অপেক্ষা-উৎপল মৰাং

©Admin
0
অপেক্ষা কৰা নাই মই
মাথোঁ ৰৈ আছো,
নিৰাশাতো ভুগা নাই মই
মাথোঁ দুখ পাইছো।
তোমাক এহেজাৰ প্ৰশ্ন কৰিব বিচাৰোঁ
মাথোঁ তুমি নাই।
তোমাৰ লগত বহুত পল
কথা পাতিব বিচাৰোঁ
মাথোঁ কল্পনা নাই।
নহয় নহয় কল্পনা বহুত আছে
মাথোঁ হেজাৰ কল্পনাৰ ভাৱনাবোৰ
উশাহে লৈ যায়।
তুমি কাষত থাকিওচোন আজি
কাষত নাই,
কল্পনা কৰিওচোন তোমাৰ
ব্যক্তবোৰ অকল্পিত হৈ ৰৈছে।
আৰু এনেকৈ কিমান দিৱস তোমাৰ
ভাৱনাৰে মোৰ হাবিয়াসবোৰ সাৰ পাব।
আৰু কিমান হেঁপাহেৰে মই
তোমাক চাম,
কৰ্ণ - কুন্তীৰ বিষাদৰ দৰে আজি
মোৰো বুকু তোমাৰ সেই
অনুপস্থিতিৰ বিষেৰে ভৰি পৰিছে।

✍️ উৎপল মৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)