গুৰু-সংগীতা ডেকা

©Admin
0
মমডাল খুব প্ৰিয় "অনুপৰ" । নিজে জ্বলি জ্বলি যে সকলোকেই আলোকিত কৰিছিল । তাৰোপৰি তাৰ অনাথ জীৱনক সাহসেৰে নিজে অকলে হ'লেও, সৎ পথেৰে পৰিশ্ৰম কৰি আগুৱাই নিবলৈ প্ৰেৰণাৰ স্ৰোত আছিল । কিন্তু আজি দামী গাড়ীখনৰ ভিতৰত গ্লাচ খনৰ মাজেৰে হঠাতে দেখি তাৰ বুকুখন ফাটি দুনয়নেৰে তেজ বৈ আহিল । এটুকুৰা ৰুটিৰ এটি সৰু অংশ, চকুলো, পৰি থকা পানীৰ বটল আৰু ভোকাল পেটটো দেখি সি আৰু ৰ'ব নোৱাৰিলে । তৎক্ষণাত এক ডাঙৰ সিদ্ধান্ত ল'লে । বৃদ্ধাশ্ৰমলৈ যোৱা পথটোৰ মাজতেই তো তাৰ বৃহৎ অট্টালিকাটো এতিয়াও জীয়াই আছে । পুত্ৰ, পত্নী আৰু তাক লৈ আধৰুৱা হৈ থকা সেই বিশেষ "ফ্ৰেমটো" আজি পূৰ্ণ হ'ব । "অনুপৰ" প্ৰাণৰো প্ৰাণৰ "ফ্ৰেমটো"ৱে তাক উপহাৰ হিচাবে প্ৰদান কৰোতাজনক পাব.


✍️ সংগীতা ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)