ক্লান্ত ৰাতিৰ অৱসানত পূৱালী আকাশত
সুৱৰ্ণ পক্ষীৰ গান
এটা সেউজীয়া বাট মৃত্যুৰ বেহু ফালি
বুকুৰ ভিতৰলৈ সোমাই আহে
আন্দোলিত হৃদয়ত যুদ্ধজয়ৰ সমাৰোহ
আৰু কপহুৱা ডাৱৰৰ গুণ গুণ ৰাগ
ক্লান্ত ৰাতিৰ অৱসানত পূৱালী আকাশত
সূৱৰ্ণ পক্ষীৰ গান ৷
(ক’ৰণা ৰোগক জয় কৰা মোৰ বান্ধৱী আৰু প্ৰতিজন বিজয়ীলৈ ৷)