জ্ঞানকমল দাঙৰীয়াৰ "বিষন্নতা" কাব্যগ্ৰন্থৰ এক বিশ্লেষণাত্মক বাৰ্তা-মিতালী দলৈ

Unknown
0

কবিতা হ'ল সকলোৰে উপভোগ্য এক প্ৰকাৰ  কলা।ই জীৱনক অস্বীকাৰ কৰি সৃষ্টি হ'ব নোৱাৰে। ইয়াৰ কোনো সাৰ্বজনীন সংজ্ঞা নাই। চেন্ট আগষ্টনৰ ভাষাত- " যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক'ব পৰা যায়,অথচ সুধিলে একো ক'ব নোৱাৰি সেয়ে কবিতা ।"

সম্প্ৰতি সময়ত অনেক তৰুণ-তৰুণীয়ে একান্ত আন্তৰিকতাৰে কাৰ্ব্য চৰ্চাৰ বিশাল ক্ষেত্ৰ খনত প্ৰৱেশ কৰিছে।এওঁলোকে সাম্প্ৰতিক সমাজ জীৱনৰ প্ৰতিকূল পৰিৱেশ আৰু জটিল পৰিস্থিতিৰ মুখামুখি হৈ যিখিনি অভিজ্ঞতা আহৰণ কৰিছে সেই বিষন্নতা খিনিৰ পৰাই তেওঁলোকে কবিতা ৰচনাৰ সমল খিনি বুটলি লৈছে। সেই বাবেই এই তৰুণ -তৰুণী সকলৰ কবিতাত এহাতে জীৱন আৰু জগতক ভালপোৱাৰ উপলব্ধি খিনি প্ৰকাশ পাইছে আৰু আনহাতে পৰিস্থিতিত সমাজ জীৱনে আধুনিক মানুহক চিন্তা ভাৱনাৰে কঢ়িয়াই অনা বিষাদবোধ আৰু হতাশা প্ৰতিফলিত হৈছে।


অসমৰ নৱ গঠিত বিশ্বনাথ জিলাৰ, গহপুৰ মহকুমাৰ কলাবাৰী অঞ্চলৰ উত্তৰ পহুকটা গাওঁত ১৯৮৪ চনৰ ১ এপ্ৰিল তাৰিখে জন্ম গ্ৰহণ কৰা কবি,উপন্যাসিক, প্ৰবন্ধকাৰ *মিন্টু হাজৰিকা* ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীযা( সাহিত্য ) বিভাগত *পঞ্চম* স্থান অলঙ্কন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সম্প্ৰতি অসম আৰক্ষীৰ অঁনাতাৰ বিভাগত কৰ্মৰত হাজৰিকাই বিভিন্ন  কাব্য আৰু সাহিত্যালোচনীত *"জ্ঞানকমল"*  আৰু *"জ্ঞানসাগৰ"* নামেৰে লিখা মেলা কৰি আছে। তেখেতে "বিষন্নতা"কাব্য পুথি খনেৰে অসমৰ সাহিত্যৰ আকাশত ভূমুকি মাৰে। কাব্যগ্ৰন্থত একবিংশ শতিকাত বাস্তৱ জীৱনত দেখা দিয়া বিশ্বাস ঘাটকটা,বাকৰূদ্ধতা, আশা- আকাংক্ষা হত্যা-লুণ্ঠন, কৰ্মবিমুখতাৰ ফলত মানৱতাৰ চৰম বিৰ্পযয় আদি অনিশ্চয়তাই বিৰাজ কৰিছে। তাত কবি মোহভঙ্গ হৈ প্ৰতিবাদী কণ্ঠ হিচাপে হাতত কলম তুলি লৈছে।

তেখেতৰ কবিতাত সৰল চয়ন আৰু শব্দৰ সংযোগৰ মাধুৰ্য্য দেখিবলৈ পোৱা যায়। কবিয়ে বাস্তৱ  জনজীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয়বোৰ, পীড়ন-নিপীড়নৰ কণাবোৰ কলমৰ আগেৰে চিয়াহীৰ  মাধ্যমেৰে প্ৰতিবাদ আৰু সজাগতাক মূলমন্ত্ৰ হিচাপে লৈ নিগৰাবলৈ চেষ্টা কৰিছে।
সেয়ে তেওঁ লিখিছে -

"তোৰ সপোন আৰু স্বাধীনতাৰ গৰ্বক
চৌপাশে ক'লা ডাৱৰে আৱৰি ধৰিছে।
দেহৰ সমস্ত সৌন্দৰ্য 
অন্ধকুপ সদৃশ জীৱন মৰণৰ গহ্বৰে
তিল তিল কৈ গিলি পেলাব ধৰিছে।
তোৰ সপোন আৰু স্বাধীনতাৰ
শুভ্ৰ কাপোৰ খন
নিৰৱে উমি উমি জ্বলিব লাগিছে।
কোনোবা বিষাক্ত আৰু কুটিল ক'লা নিগনিয়ে
দংশন কৰিছে।
অসহ্য বিষৰ জ্বালাত জৰ্জৰিত
তোৰ শৰীৰটো
যন্ত্ৰনাত কেকাব লাগিছে।"


কবিৰ কাব্য শৈলীত  চহা গাম্য জীৱনৰ  পটভূমিৰো সম্ভেদ পোৱা যায় য'ত কৃষিজীৱি সমাজখনত ক্ৰমাৎ হেৰাই যাব খোজা কৰ্ম অনিহাৰ পৰিৱেশ এটি অংকন কৰিছে। সময়ৰ কুটিল চক্ৰত ক্ৰমাৎ ক্ৰমবিৱৰ্তন সমাজখনে ধোদৰ নিহালী টানি আকৃষ্ট হৈ সেই মেৰপেছত সোমাই ভূ হেৰাই যোৱাৰ উপক্ৰম হৈছে।  শ্ৰমজীৱী কৃষকৰ অতি কষ্টৰ অন্তত যেতিয়া ঘৰলৈ লখিমীৰ আগমন হয়, তাত নিহিত থাকে তেওঁৰ আশা-আৱেগ এক নান্দনিক দৃশ্য; যিটো কবিয়ে বুজে আৰু অনুভৱো কৰিব পাৰে। কিন্তু বৰ্তমান সমাজত কৃষক শ্ৰেণীৰ কৰ্ম বিমুখতা আৰু অনিহাৰ ছবি খনে জ্ঞানকমল ডাঙৰীয়াক  খুচি-বিন্ধি থকা পৰিলক্ষিত হয়। তাৰে পৰিত্ৰাণৰ আশাত কবিতায়ে লিখিছে-

"শ্মশান যাত্ৰাৰ গহীন আন্ধাৰ নিশা
ক'তো নাই জোনাকৰ চিন।
আন্ধাৰ নাশি সূৰ্য উদয় হ'ব,
পাহাৰ ভৈয়ামৰ সেউজী পথাৰত
 তিৰবিৰ কৰি আঘোনে হাঁহিব।
বোকা পানীৰ গোন্ধ ভাল লগা হ'ব।"


তেখেতৰ কবিতাৰ মাজত অশুভ শক্তিৰ বিৰুদ্ধে বিপ্লৱী চেতনাৰো গঢ় লৈ উঠা দেখা যায়। তাৰে এচাম দেশীয় স্বাৰ্থপৰ সুবিধাবাদী লোকেও সাধাৰণ জনসাধাৰণক শোষণ কৰিবলৈ উঠি পৰি লগা দেখা যায় । যাৰ শোষণৰ বলি হৈ সেই একে ঘৰৰে জনতাই হাবাথুৰি খাই ককবকাব লগা হয় । সেয়ে তেওঁৰ  "যৌতুক" কবিতাৰ এটা স্তৱকত লিখিছে-

"তই হেনো বকুল ফুলৰ মালাৰ জীৱন ডাইনী
তোক নাপালেই প্ৰেম চলনাৰ, কৌশলী পাক চকৰীত
কুণ্ডলীৰ দৰে ঘূৰে নাৰী।
তোক নাপালেই অজ্ঞাতে আৰম্ভ হয়
প্ৰেম হত্যাৰ আখৰা।
দিশহাৰা হয় ভেলেঙী হৰিণীৰ জীৱন।
কি আছে তোৰ মাজত হা•••
তথাপিতো শিৰৰ ৰঙা সেন্দুৰ কন
জীয়াই ৰখাৰ কিমান যে হেপাঁহ
কিমান যে চিন্তা।
ঔষধ ৰূপী যৌতুক দিলেই হেনো
প্ৰেম স্বৰ্গীয় হয়।
সেয়ে সকলো পাহৰি ৰঙি ফুলেৰে
আকৌ পুৰুষলৈ বুলি
প্ৰেমৰ মালা গাঁঠে।
আকৌ আগৰ দৰে ৰং-ৰূপ
সমানেই গিলাচ ভত্তি মৰম
কি এক বিভৎস্য জীৱন।"

তেনে একে বিপ্লৱী চিন্তাৰে মাতৃভাষা, প্লাৱন, সমকামিতা, স্বাধীনতা আৰু  কেইবাটাও কবিতাৰ ফচল লক্ষ্য কৰা যায়।আনহাতে দেশ স্বাধীন হোৱাৰ পাছত ভাৰতীয় মানুহৰ মনত গণতান্ত্ৰিক চেতনাই প্ৰবল ৰূপ ধাৰণ কৰা দেখা যায়। কিন্তু কবিৰ দৃষ্টিত এনে স্বাধীনতাই বেলেগ দিশেৰ গতি কৰিছে। তেওঁ "স্বাধীনতা" কবিতাৰ মতে সাধাৰণ  জনতাৰ বাবে ই আলাউদ্দীনৰ চাকিৰ লগত তুলনা কৰিছে। কবিয়ে চাৰিও ফালে দেখা দিয়া অনিশ্চয়তাৰ মাজতে অনাগত দিনত কিবা পোৱাৰ আশা পুহি ৰাখিছে । সেয়ে "আশা" কবিতাটোত লিখিছে-

"জীৱন ৰথৰ চকৰীত
টাকুৰী ঘূৰাদি ঘূৰিছো,
পমুৱা তুলাৰ দৰে উৰিছো।
অমাৱস্যাৰ পাছত পূঁণিমাৰ কথা দোহাই দি
মাজে মাজে বলিয়া মনটোক
সান্তনা দিছো।"

আকৌ  মাজে মাজে জীৱন চক্ৰৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ সমস্ত ভাৰ কঢ়িয়াই আগুৱাই যোৱাৰ সপোন পুহি ৰাখিছে।"জোনাকৰ সন্ধান" ত লিখিছে- 

"জীৱনে হাঁহি উঠিব
নতুন দিগন্তই হাট বাউলি মাতিব।
চিৰ দিনলৈ খোদিত হ'ব
জীৱনৰ মসৃণ বাট।"

শেষত অসমীয়া জাতিৰ এনে অৱক্ষয়ৰ কালত কবিৰ আত্মবিশ্বাস হেৰাই যোৱা নাই। কবিয়ে মানসিক ভাৱে নতুনকৈ  আত্মবিশ্বাসেৰে জীৱনী শক্তি সঞ্চাৰ কৰি আগবাঢ়ি যোৱাৰ পণ তুলি লৈছে। কবিৰ নিজস্ব মন্ত্ৰৰে নিজৰ হাবিয়াসৰ কথা ক'ব খুজিছে এইদৰে -

"চুব খোজো  মাথোঁ
তোমাৰ সু-উচ্চ নীলাৰ গভীৰতাক
যি নীলাৰ আবেস্তনীত
বিশ্বাস আৰু পৰিশ্ৰমেই আৰ্শীবাদ,
নীৰ্ভিকতাই মোৰ অস্ত্ৰ।"

                  🙏
              -ঃসমাপ্তঃ-

✍️মিতালী দলৈ।
পেচা-শিক্ষক, কস্তুৰৱাগান্ধী বালিকা বিদ্যালয়,তেজপুৰ, ঠেলামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)