কিয় স্তব্ধ কৰাৰ প্ৰয়াস কৰা তোমালোকে
আমি লিখা কবিতাবোৰ?
আমাৰ কলমৰ স্পৰ্শত ওলাই অহা
শব্দ বোৰলৈ ভয় নে তোমালোকৰ?
নে শব্দৰ মাজত লুকাই থকা সত্যতালৈ ভয়?
আমি সৰল ভাবে লিখা শব্দৰ বান্ধোনবোৰলৈ ভয় নে?
আমাৰ কবিতাৰ মাজেৰে তোমালোকৰ মূখা উন্মোচনৰ ভয়?
কোনটো ভয়ত আজি তোমালোক ভয়াতুৰ?
শব্দৰ ভয় নে সত্যতাৰ ভয়?
যিমানেই যি নকৰা কিয় তোমালোকে,
আমাৰ কলম স্তব্ধ নহয়।
নুমাই নাযায় আমাৰ মনত জ্বলি থকা জুইকুৰা
ওলাই থাকিব সেই অগ্নিৰ শব্দবোৰ
সেই শব্দবোৰক সাৰথি কৰি কলমো চলিব অবিচল ।
সুন্দৰ
ReplyDelete