আজি হ'ল ১৯ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২০০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৬৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---
🔴আজি ম্যানমাৰৰ শ্বহীদ দিৱস।
🔴আজি নিকাৰাগুৱাৰ মুক্তি দিৱস।
🔴১৮২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম হৈছিল (মৃত্যু ১৮৫৭)
🔴২০০৮ চনৰ আজিৰ দিনটোতে এজন অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰ ভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল।
🔴২০১১ চনৰ আজিৰ দিনটোতে অসমৰ বিদ্যালয় সমূহত ৩০ লাখ ভুৱা ছাত্ৰ-ছাত্ৰী আছে বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছিল।
🔴২০১২ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ ত্ৰয়োদশ গৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
🔴২০১২ চনৰ আজিৰ দিনটোতে অমৰনাথলৈ কৰা যাত্ৰাত ৮০ জন লোকৰ মৃত্যু হৈছিল।
🔴২০১১ চনৰ আজিৰ দিনটোতে গোৰ্খালেণ্ডলৈ অধিক স্বায়ত্ত্ব শাসন প্ৰদান কৰি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছিল।
🔴১৯৬৯ বৰ্ষৰ আজিৰ দিনটোতে ভাৰতৰ ১৪টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
ম্যানমাৰৰ শ্বহীদ দিৱস।
নিকাৰাগুৱাৰ মুক্তি দিৱস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ