আই অসমী-শেৱালী গড়

©Admin
9
অসম মোৰ ঘৰ
    নাই কোনো জাত-উপজাত
উদম্ভাদালি মনোভাৱ,
   আমি ভাৱ মিলনৰ
      এক সংঘভূমি।
ভিন্ন জাতি-জনজাতিৰ
   দেহা ফাটি, হৃদয় জোৰা লগা,
নিৰপেক্ষ, মন হৰষিত
     "অ" মোৰ অসমী় আই।
 পাহাৰ ভৈয়াম,চৰাই-চিৰিকটি
      ঢোল-মাদল, পেঁপা-গগণাৰ
    বিহু, ঝুমুৰ ভিন্ন জাতি-জনজাতিৰ মিলনৰ গান।
  গানৰ সুৰে-সুৰে,তালে-তালে, কঁকাল ভাঙি নচা 
     নৃত্য পৰিৱেশ।
ফুলে-ফুলে উৰি ফুৰা
    মৌ-মাখি, পখিলাৰ মেল,
কিযে মতলীয়া গণ
   কৰে ভাৱৰীয়া, মোহনীয় মন।
কি যে আঁকুল হৃদয় ব্যাকুল কৰে
   "অ" মোৰ অসমী আই।।
                
✍️ শেৱালী গড়

Post a Comment

9Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment