খৰখেদাকৈ উঠিলে। 
" মাৰ কত ? " 
"মা তাতে আছে নিপা জেঠাই হতৰ ঘৰত। "
নয়নাই ক'লে। 
ৰত্নেশ্বৰীয়ে আৰু একো শুনিবলৈ ধৈৰ্য নাথাকিল। 
" তহঁত ঘৰতে থাক । ক'লৈকো  ওলাই নাযাবি।"
এইবুলি ৰত্নেশ্বৰীয়ে নয়ন আৰু নয়নাক কৈ যিমান পাৰে নিপাৰ ঘৰৰ দিশে খোজ দিলে।

অলপ দূৰৰ পৰা ৰত্নেশ্বৰীয়ে পৰিৱেশটো পৰ্যবেক্ষণ কৰাৰ চেষ্টা চলালে। 
" নাই পিৰিস্থিতি একেবাৰে শোচনীয় । এইটো পৰিস্থিতিত মানুহৰ মাজত সোমালে হয়তো ………… "
অলপ সময় ৰৈ থাকি অলপ আগুৱাই গল। হয় যিটোৰ ভয় আছিল তাকে হল। নিপাৰ পৃথিৱীখনো আজি শেষ। 
 দুই এজনৰ কথোবকথন আহি ৰত্নেশ্বৰীৰ কাণত পৰিল। 
" ৰাতি হুলস্থুলত জানো ক'ত হেৰাই গল। ৰাতিপুৱা বৰুৱা ককায়ে গৰু দিব গৈ দেখে গোটেই শৰীৰ খণ্ড বিখণ্ড হৈ পৰি আছে। জীৱটো নাই নাইয়ে , শৰীৰৰ মাংস এটুকুৰাও ঠিক স্থানত নাই। কাষত থকা খোজ বোৰলৈ চাই দঁতাল যেনেই অনুমান হয়। সকলো শেষ কৰি থৈ গ'ল এই ৰত্নেশ্বৰীৰ তেজ খোৱাটোৱে। সকলো শেষ। গোটেই অঞ্চলত অশান্তি এতিয়া। "
ৰত্নেশ্বৰীয়ে মূৰটো ঘূৰাই কথোবকথনৰ উৎস বিচাৰিলে। পৰিস্থিতি আৰু বিষম হোৱাৰ পূৰ্বে ৰত্নেশ্বৰীয়ে বোৱাৰীয়েকৰ হাতত ধৰি টানি ঘৰৰ দিশে লৈ গল। 
" এতিয়া পলাব আহিছে। সকলো চেষ্টা কৰি গ'ল তোৰ পুতেৰে। তহঁতক কোন দিনা মাৰে গচকি । "
প্ৰতিটো শব্দই এক বিজুলীৰ দৰে জোকাৰি গল ৰত্নেশ্বৰীৰ। 
 ৰত্নেশ্বৰী ঘৰ পাই , সৰু চকী খনতে বহি পৰিল। চকুৰ পৰা কেইটুপালমান পানী নিগৰি আহি গালত পৰিল। মূৰটো অলপ ঘূৰাই বেৰত ওলোমাই থোৱা হৰিনৰ শিং আৰু বাঘৰ ছাল কেইখন চালে। সদায় চিনাকি বস্তু খিনি আজি ৰত্নেশ্বৰীৰ চাবলৈ সাহস নহল। দূৰৰ পাহাৰখন চালে। তেনেই উকা । পাহাৰৰ ৰঙা ৰঙা মাটিবোৰ ওলাই আছিল । তেতিয়া সময় প্ৰায় দহ মান মান বাজিছিল। তেনেতে ৰত্নেশ্বৰীৰ মনত পৰিল , যোৱা নিশা জুই শালত বহি থাকোতে কাণত পৰা কথা কেইটা , " মোক এৰি নাযাবি আই।"

সমাপ্ত ll


✍️কিশোৰ কুমাৰ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)