মৃত্যুৰ সমাধিত-হৰিপ্ৰিয়া নাথ

পংখী মৰাণ
0
মৃত্যুৰ সমাধিত দুচকু মুদি
মাগিছোঁ শেষ বিদায়,
আশাৰ বন্তি গছি তাতেই উবুৰিয়াই
মৃত্যুৰ সমাধিত ৰৈ থাকিম চাই।
ৰূদ্ধ আকাশ, ৰূদ্ধ বতাহ
স্তব্ধ হয় সময়,
নিয়তিৰ পৰিহাসত নিথৰ দেহটি
তাতেই পৰি ৰয়,
যত ক্লান্ত উশাহবোৰেও
জিৰণি লয় ।
মৃত্যুৰ সমাধিত ধোঁৱা আৰু ছাইত
বিলীন হয় হেজাৰ ব্যাধী,
হাহিঁ - কান্দোন একাকাৰ কৰি বৈ থাকে
মৃত্যু বিভীষিকা পৃথিৱীত নিৰবধি ।
অৱসাদবোৰ আঁতৰাই
শান্তিৰ কোলাত জীৱনে লব জিৰণি,
ক্লান্ত হৃদয়ে উশাহবোৰ সলাই
ধৰাৰ বুকুত মাৰিব সামৰণি।
মৃত্যুৱে জীৱনৰ শেষ গান,
যত প্ৰাপ্তিবোৰো হয় ম্লান,
একাঁজলি অশ্ৰু মাথোঁ ওলমি ৰ'ব,
জীৱনেও শেষ হাঁহিৰে চিৰবিদায় মাগিব।।
  
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)