অনুভৱ - পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

Aditi Tanti
0
শিশু বুলি ক’লে সাধাৰণতে জন্মৰ পৰা ছয় বছৰ বয়সৰ শিশুসকলক ধৰা হয় ৷ এই সময়ছোৱাত শিশু সকলৰ গাত দেৱ-দেৱতাসকল বিদ্যমান থাকে বুলি কোৱা হয় ৷ সেয়ে এই বয়সৰ শিশুসকলক দেৱশিশু বুলি  কোৱা হয় ৷ 
    দেৱশিশু মানে দেৱতা সদৃশ মনুষ্য । যাৰ - কাম , ক্ৰোধ , লোভ , মোহ , মদ , মাৎসৰ্য্য এই ছয় ৰিপুৰ কিম্বা সত্ত্বঃ ৰজঃ তমঃ এই তিনিগুণৰ এটাৰো জ্ঞান নাথাকে অৰ্থাৎ  এই দেৱশিশু সকল সাংসাৰিক জীৱনৰ মায়া মোহকে ধৰি কোনো বিষয় বাসনাৰে অৱগত নহয় ৷ তেওঁলোকৰ নিৰ্ভেজাল , নিষ্পাপ শিশু মনটোৱে ভাল-বেয়া , উচিত-অনুচিত একো বুজি নাপায় ৷  খেলা-ধূলাৰ মাজেদি কেতিয়াবা নকৰিবলগীয়া কিবা এটা কৰি পেলায় । কেতিয়াবা কাৰোবাক বিশেষ ব্যস্ত মুহূৰ্তত খেলাৰ লগৰী বিচাৰি আমনি কৰিব পাৰে বা আন কেতিয়াবা ঘৰৰ অত্যন্ত দৰকাৰী বা প্ৰয়োজনীয় মূল্যবান আহিলা নষ্ট কৰিব পাৰে ৷ এনেক্ষেত্ৰত বহু পিতৃ-মাতৃ , অভিভাৱক বা সমাজৰ অভিজ্ঞ ,বয়োজ্যেষ্ঠ লোকে সেই শিশু সকলক খং-ৰাগ কৰা দেখা যায় ৷ আন কিছুমানে আকৌ ঘৰৰ বা স্কূলৰ অথবা ওচৰ-চুবুৰীয়াৰেই হওঁক বিনাদোষতে সামান্য অজুহাত উলিয়াই  শিশুসকলৰ ওপৰত খং কৰা দেখা যায় ৷ আনকি কেতিয়াবা কেতিয়াবা এই  খং ইমানেই প্ৰবল হৈ উঠে যে - ই মাৰপিটৰ দৰে অমানুষিক অত্যাচাৰত পৰিণত হোৱাও দেখা যায় যিটো একেবাৰে অনুচিত কাৰ্য বুলি ক’ব পাৰি ৷ যিহেতু শিশু সকল এই বয়সত বিষয় বাসনাৰ প্ৰতি সম্পূৰ্ণৰূপে অনভিজ্ঞ আৰু বস্তু-বাহানিৰ মূল্যবোধো সিহঁতৰ নাথাকে ৷ 
      ডাঙৰসকলে বুজি পায় খং নামে চণ্ডাল ৷ অৰ্থাৎ খং অতি বেয়া কথা ৷ যদি সেইটো বেয়া কথা তেনেহলে অবুজ শিশু এটাক ( তাৰ অজ্ঞানতাৰে কৰা ভুলৰ বাবে ) আমি এই বেয়া কামটো শিকাই দিওঁ কিয় ? শিশু যিহেতু অনুকৰণপ্ৰিয়  সেয়ে ডাঙৰে যি কৰিব সিহঁতেও তাকেই কৰি যাব ৷ ডাঙৰে মৰম কৰিলে সিহঁতেও সকলোকে মৰম কৰিব লাগে বুলি শিকিব আৰু ডাঙৰে যদি খং-ৰাগ কৰি দেখুৱায় ,  শিশুৰ কোমল মনটোৱে সেইটোকে  কৰিব লাগে বুলি  বুজি লৈ সমনীয়া কিম্বা আনৰ লগত তেনে আচৰণ আৰম্ভ কৰিব ৷ গতিকে এনেক্ষেত্ৰত শিশুসকলৰ সৰু-সুৰাই হওঁক অথবা ডাঙৰ কিবা দোষেই হওঁক সেই দোষৰ বাবে খং কৰাটো একেবাৰে যুক্তিসংগত নহয় ৷ বৰঞ্চ অতি মৰম আব্‌দাৰেৰে শিশুসকলক সেই সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিবলৈ আৰু আগলৈ এনে ভুল নকৰিবৰ বাবে বুজাব লাগে ৷ এইয়া অগ্ৰজসকলৰ শিশুৰ প্ৰতি গুৰুদায়িত্ব ৷ ইয়াকে নকৰি অবুজ শিশুৰ ওপৰত হকে বিহকে খং কৰাটো এটা মানসিক ৰোগ বুলিয়েই ক’ব পাৰি ৷
    শিশু বুলিলেই মৰম-চেনেহৰ এক পৰম অনুভূতি ৷ নিজৰেই হওঁক কিম্বা আনৰেই হওঁক ,  হৃদয়বান ব্যক্তি এজনে শিশু এটি দেখাৰ লগে লগে মৰম কৰিবলৈ আগুৱাই যায় ৷ তদুপৰি হাতত লজেন্স জাতীয় ( আজিকালি চকলেট , চিপচ্‌ ) কিবা এটা দি একোলা ল’বলৈ পালেহে  অতিশয় আনন্দ পোৱা যায় ৷ তেনেস্থলত এই ভগৱান স্বৰূপ শিশুসকলৰ ওপৰত যিয়ে খং কৰিব পাৰে তেওঁ নিশ্চয় এজন মানসিক ৰোগীয়েই হ’ব লাগিব , যাৰ আপোন ক্ৰিয়া-কৰ্মৰ কোনো জ্ঞান নাথাকে অৰ্থাৎ কি কৰিছে নিজেই নাজানে ৷
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)