যেতিয়া বৃদ্ধা গুলঞ্চী আইতাই জোৰকৈ চকুদুটা মেলিলে তেতিয়া লগে লগে পুতেক বোৱাৰীয়েকৰ কৰ্কশ মুখ দুখন চকুৰ আগত ভাঁহি উঠিল। গুলঞ্চী আইতাৰ কাণত থৰহ থৰহ কৈ বোৱাৰীয়েকৰ নিৰ্মম বাক্যৰ শিলাবৃষ্টি হ'ব ধৰিলে ----" হেৰী ! এনেকুৱা শাহুৰ লগত মই আৰু এক মিনিটো থাকিব নোৱাৰোঁ। মোক বোৱাৰীৰ এডভাইছ দি দি কাণ ঘোলা কৰি দিছে ! কেৱল কেপ-কেপ , কেৱল কেপ-কেপ !! আনৰ বহতীয়া হ'বলৈ মই বিয়া হৈ অহা নাই ! তিতা-কেঁহা লগাই দিছে । হেৰী মোক লাগে যদি এইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া । এনেকুৱা শাহু মৰি যোৱাই ভাল ......... !!"
বোৱাৰীয়েকে বহতীয়া বনাই পেলোৱা পুতেকেও লগে লগেই সিংহৰ গৰ্জনেৰে গৰজি আনকি লপা-থপাও দি বৃদ্ধা মাকক চোঁচোৰাই গাড়ীত বহুৱাই কৈ উঠিল----" ...... তই--- তই ঘৰত থকাৰ যোগ্য নহয়। ব'ল---- ব'ল তোক এতিয়াই কৰ'বাত থৈ আহোঁ ! এনেকুৱা মানুহ মৰি যোৱাই ভাল ...... !!" এই বুলি মাকক জোৰকৈ গাড়ীত লৈ গৈ ৰাস্তাৰ কাষত গাড়ীৰ পৰা গতিয়াই দিলে ----" তই মৰি যোৱাই ভাল ...... !!"
তাৰপিছত আৰু একো মনত নাই । যেতিয়া ৰাস্তাৰ কাষত পৰি থকাৰ পৰা জোৰকৈ চকুদুটা মেলিছে তেতিয়াই গুলঞ্চী আইতাৰ মুখৰ পৰাও কেকাই কেকাই ওলাই আহিল----"...... আহ ! এনেকুৱা মানুহ সঁচাই মৰাই ভাল....... !!"
✍️ দুৰ্লভ বৰুৱা ,
গুৱাহাটী।