সূৰ্যোদয়-ৰাজেন দাস | খণ্ড-৮ | মায়াময় প্ৰাণৰ সুৰ

পংখী মৰাণ
0

    
 (১) 
 সৰু ল'ৰাৰ মাকে  দুই এপইচা  পায়, ৰান্ধনী কৰি নাইবা দাৱনী কৰি। সেয়াই ঘৰত খৰচ কৰে। মানুহজনে খেতি-বাতি(খালি, বাও, বাম,বৰো)কৰে। সম্পূর্ণ কৈ নাটে। কন্ট্রোলৰ চাউল পায়। কিন্তু নুফাই(অৰ্থাৎ নাবাঢ়ে) । ঘৰৰ চাউল সুকীয়া ।বগলীৰ দৰে ওখ। সামান্য দাড়ি, কামিয়াল, সাহিয়াল। ঘৰখনৰ বাবে তেওঁও বহু কাম কৰে। ল'ৰা-ছোৱালীক সিমান দূৰ নিব নোৱাৰিলে। "ভালকৈ খেতি কৰ, ভাত খা, কাম কৰ, চোৰ নকৰিবি, অন্যায় নকৰিবি, মিছা নামাতিবি। " বৰতাৰ কথাকেইটি সাৰুৱা। মানুহজনীয়ো কামে বনে ভাল। গগৈঅনী বুলি জনাজাত। বিয়ানাম, যোৰা নাম, বিহুগীত, আইনাম,, সাঁথৰ... জিভাত লাগি থাকে। বিয়া-সবাহে আগভাগ লোৱা দেখো। লোকসাহিত্য ৰ গ্ৰন্থত লোকসংস্কৃতিবিদে সংকলন, সম্পাদনা কৰি যোৱা গ্ৰন্থত থকা নাম সিদিনা  পানী তুলিবলৈ আহোঁতে গাইছে--
ৰাম ৰাম দূৰকৈ পুখুৰী
ৰাম ৰাম খন্দালা দেউতা
হৰি মোৰ ঐ
ভৰিৰে ...। 
আকৌ জোৰণ পিন্ধাওতেও বিয়ানাম গাইছে-
"মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে
ৰামে দি পথাইছে সুবৰ্ণ অলংকাৰ
ঐ ৰাম মূৰ দোৱাই ...।"
পঢ়া-শুনা কম যদিও লোকসংস্কৃতিৰ কিছু নাম মনত ৰাখিছে। দৰকাৰ হ'লে সলসলীয়াকৈ মাতিব পাৰে। 
   (২) 
তেনেদৰে আমাৰ পপন আইতাও। ৰাতিপুৱা উঠি গা-পা ধুব। লগতে হাততে পিতলৰ ঘটিত পানী সম্পূর্ণ কৈ আনিব। গোঁসাই ঘৰটো মচিব ধুনীয়াকৈ। বগা ৰঙৰ ৰিহা-মেখেলা কান্ধত গামোচা লৈ আহিব। আইতাই আৰম্ভণিতে গোঁসাই ঘৰটো লৈ সোমোৱা দুৱাৰডলিতে সেৱা কৰে। ভিতৰলৈ গৈ চাকি বন্তি জ্বলাব। আইতাই প্ৰাৰ্থনা আৰম্ভ কৰাৰ কথা মনত অলপ অলপকৈ থাকে। আইতাৰ মুখত-
"শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন কল্পতৰু...। " এসময়ত সামৰে। আইতাই আৰম্ভ কৰে
 "হে প্ৰভূ ইয়াতে দিওঁতে থওঁতে  অনেক অপৰাধ হৈছে। সৰ্বঅপৰাধ মৰিষণ কৰি, বিঘিনি দূৰ কৰি সকলোকে শান্তিত ৰাখক এইয়ে প্ৰাৰ্থনা।
... " 
তাৰ পিচতে দুৱাৰ ডাং মাৰে। আৰু জুৰে "অপৰাধ বিনাশন তযু নামে নাৰায়ণ, জানি নামে পশিলোঁ শৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও শৰণে।. ..। 

বৰ প্ৰফুল্ল কৈ ওলাই আহে। নাতি-নাতিনীহঁতে গামোচা পাৰি মাটিতে দীঘল দি আছে। লগতে বৰবোপাও আলাসৰ লাড়ু। আটাইকে আশীর্বাদ দিলে। মোৰো মনটো বৰ ভাল লাগিল। আইতাৰ বয়স অশীতিপৰ অৰ্থাৎ আশীৰ উৰ্দ্ধৰ। তথাপি প্ৰাৰ্থনা, আশীর্বাদ, নাম... সকলো তন্ন তন্নকৈ মনতে আছে। মই খুব মনোযোগেৰে শুনিছোঁ। নামঘোষাখনো এদিন মেলি চাইছোঁ। সকলো শুদ্ধ। মইয়ো দুই-এষাৰিৰ বাদে নাজানো। ৰাইজে আৰম্ভ কৰিলে লগত গাব পাৰোঁ। অকলে নোৱাৰোঁ। সকামে-নিকামে বৰ লাজ পাওঁ। ইমান কম পঢ়-শুনা কৰাসকলৰে শাৰীয়ে প্ৰতি মনত আছে। লাজ লাজ ভাৱ এটা নলগা  নহয়। উপায়ো নাই। 

         (৩)
 পপন আইতাৰ ঘৰ নাহৰণীত। ইমান দীঘলী  নহয়। ৰং-পানীমিঠাবৰণীয়া। ওঁঠৰ কাষৰতে  ক'লা তিল আছে। তামোল খাই মুখখন মেলিলে দাঁতৰ ৰং ৰঙা দেখি। সেইদৰে মুখখন জপাই-কোচাই থ'লে তিলটো  জিলিকে। তিলক লৈ গানো আছে। সেই গানৰ সহায়লৈ-
"বগা গালত ক'লা তিল, তুমি বাৰু জানানে তোমাৰ বাৰু কি হতে মিল... "
 আইতাই বিবাহ জীৱনৰ বিষয়ে কৈ যায়। মই জানিব বিচাৰি থাকোঁ। ককাই অলপো সময় ৰৈ এনেই নাথাকে। খুটুং-খাটাং কৰি থাকে। আইতাই কয়" ডাঙৰ লোৱা, আমাৰ ঘৰৰ কোনো অভাৱ নাছিল। ধনে ধানে, শাকে-পাঁচলিয়ে, গৰুৱে-গাইয়ে নদন-বদন। মানুহে আমাৰ ঘৰৰ পৰা চলিছিল হে। ককাই সকলোকে উচ্চশিক্ষা দিব পৰা নাই সচাঁ। কিন্তু জীৱন-যাপন কৰিবলৈ সৰুৰে পৰা শিকালে। সেয়েহে সৰু মামাই ব্যৱসায় কৰে। সমাজত জনা-বুজা লোক। মামাক সন্মান আৰু সমীহ দুয়োটাই কৰে। মামায়ো কৰে। নিপুল দা'ৰ মুখত শুনো।নিপুল মামাৰ ভাগিন। মামাৰ ঘৰতে কাম কৰে। নিপুল দাদাই  বৰ ৰসালকৈ মামাৰ কথাবোৰ কৈ যায়। আনৰ লগতে নিজেও ৰস লৈ যায়। "নমস্কাৰ,নমস্কাৰ,আহক,আহক,ইয়াতে বহক,।মা-জনী,কোন,ক'ত আছ, চাহ,তামোল আন, ভাত কেইটামান ঠিক কৰ...। ক'ত থওঁ,কি কৰোঁ, কি খুৱাওঁ, কি নুখুৱাও কৰে, বাকচতে ভৰাই থ'ব,নে একোলা  লৈ পেলাব...। মামাক সেই সময়খিনিত চাব লগা হয়। আমিও আঁতৰৰ পৰাই মুখটিপি  হাঁহি থাকোঁ। বহুত ভয় লাগে।এনেকুৱা দম দি দিব। দমৰ সমসাময়িক মৰমো  কৰে। ডাঙৰ মামাই খেতি-পথাৰ চম্ভালে। ককাৰ পৰা অলপ বেজালিও শিকিলে।সেয়েহে বোকোৰা,বেলগুৰি,চিনাইচুক, বামুনীবিল, আমগুৰি ইত্যাদি ৰ সৰু সৰু ৰোগ ভাল কৰে। এতিয়া কথা সুকীয়া। মানুহ শিক্ষাৰে শিক্ষিত। ডাক্তৰৰ সহায় লয়। চেগাচোৰোগাকৈ দুই এগৰাকী নহা নহয়। তথাপি আগৰ দৰে বিহলঙনিৰ ফো মন্ত্ৰৰ কোব খোৱা সীমিত। সৰুকণ মোহাৰেহে বিছা জাৰি-ফুকি আজিও দুই-এপইচা পাই থাকে। দূৰৈৰ পৰা মানুহ আহে। সন্মানো পায়। বহু মানুহ ভাল কৰাও দেখিছোঁ। অতি দৰকাৰত মানুহ কিছুৱে ঘৰলৈকে গাড়ীত লৈও যায়। লগতে জাপিও চাব জানে। টকা-পইচা উপাৰ্জন হৈ থাকে। জাপি বিদ্যা মহান বিদ্যা। টকৌপাত, পুৰণি ছাতিৰ কভাৰ, বাঁহ ইত্যাদি সমল। ঢেঁকীচাবৰ মুখখনৰ সমানেই গাঁত এটা কৰি মোহাৰ  দেউতাক-মাকে কৰা এনে কৰ্ম পুত্ৰলৈ  আহিছে। আৰু এজন জাপি সজা মানুহ আছে। বেলগুৰি গাঁৱৰ সেই মানুহজনৰ নাম বঙালি। শকত আবত নোদোকা, শক্তিশালী। খেতি-পথাৰৰ সমান্তৰালভাৱে এই বিদ্যাই সহায় কৰি আহিছে।  

    (৪) 
পপন আইতাইও বাঢ়ৈ কাম দুই এক জানে। জানে আমাৰ দেউতাইয়ো। আইতাই জাপি চাব জানে। চালনি,কোলা, খৰাহী , পাচি,বিচনি ব'ব জানে। আইতাই জনাখিনিত জাপিৰ বাদে বাকী দেউতাই আৰু বহুত জানে। চেপা বনাব জানে, পাউৰি  বনাব জানে, বান বনাব জানে। জাল বান্ধিব জানে, ঘাতজাল বান্ধিব জানে, প'ল, উভটি,চেপা, জাকৈ, খালৈ ইত্যাদি। মাছে ছমাহ ঘৰে পথাৰে ছমাহ। বৰ কষ্ট কৰি আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে। মা-দেউতা দুয়োৱে সমানেই চোৱা-চিতা কৰিছে।ভাঙনি কোঁৱৰ আনন্দচন্দ্র আগৰৱালা(১৮৭৪-১৯৪০)ৰ মৰমৰ আই লৈ মনত পৰে। কবিৰ কবিতাৰ সহায়েৰে-
"কোনে মোক তুলি -তালি কৰিলে ডাঙৰ
মৌ সনা মাতে পাহৰি ভাগৰ
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই৷

চেনেহৰ চকুপানী ধাৰেৰে বোৱাই
কোনে মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

কান্দিছিলো যেৱে নৰিয়াত দুখ পাই;
একেথিৰে কোনে মোৰ মুখলৈ চাই,
মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷...


(৫) 
গাঁৱৰে সকলো মানুহে কিবা নহয় কিবা কামত ব্যস্ত। দেৰগাঁও, যোৰহাট বা চেন্নাই, গোৱা আদি ঠাইটো কাম কৰা মানুহ আছে। চাকৰি সীমিত। বৰদেউতা শিক্ষক, কিৰণ বৌয়েক শিক্ষয়িত্ৰী, চকীদাৰ জীতেন্দ্র দাদা, বগাতি বৰতা শিক্ষক আদি। অংগনবাড়ী কৰ্মী, ৰান্ধনি আদি আছে। খেতি মাটি থকাসকলে সেই খেতি পথাৰতে বছৰ বছৰ। অৱশ্যে চাকৰি-বাকৰি কৰাতকৈয়ো ভালকৈয়ে খাই আছে। চাকৰি-বাকৰি নথকাৰ বাবে চিন্তা হৈ থাকে। ডেকা ল'ৰাখিনিও কষ্ট কৰে। সিমান সফলতা পাব পৰা নাই। সাক্ষাৎকাৰ দি থাকে। মোৰ এইখিনিতে আমোদজনক কথাটো মনত পৰে।  প্ৰদীপ গুৰুজীৰ সৈতে অসম পুলিচৰ চাকৰিৰ বাবে সাজু হৈছিলোঁ। যোৰহাটত দৌৰ হৈছিল। মোৰ এটা সন্দেহ আছিল। কাৰণ মই চাপৰ আছিলোঁ। নিৰ্দিষ্ট জোখত নহ'ব। তথাপি লগৰটোকে হাত তালিখনকে মাৰিবলৈ লাগিব। ওলালোঁ। নিৰ্দিষ্ট ঠাইখিনি পোৱাৰ লগে লগে কেনডিডেটবোৰ আহিছে। ফিল্ডত দৌৰৰ বাবে সাজু হৈছে। তাত মেডিকেল বা অন্যান্য যাৱতীয় কামখিনি কৰিছে। ওখ ওখ ল'ৰাখিনি দেখি মই আঁতৰতে ৰৈ "গুৰুজী আপুনি যাঁওক। অল দ্য বেষ্ট" । ঠিক আছে। এইবুলি গুৰুজী দৌৰৰ বাবে সাজু হ'ল। ল'ৰাবোৰ দৌৰিছে। ইটোতকৈ সিটো আগবাঢ়িছে। চাই কিবা এটা মজা লাগে। ফিল্ডৰ কাষৰ পৰা হাততালি, সমৰ্থন দি দিছে। শক্তি দিয়াৰ দৰে। মইয়ো তাকে অনুসৰণ কৰিলোঁ। শেষত গুৰুজীৰ অলপ পইন্টৰ  বাবে ৰৈ গ'ল। মই ভাবিলো মোৰ ক্ষেত্ৰখন বেলেগ। নিজক পুনৰ প্ৰস্তুত কৰিব লাগিব। গতিকে দুয়ো পুনঃ ঘৰলৈ উভতিলোঁ। মোৰ বেয়া লাগিল। হাল-কোৰ বায়, ঘৰৰ লগতে চাপৰিৰ দহোবন কৰি সন্ধিয়া, আবেলি প্ৰেক্টিচ কৰি কৰি আকৌ এবাৰ বিফলতা। গুৰুজী শুনক
" যিকোনো ইন্টাৰভিউৰ বাবে আমি বাৰে বাৰে কষ্ট কৰোঁ। বিফল হওঁ। হয়টো কষ্ট কৰাখিনি কম হৈছে, ক'ৰবাত কৌশলগত ভাৱে পিচপৰি আছে, প্ৰতিদ্বন্দিতাৰ বাবে অনুশীলনটো কঠোৰৰ পৰা কঠোৰ কৰিব লাগিব, পাগল হৈ থাকিব লাগিব, আপোনাৰ বাবে ভাল সময় ৰৈ আছে। মনত ৰাখিব , কোনোবাই কোৱাৰ সহায়েৰে ক'ব পাৰি-
"বিফলতাই সফলতাৰ মূল চাবিকাঠি "। 
  (৬) 
সময়খিনি গৈ থাকে। ভৰ বাৰিষাও গৈ থাকে। মনটোও গৈ থাকে। সহজ সফলতাত একো মাদকতা নাথাকে। নাথাকে জ্ঞানৰ মানচিত্র। বিদ্যাধন পৰম ধন। বিদ্যা ধন লাভৰ বাবে প্ৰকৃত কষ্ট কৰি সফলতাৰ শিখৰত উপনীত হৈছেই। মিচাইলমেন ৰূপে খ্যাত ড° এ. পি. জে আব্দুল কালামৰ কথা সকলোৱে জানো। কম বেছিকৈ। মহৎ লোকৰ বাণীয়ে বহু কথা কৈ যায়। বুদ্ধদেৱৰ বাণী হওঁক আন আন মহাপুৰুষৰ বাণীয়েই হওঁক। জীয়াই থাকিবলৈ উশাহ-নিশাহ দিয়া যেন লাগে। Ignited minds(2002),Turning points (2012),Adamya Sa has(2006), Hom Honge Kamyab(2006) ইত্যাদি বহুটো গ্ৰন্থৰ ৰচয়িতা ড° এ. পি. জে. কালাম(১৯৩১-২০১৫)ৰ জীৱন দৰ্শনে নাইবা তেওঁ আগবঢ়োৱা মহৎ লোকৰ বাণীয়ে বহুতকে সহায় কৰি আহিছে। তেওঁ কৈছে-
"সপোন সেইটো নহয় যিটো শুই শুই দেখা হয়। সপোন সেইটো যি শুব নিদিয়ে। তুমি যদি সূৰ্যৰ দৰে উজ্বলিব খোজা। সূৰ্যৰ দৰে পুৰিব লাগিব...। তেওঁৰ বাণীয়ে বহুত অনুপ্ৰেৰণা দিয়ে। ইংৰাজীত (ইন্টাৰনেটত)কোৱা কথাষাৰ খুব ভাল লগা -
"Conference and hardworks is the best medicine to kill the Disease called Failure. It will make you Successful person... "(সন্মিলন আৰু কঠোৰ পৰিশ্ৰম হৈছে বিফলতা নামৰ ৰোগটো মাৰিবলৈ সৰ্বশ্ৰেষ্ঠ ঔষধ। ই আপোনাক সফল ব্যক্তি কৰি তুলিব... ") 

(৭) 
গাঁৱৰ প্ৰায়বোৰৰ ল'ৰা-ছোৱালী বৰ কষ্টকৰ। ঘৰতো দহোবন। কেৰিয়াৰৰ বাবেও দহোবন। তাতে প্ৰায়বোৰৰ ইকনমিক বেকগ্ৰাউণ্ডটো সুচল নাথাকে। কেলেংকাৰীৰ দৰে বাতৰিবোৰে মনবোৰ বৰ বেয়া কৰে। ঘোচ দিয়া নাইবা বক্ৰপথেৰে চাকৰি লোৱা এই কথাই হতাশাত ভুগে। তথাপি বহু ল'ৰাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ শিকিছে। বহুতে সাংসাৰিক জীৱনত পাতনি মেলিছে। বহুতে বেয়া লগৰ লগত ঘূৰি-ফুৰি চিগাৰেট, মদ, ভাং খাবলৈ লয়। জুৱা ,টাচপাট(টাচপাট ত থকা শব্দ-ইস্কাপন,হৰ্তন,চিৰিতন আদি ওলন্দাজ শব্দ) আদিও  খেলে। গাঁৱৰ মুখিয়াল ,সচেতন লোকে তেওঁলোকক শাস্তি দিয়ে। শাস্তি হিচাপে দুপইচা ভৰাব,চুলি খুৰাব,প্ৰায়চিত্তও হ'ব। সামাজিক বান্ধোনত সকলো থাকে। ৰাইজৰ লগত চলাফিৰা কৰিবলৈ ৰাইজৰ লগ সঙ্গত থকাৰ মজাই সুকীয়া। মোকো আমাৰ গাঁৱৰ, ওচৰ-পাজৰৰ মানুহখিনিয়ে বহু সহায় কৰে। সেয়েহে মোৰ মনত কি কৰিম, কি কৰিলে মানুহখিনিয়ে ভাল পাব, চিন্তা হৈ থাকে। অৱশ্যে সেই ঋণ মই কোনোকালে শুজিব নোৱাৰিম। গাঁৱৰ মানুহ নাইবা ককাই ভাই নমৰক দুখীয়া হওঁক। বিপদে-আপদে কাষৰতে থিয় দিয়ে...। 

  (৮) 
আমি গোলাঘাটৰ আইদেউ সন্দিকৈৰ কথা জানো। লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতীৰ ভিত্তিতে ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া বোলছবি জয়মতী ত অভিনয় কৰিবলৈ গৈছিল। পিছত সমাজচ্যুত হৈছিল। বাহিৰত আগৰৱালাই বোলছবিৰ শিক্ষা লৈ আহে। তেওঁ
ভোলাগুৰি 'চিত্ৰবন' নামৰ  ষ্টুডিঅ' নিৰ্মাণ কৰে। থলুৱা সামগ্ৰীৰে থলুৱা আৰ্হিৰ ঘৰ সাজি লয়। বাঁহৰ জাপি, পহু আৰু ম'হৰ শিং আৰু নগা যাঠীৰে  আহোম ৰাজচ'ৰা  সাজি বহু কষ্ট কৰি বোলছবি নিৰ্মাণ কৰি উলিয়ালে। বোলছবি খনত আইদেউৰ অভিনয় জয়মতী অৰ্থাৎ গদাপানীৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে। ১৯৩৯ চনত ইন্দ্ৰমালতীও নিৰ্মাণ কৰে। এতিয়া সেই জয়াও নাই। যেন সেই
" ৰামো নাই সেই অযোধ্যা ও নাই"। 
গীতে মাতে জয়া যে আছে সেইয়া গীতিকাৰ সকলে গাই গৈছে-
"জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।’'

(৯) 
লগৰ বন্ধু-বান্ধৱীক দেখাই থাকোঁ। সহাৰি দিয়ে। কিছুৱে নিদয়ে।মোৰ আপত্তি শূন্য। কাৰণ মোৰ অধ্যয়ন কৰিব লগা আছে। চিন্তা-চৰ্চা কৰিব লগা আছে। তথাপি এটি অনুভৱ জেষ্ঠসকলকো দেখুৱাও। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  স্নাতকোত্তৰ মহলাৰ আলোচনীত প্ৰকাশিত হৈছিল। ই মোৰ বাবে ভাললগা। লগতে শিৱসাগৰৰ হাঁহচৰাৰ পুথিভঁৰাল আৰু  লটাচ ক্লাবে পুৰস্কৃত ও কৰিলে।অন্যান্য সকলৰ সৈতে বিচাৰক বিশিষ্ট কবি ৰাজীৱ বৰা চাৰ জড়িত।তেওঁৰ ২০১৮ চনত প্ৰথম প্ৰকাশিত "অসমীয়া কবিতা বিন্দুৰ পৰা সিন্ধুলৈ" আমি পঢ়িবলৈ পাইছোঁ। গুৰুত্বপূৰ্ণ কাম হৈছে সকলোৱে পঢ়িব পাৰে। প্ৰত্ন বা আদি যুগ-সাম্প্ৰতিক সময়লৈ কবিৰ কবিতা, লগতে 'অসমীয়া কবিতাৰ বিৱৰ্তন' নামেৰে পাতনি সন্নিবিষ্ট। 
মোৰ অনুভৱ  পূৰঠ নহয়। এমাডিমা। অনুভৱখিনি লিখিবগৈ গোটেই জীৱনটোতেই নোৱাৰিম। তথাপি ক্ষুদ্ৰ অনুভৱটি আগবঢ়াই দিছিলোঁ।
কবিতাটিৰ শিৰোনামা -কেতেকীপহীয়া বুকুৰ চোতাল

"সৌ আকাশখনেও শুনিছিল
তোৰ নিভিজা নভগা মিনতি বচন 

পাষাণ পনীয়া সোণৰ নৈখনে
নসহে তই পিন্ধা কেৰু ডুগ ডুগীৰ ৰূপ
জেতুকাৰ বুলনিত বৰ্হমথুৰিৰ বোল সনা ওঁঠ

হামি হিকটিৰ স্পন্দনে স্পন্দনে
তোৰ বাপতি সাহোনৰ
অনাখৰী নাচোন

তাইক এঘৰীয়া কৰিলে
চালে আকাশ দেখা বাঢ়ৈ বিচনাত

এযোৰ কাপোৰো,এটি ক্ষণো 
নুপুৰি নমৰিছিল তাই

শেলে বিন্ধি পাথৰ কৰিছিল তোক
তয়েইটো কঠিয়াতলিৰ হালোৱাৰ
 মনৰ খনীয়া কুঠৰি

সীঁৱ নোৱৰা কৰিছিল তোক
আথাউনি পানীৰ কেঁকুৰিয়ে কেঁকুৰিয়ে

এতিয়াটো তয়েই আঘোণৰ 
মোক তোল মোক তোল
ভূৱন বোলোৱা গোন্ধ

তয়েই প্ৰতিক্ষণে জুৰুলি জুপুৰি
তোৰ দেহত ভূগোলৰ তেজ দিয়া অবাধ আলিংগন

তহঁতৰ ভুল ক'ত
নাৰী হোৱাৰ প্ৰাকৃতিক আনন্দত নে?

কত ক'তই সমগ্ৰ সত্তাক পিহি পিহি
গঢ়িলে পিটিলে
নৱ নৱ সৃষ্টিৰ গূঢ়াৰ্থ ভঁৰাল
চাৰে.গা.মা.পা.ধা.নী.
ৰূপত তৰঙ্গায়িত তোৰ
আইৰ-পিতাইৰ সপোনৰ অৰিয়াডলিত ৰৈ
কিনো আহুদি থুৰিয়ালি
শিপাই মাটি নিচিনা
বিমূৰ্ত নিশাৰ অকৃত্ৰিক সৌন্দৰ্য্য
 ইয়াতেই বাগৰ সলাই হিৰোচিমা-নাগাচাকিৰ চালে ফুটা দৈন্যতা
কলংবুকুৰ প্ৰতি পল অনুপল;
বোধিদ্ৰুমে শুই সাৰ নোপোৱা ধূমাৰ্ত প্ৰেমৰ একাঁজলি টেমচ নদীৰ প্ৰেয়সী
তোৰ জলছবিত
নিগৰি নিগৰি বৈ আছে
তোৰেই স্বাক্ষৰিত তোকেই নিন্দিত
 ইতিহাসে গৰকা
কেতেকীপহীয়া  এথানি এবানি উদং বুকুৰ অকাল বৈধব্য
বৰ চোতাল..."(আইদেউ সন্দিকৈ লৈ শ্ৰদ্ধাৰে) 

  (১০) 

সেই ছবিখন উপভোগ কৰিলে বহু কথাই জানিব পাৰোঁ। বিশেষ কৈ সমাজৰ পৰা এঘৰীয়া কৰি ৰখা আইদেউ লৈ বৰ বেয়া লাগে। স্বাভাৱিক ভাবেই। তেজ মঙহৰ মানুহ। বিহু আহিলে ঘৰৰ আগচোতালেদিয়েই যেতিয়া বিহুৰ দল যাব, মন কেনেবা কেনেবা কৰে। ইঘৰ-সিঘৰৰ সকাম নিকাম,বিবাহ অন্যান্যত অংশগ্ৰহণ নাথাকে। সামাজিক বান্ধোন আইদেউৰ ওপৰত। ঘৰৰ মানুহেও বেবৌচ। সমাজৰ সৈতে চলিব লাগিব। সেই সমাজৰ যি কটকটীয়া বান্ধোন মানিবই লাগিব। এইখিনিতে মন কৰিব। চাৰ ৱাল্টাৰ স্কট আৰু বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অনুপ্ৰেৰণাৰে জনজাতীয় মিচিং সমাজখনক লৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ( ১৮৬৯-১৯৩৯) দেৱে লিখি পেলালে 'মিৰি জীয়ৰী'(১৮৯৪)। জংকী পানেই নায়ক নায়িকা।ইজনে সিজনে প্ৰেমাপাশত আবদ্ধ। সেই সমাজখনে সেই মিলন হ'ব নিদিলে। তিলতিলকৈ মৃত্যুলৈ ঠেলি পঠালে। ভালপোৱাত তেওঁলোকৰ ভুল আছিল নেকি? নে তেজৰ ৰং দুয়োৰে পৃথক আছিল? স্নাতকোত্তৰৰ সময়ছোৱাৰ এইকথাবোৰ মনলৈ লানি নিচিগাকৈ আহি থাকে। বহুপৰ হ'ল। নতুন চহৰ। সপোনৰ চহৰ। কাইলৈ নতুন নতুন মুখ দেখিম। প্ৰতিভা সম্পন্ন মানুহ। গুণী জ্ঞানী মানুহ। গতিকে আজিলৈ ভাৱনাৰ সাগৰৰ পৰা বিদায়। সোনকালেই উঠিব লাগিব। 
"যদু , যদু,... ও যদু টোপনি ৰাজ্য পালেগৈ। সিও বা তাত কি কি কৰিছে। টোপনি গৈ আছে যদিও কাইলৈৰ বিশেষ দিনলৈ  । ডিয়ুৰ পৰা দুয়ো কিবা নহয় কিবা এটা কৰিবলৈ।"
 ঘৰৰ নাইবা গাঁৱৰ মানুহে কথাবোৰ কেতিয়াবা বুজি নোপোৱা হয়। বিশ্ববিদ্যালয়ত পঢ়ি আহিছে চাকৰি পাইহে আহিছে। এনে মনোভাৱ। যি কি নহওঁক অংশকালীন (Contractual) জীৱনো আন এক জীৱন। এই সময়খিনিয়ে বহু কথা শিকাব। ডিয়ুখন বুকুচাত লৈ থাকিম। অংশকালীন সময়ৰ পৰা ডিয়ুৰ যাত্ৰা লৈ আকৌ উভতি যাম। সেয়েহে সেই দিনবোৰ লৈ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)