মৰুনে-মিতালী দলৈ

Unknown
0
উপন্যাস এক কথাশিল্প।আধুনিক যুগত মানৱ জীৱনৰ গভীৰ আৰু ব্যাপক চিত্ৰ অংকনৰ বাবে উপন্যাসেই হৈছে উপযুক্ত মাধ্যম। এই উপন্যাস হৈছে সাহিত্য কলাৰ এটা বিশিষ্ট বিভাগ, য'ত মানুহৰ জীৱনৰ মৌলিক অনুসন্ধান আৰু কল্পনাৰ ফল প্ৰতিফলিত হয়। এনে এটা বিশাল বিভাগক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ভিন ভিন ভাগত শ্ৰেণীবিভাগ কৰা হৈছে। তাৰে ভিতৰত সামাজিক উপন্যাসৰ অন্তৰ্গত জ্ঞানকমল ডাঙৰীয়াৰ "মৰুনে" খন বিশেষভাৱে উল্লেখযোগ্য।

অসমৰ নৱ গঠিত বিশ্বনাথ জিলাৰ, গহপুৰ মহকুমাৰ কলাবাৰী অঞ্চলৰ উত্তৰ পহুকটা গাওঁত ১৯৮৪ চনৰ ১ এপ্ৰিল তাৰিখে জন্ম গ্ৰহণ কৰা কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য *মিন্টু হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীযা ( সাহিত্য ) বিভাগত *পঞ্চম* স্থান অলঙ্কন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সম্প্ৰতি অসম আৰক্ষীৰ অঁনাতাৰ বিভাগত কৰ্মৰত হাজৰিকাই বিভিন্ন  কাব্য আৰু সাহিত্যালোচনীত *"জ্ঞানকমল"*  আৰু *"জ্ঞানসাগৰ"* নামেৰে লেখা মেলা কৰি আছে। তেখেতে "মৰুনে" উপন্যাসখনৰ জৰিয়তে অসমৰ উপন্যাস সাহিত্যৰ আকাশত ভূমুকি মাৰে। জ্ঞানকমল ডাঙৰীয়াৰ উপন্যাস সাহিত্যৰ প্ৰথম সমল এই "মৰুনে" খনেই।

 "মৰুনে" নামৰ  উপন্যাস খন ডাইনী বিষয়ক সামাজিক উপন্যাসৰ শ্ৰেণীত  অন্তৰ্ভূক্ত। যিবিলাক উপন্যাসৰ বিষয়বস্তু এখন সমাজৰ আলোচনা বা চিত্ৰণ অথবা সমাজৰ কোনো এটা দিশৰ বা কোনো এটা সমস্যাৰ উত্থাপন বা চিত্ৰণ কৰা হয়, সেইবোৰ উপন্যাসকে সামাজিক উপন্যাস আখ্যা দিয়া হয়। অৱশ্যে সমাজৰ পটভূমিৰ ওপৰত নিৰ্মাণ কৰা উপন্যাসো সামাজিক উপন্যাস নহ'বও পাৰে। দৰাচলতে সমাজৰ প্ৰতি এক বিশেষ ধৰণৰ দৃষ্টিভংগীৰে ৰচনা কৰা উপন্যাস সমূহকে সামাজিক উপন্যাসৰ শ্ৰেণীত ধৰা হয়। সেয়ে হাজৰিকাৰ "মৰুনে" উপন্যাসখনে সমাজত সঘনাই সংগঠিত হোৱা ডাইনীৰ দৰে এক গুৰু বিষয়ক লৈ বিশেষ দৃষ্টিভংগীৰে আলোচনা আগবঢ়োৱা বাবে সামাজিক উপন্যাসৰ বিভাগতে ধৰি আলোকপাত কৰাৰ চেষ্টা কৰিছো।

এই উপন্যাসখনৰ সৃষ্টিৰ দৃশ্যপট আৰম্ভণি হোৱাৰ আঁৰতো এক মৰ্মান্তিক কাহিনী আছে। ইয়াৰ মূল প্ৰেক্ষাপট অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মাজুলীৰ মিচিং সমাজ। ডাইনী অন্যান্য বহুবোৰ লোক সমাজৰ লগতে মিচিং সমাজৰ লোক -বিশ্বাসতো প্ৰচলিত এনে এটি অৱধাৰণা, যাৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ জড়িত হৈ সাম্প্ৰতিক সময়ত এটা সামাজিক সমস্যা হৈ মুৰ দাঙি উঠি ইয়াৰ ভয়াবহতা এক প্ৰকাৰৰ সামাজিক ব্যাধিলৈ পৰিবৰ্তিত হ'বলৈ ধৰিছে। সম্প্ৰতি ডাইনী কেন্দ্ৰিক পৰিঘটনা বিভিন্ন সময়ত  উজনি মাজুলীৰ বিভিন্ন ঠাইত সংঘটিত হোৱাৰ তথ্য পোৱাই নহয় চাকৰিৰ কৰ্তব্য সম্পাদনৰ বাবে যাওঁতে উপন্যাসিকৰ নিজ চকুৰে দেখাৰো সৌভাগ্য মিলিছিল। এনে অৱধাৰণা সমুহৰ ভয়ানক ৰূপৰ ধাৰণ সমাজৰ পক্ষে কিমান ক্ষতি কাৰক দেখি উপন্যাসিকৰ  মনত বাৰুকৈয়ে ক্ৰিয়া কৰিছিল। সেয়ে সংঘটিত হোৱা ডাইনী কেন্দ্ৰিক পৰিঘটনা হোৱা ঠাই সমুহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণা মূলক তথ্য সমুহ পুংখা-নুপুংখ ভাৱে চালি-জাৰি চাই  বাস্তৱধৰ্মী এখন জীয়া ছবি নিৰ্মাণৰ বাবে উপন্যাসিক জ্ঞানকমল ডাঙৰীয়াই "মৰুনে" উপন্যাস খন সৃষ্টি কৰ্মত হাত দিছে যেন আমাৰ উমান হয়। 

উপন্যাস খনত উপন্যাসিকে উজনী মাজুলীৰ - চিকাৰী গাওঁ, ৰতনপুৰ, লাচন গাঁৱত সংঘটিত হোৱা ঘটনা কেইটা একলগ কৰি কল্পনাৰ ৰহনেৰে ৰং সনাৰ প্ৰয়াস কৰিছে। এইক্ষেত্ৰত উপন্যাসিকে নিজেই কৈছে- উক্ত সংঘটিত হোৱা ঘটনা কেইটা একলগ কৰি কল্পনাৰ ৰহনেৰে ৰং সনাত পাঠকে হুবহু ৰূপত বিচাৰিলে মনোকষ্ট আৰু হাবাথুৰি খোৱাৰ কথা স্পষ্ট ভাৱে "মুখবন্ধ"ত উল্লেখ কৰিছে।

উপন্যাস খনত বাস্তৱ মিচিং সমাজ জীৱনক সংঘটিত হোৱা ঘটনাটোক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চোৱা গৈছে। ঘটনাৰ অগ্ৰগতিত মুহূৰ্ত জটিল উৎকণ্ঠা সৃষ্টি কৰাৰ প্ৰতি হাজৰিকাই সচেতন দৃষ্টি ৰখা পৰিলক্ষিত হোৱা নাই। সমাজৰ সকলো শ্ৰেণী যেনে- সৰ্বপ্ৰাণবাদী পুৰোহিত, চিকিৎসক আৰু অসাধাৰণ ব্যক্তিত্বৰ গৰাকী মিবু, গাম, খেতিয়ক, বেজুআই,  গাওঁবুঢ়া, ধনী-দুখীয়া আদি স্তৰৰ মানুহৰ চৰিত্ৰ ইয়াত চিত্ৰিত হৈছে। প্ৰধানকৈ নৈ- পৰীয়া গ্ৰাম্য পটভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মিচিং সমাজ ব্যৱস্থাৰ জীৱনলৈ অহা ডাইনীৰ দৰে ভয়াবহ, উশৃংখল সমস্যা- সংঘাতক ইয়াত পৰিত্ৰাণৰ মানসিকতাৰে বৰ্ণনা কৰা হৈছে।

মৰুনে উপন্যাস খন যদিও ডাইনী কেন্দ্ৰীক উপন্যাস তথাপিটো এটা কথা নদি ক'বই লাগিব যে মিচিং জনজাতিটোৰ প্ৰত্যেকটো বিষয় ইয়াত সন্নিবিষ্ট হোৱা পৰিলক্ষিত হৈছে। লোক- উৎসৱৰ পৰা লোকগীতলৈ, জীৱন-যাপন পদ্ধতিৰ পৰা জাতীয় সাজ-পাৰলৈকে প্ৰত্যেকটো বিষয় সন্নিবিষ্ট কৰি মিচিং জনজাতিটোক ফুটাই তুলিবলৈ শ্ৰেষ্টা কৰি এক প্ৰকাৰ সফল হ'বলৈ সক্ষম হৈছে। সেয়ে এই উপন্যাস খনত মিচিং জনজাতিটোৰ সম্পূৰ্ণ জীৱন-পৰিক্ৰমা ফুটি উঠাই নহয়, জনজাতিটোক জানিবলৈ বুজিবলৈ অন্য গ্ৰন্থৰ সহায় ন'ললেওঁ হ'ব যেন মোৰ অনুমান হয়।

অৱশ্যে উজনী মাজুলীত সংঘটিত হোৱা ঘটনা কেইটা কিছু পৰিমাণে পাঠকৰ সুখপাঠ্যলৈ লক্ষ্য ৰাখি কিছু স্থান-কাল-পাত্ৰ কল্পনাৰ ৰহণেৰে ৰং সনাত পাঠকে হুবহু ৰূপৰ তাগিদা বিচাৰিলে মনোকষ্ট আৰু হাবাথুৰি খোৱাৰ বাহিৰে একো নাপায়। কাৰণ ইয়াৰ উদ্দেশ্য ঘটনা বোৰৰ হুবহু  ৰূপ উপস্থাপন কৰি, তাৰ পৰিৰ্ৱতে ডাইনীৰ দৰে পৰিঘটনাৰ পৰা পৰিত্ৰাণৰ পোহৰৰ বাট দেখুৱাবলৈ চেষ্টা কৰা। এনে এক দুৰুহ কাম হাজৰিকাই প্ৰথম উপন্যাস খনত উপস্থাপন কৰি পাঠকৰ সমাদৰ লাভ কৰাটো তেখেতৰ সাহিত্য শৈলীৰ নিপুনতাকে আঙুলিয়াই। এনে এক  দুৰূহ কাম জ্ঞানকমল ডাঙৰীয়াই প্ৰথম উপন্যাসতে কৰি পাঠকক সোৱাদ দিয়াৰ লগতে  পৰিত্ৰাণৰ বাট দেখুওৱাবলৈ সক্ষম হোৱাত হাজৰিকাৰ শ্ৰমে সাৰ্থকতা লভিছে।

উপন্যাস খনৰ নামকৰণটো উপন্যাসিক এক প্ৰকাৰ সাৰ্থক হৈছে। কিয়নো মিচিং সমাজ ব্যৱস্থাত যাদু-মন্ত্ৰ জনা লোক সকলক "মৰুনে" বুলি আখ্যা দিয়ে।  সেয়ে সেই নামটো মিচিংসকলে ব্যৱহাৰ কৰা "মৰুনৌ" শব্দৰে অসমীয়া প্ৰতিৰূপ শব্দ "মৰুনে" নামটোৱে উপন্যাস খনক এক উৎসুকতা চাৱনী আনি দিয়াই নহয় মিচিং সমাজৰ এটা নতুন শব্দ পাঠকক চিনাকি কৰাই দিবলৈ সক্ষম হৈছে।

সকলো ভাষাৰে এটা নিজস্ব কালিকা থকাৰ দৰে  সকলো প্ৰতিভাশালী লেখকৰে ৰচনা ৰীতিৰ সুকীয়া এক কালিকা থাকে।  এই গ্ৰন্থৰ লেখকৰ গদ্যতো স্বকীয় কালিকা স্পষ্ট হৈছে। উপমাৰ সঘন ব্যৱহাৰ, নাটকীয় প্ৰকাশভঙ্গী, চুটি চুটি বাক্য প্ৰয়োগৰ লগতে মধ্যযুগীয় চৰিত পুথিৰ গদ্যশৈলীৰ লগত লেখকৰ গদ্যশৈলীৰ মিল মন কৰিবলগীয়া।

মুঠতে জ্ঞানকমল ডাঙৰীয়াৰ "মৰুনে" ডাইনী কেন্দ্ৰিক উপন্যাসখনে পাঠকে পঢ়ি উপকৃত হোৱাই নহয়, মিচিং জনজাতিটোৰ বিষয়ে সগৰ্ভ জ্ঞান লভি উচ্চ শিখৰত উপৱিষ্ট হোৱাৰ সাৰ্থকতা আনি দিবলৈ সক্ষম হৈছে, তাত কোনো কৃত্ৰিমতা নাই।


              -ঃসমাপ্তঃ-

✍️মিতালী দলৈ।
পেচা-শিক্ষক, কস্তুৰৱাগান্ধী বালিকা বিদ্যালয়,তেজপুৰ, ঠেলামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)