পৰিৱৰ্তন-সবিতা দাস

অসমীয়া সাহিত্যৰ চানেকি
0
আজি  আহাৰ মাহৰ দুই তাৰিখ । আজি পৰাগ হাজৰিকা বহুবছৰৰ মূৰত গাঁৱৰ ঘৰলৈ আহিছে । সৰুতেই মাহীমাকৰ অত্যাচাৰ সহিব নোৱাৰি গুৱাহাটীত থকা ডাঙৰ মোমায়েকৰ ঘৰতে থাকি পঢ়া-শুনা কৰিলে। এতিয়া সি জালুকবাৰী থানাৰ এচ আই হিচাপে কৰ্মৰত । পত্নী নিবেদিতা আৰু একমাত্র সন্তান অমৰৰ সৈতে সিহঁতৰ এখন সুখৰ সংসাৰ । আজি সম্পূৰ্ণ বিশ  বছৰৰ পিছত গাঁৱৰ পদূলিত ভৰি দি তাৰ এনেকুৱা লাগিল এইখন তাহানিৰ সেই পদুমণি গাওঁ নহয় ,গাওঁখন  তাৰ একেবাৰে অচিনাকি অচিনাকি লাগিল । গাওঁখনত নাই সেই চিনাকী সুৱাস,নাই বোকামাটি ,নাই বকুলৰ গোন্ধ , নাই তাৰ চিনাকী একোৱেই নাই । এইখন এখন পৰিৱৰ্তনমুখী অচিনাকী গাওঁ ।

    
               পৰাগ হাজৰিকাই এঘাৰ বছৰ বয়সতেই  এই গাওঁখনি এৰিছিল । তেতিয়া গাওঁখনত বিজুলীবাতিৰ ব্যৱস্থা
 নাছিল । গধূলি হ'লে গাঁৱৰ ঘৰে ঘৰে কেৰাচিন তেলৰ  চাকি আৰু লেম্প জ্বলিছিল । চাকিৰ পোহৰত ল'ৰা ছোৱালীহঁতে চিঞৰি চিঞৰি পঢ়া ওচৰৰ ঘৰৰ মানুহেও শুনিছিল ‌। কাৰোবাৰ ঘৰত যদি কোনোবাই নপঢ়াকৈ আছিল তেতিয়া ওচৰৰ ঘৰত পঢ়ি থকা শুনিলে মাকে নিজৰ সন্তানটিক কৈছিল "বাপুকণহঁতে দেখিছ কেনেকৈ পঢ়িছে ? যা তয়ো পঢ়গৈ মই ভাত ৰান্ধো আমনি কৰি নাথাকিবি ।নহ'লে এই খৰিডাল দেখিছ তোৰ পিঠিৰ ছাল তুলিম।" চিৰাখৰিৰ কোব খোৱাৰ ভয়ত সেই সন্তানটিও বস্তাখন পাৰি মাকৰ ওচৰতে পঢ়িব বহিছিল ।  এতিয়া অৱশ্যে গাওঁখন বিজুলীবাতিৰ পোহৰত উজলি উঠিল আৰু চিঞৰি চিঞৰি পঢ়া তাহানিৰ সেই ল'ৰা -ছোৱালীহঁতৰ দৃশ্যাৱলীও কালৰ গৰ্ভত লীন গ'ল ।

                লাহে লাহে গাওঁখনত  পৰিৱৰ্তনৰ ধুমুহা বলিল ।  পৰাগ হাজৰিকাহঁত যেতিয়া সৰু আছিল তেতিয়া সিহঁতৰ গাওঁখনি বাৰিষাকাল মানে হ'ল আলি -পদূলিবোৰ বোকামাটিৰে ভৰপূৰ গাওঁ । পথাৰত জাক জাক বগলী । গোটেই গাওঁখন পক্ষীৰ কাকলিত মুখৰিত হৈ আছিল । সেই  সময়ছোৱাতে কেতেকীৰ "কঁঠাল পকো কঁঠাল পকো " মাতটিয়ে কণ - কণ  ল'ৰা -ছোৱালীখিনিক বেচ আমোদ দিছিল । কেতেকীৰ সুৰতেই সুৰ মিলাই সিহঁতেও গাইছিল "কঁঠাল পকো মোকো দিব ,কঁঠাল পকো মোকো দিব " । আবেলি হ'লেই এজাক গৰখীয়া ল'ৰাৰ কলকলনিত চুবুৰীটো ৰজনজনাই আছিল । তেতিয়াৰ সময়ত বিদ্যালয়ৰ পৰা আহি সৰু ল'ৰাবোৰে (ছোৱালীও গৈছিল ) গৰু চৰাবলৈ গৈছিল । গৰুবোৰক ঘাঁহ খাবলৈ দি সিহঁতে নামঘৰৰ বাকৰিত কাবাডী,মাদে ,চুৱাচুৱি ,লুকা-ভাকু আদি খেল খেলাত ব্যস্ত হৈ পৰিছিল ।  খেলৰ মাজত সিহঁতে কেতিয়াবা ইমানেই মচগুল হৈ পৰিছিল যে গৰুৰ কথা পাহৰি গৈছিল । গৰুজাকৰ দুই এটাই গৈ ওচৰৰ কঠীয়াতলীত সোমাই কঠীয়া খাই তহিলং কৰিছিল । কঠীয়াৰ গৰাকীয়ে দেখিলে ল'ৰাহঁতে গালি -শপনি খোৱা ঘটনা প্রায়ে ঘটিছিল ।কেনেবাকৈ যদি দেউতাকৰ কাণত পৰে তেনে সিদিনা গধূলি ল'ৰাৰ পিঠিত ঔ কিল পৰাটো খাটাং ।এতিয়া সেই ৰামো নাই  অযোধ্যাও নাই । এতিয়া ল'ৰা-ছোৱালীৰ হাতত একো একোটা স্মাৰ্টফোন ,য'ত সকলোৱে ভিডিঅ' গেমত ব্যস্ত আৰু কান্ধত গধুৰ গধুৰ কিতাপৰ বোজা । ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ ইহঁত একো একোজন মাথোঁ প্রতিযোগী । কিয়নো ইহঁত এতিয়া যান্ত্রিক পৃথিৱীৰ একো একোটো যন্ত্র । এই যে সময় প্রতিযোগিতাৰ সময়,যান্ত্রিকতাৰ সময়  ।
          
              পৰাগ হাজৰিকা সেই ল'ৰাজাকৰ এজন আছিল ।যিজন ল'ৰাই তেওঁৰ শৈশৱ পাৰ কৰিছিল পঢ়াৰ লগতে গৰু চৰাই ,আম- জাম বিচাৰি ,সমনীয়াৰ সৈতে খেল -ধেমালি কৰি । তেওঁৰ দেউতাক ইন্দ্রজিত হাজৰিকা গাওঁখনৰ ভিতৰতে এজন নামজ্বলা খেতিয়ক আছিল । চাৰিপুৰা মাটি অকলেই চহ কৰিছিল । একমাত্র সাৰথি আছিল বলধহাল । ঘৰখনো নদন বদন আছিল । আম,কঁঠাল,জাম, মধুৰিআমেৰে  ভৰপুৰ বাৰীখনত শাৰী শাৰী তামোল -পাণৰ গছ । বাৰীখনৰ এটা ফাল আনাৰসৰে ভৰপূৰ। তাৰ মাজতে আছে জলফাই গছ, তেজপাতৰ গছ , কৰ্দৈগছ আৰু  পদূলিমুখত নাৰিকলৰ গছ । বাৰীখনৰ পিছফালে এটি পুখুৰী ,লাগ বুলিলেই ইন্দ্রজিতৰ মাকে  জালখন লৈ গৈ ধৰিছিল আনিছিল কাৱৈ -পুঠি । মাকে আলহী আহিলে ঘৰৰ পাচলিৰে (ভেণ্ডি বেঙেনা ,জিকা,ৰঙালাউ,জাতিলাউ,তিয়ঁহ আদিৰ খেতিও ইন্দ্রজিত আৰু দেউতাকে কৰিছিল ) এসাঁজ তৃপ্তিৰে খুৱাই পঠিয়াছিল ।একেষাৰতে ক'বলৈ গ'লে ইন্দ্রজিতৰ ঘৰখন চুবুৰীটোৰ ভিতৰতে এখন আদৰ্শ ঘৰ আছিল ।

               ইন্দ্রজিত হাজৰিকাৰ পত্নীগৰাকীও পাকৈত গৃহিণী  আছিল । বোৱাৰীপুৱাতে উঠি বাহীবনৰ পৰা আদি কৰি ৰন্ধা-বঢ়া কৰা তাঁত বোৱা, সূতাকটা ,ভুঁই ৰোৱা  সকলো কামেই কৰিছিল । এনে এজনী বোৱাৰী পাই ইন্দ্রজিতৰ মাকে নিজকে ধন্য মানিছিল ‌। গাঁৱৰ মানুহে ইজনে সিজনক কৈছিল "ইন্দ্রৰ মাকে আগৰ জনমত
পূণ্যৰ কাম কৰিছিল ,সেয়েহে এনেহেন এজনী বোৱাৰী পাইছে "। সকলোৰে মুখে মুখে ইন্দ্রৰ পত্নীৰ নাম ।মানুহৰ সুখবোৰ বেছিদিন নাথাকে ,সুখ ক্ষন্তেকীয়া ।  "ৰাখে হৰি মাৰে কোনে ,মাৰে হৰি ৰাখে কোনে" ! পৰাগক জন্ম দিয়ে ইন্দ্রজিতৰ পত্নীয়ে শেষ নিশ্বাস ত্যাগ কৰে । পৰাগ জন্ম হৈয়ে মাতৃহাৰা হয় । দেউতাক ইন্দ্রজিতে ঘৰখনৰ মানুহৰ বুজনিত দ্বিতীয় বিবাহ কৰায় । এই বিয়াত ইন্দ্রজিতৰ  মত নাছিল যদিও  পৰাগক এগৰাকী মাকৰ প্রয়োজন অনুভৱ হোৱাত গাঁৱৰে নগেন ঠিকাদাৰৰ জীয়েকৰ সৈতে পুনৰ যুগ্ম জীৱনৰ পাতনি মেলে । প্রথমাৱস্থাত মাহীমাকে পৰাগক খুব মৰম কৰিছিল কিন্তু মাহীমাকৰ কোলালৈ নিবিৰ অহাৰ লগে লগে পৰাগক সতিনীৰ সন্তান বুলি অৱহেলা কৰিবলৈ ল'লে । কথাই প্রতি গালি দিয়া , ভুল নথকাকৈ কোবোৱাটো মাহীমাকৰ স্বভাৱত পৰিণত হ'ল । দেউতাকে সকলো দেখিও একো কৰিব নোৱাৰা অৱস্থা হ'ল ।ঘৰখনৰ মানুহে মাহীমাকৰ কথাতহে উঠা-বহা কৰা হ'ল । পৰাগৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা । 

              মাকৰ মৰম অবিহনেই সি ডাঙৰ হ'ল । সকলো গতানুগতিকভাৱে চলি থাকিল । কেৱল পৰাগৰ প্রতি মাহীমাকৰ অত্যাচাৰ দুগুণে বৃদ্ধি পাব ধৰিলে আৰু এদিন অত্যাচাৰ সহিব নোৱাৰি ডাঙৰ মোমায়েকৰ লগত গুৱাহাটীলৈ গুছি গ'ল । সেই যি গ'ল সি আৰু কেতিয়াও গাঁৱলৈ উভতি অহাৰ নাম নল'লে ‌ ।  তাতে সি পঢ়া -শুনা কৰিলে । দেউতাক আৰু আইতাকে বহুবাৰ আনিবলৈ চেষ্টা কৰিছিল যদিও পৰাগ নাহিল । দেউতাকে মাজে সময়ে পুতেকৰ ওচৰলৈ গৈছিল । গুৱাহাটীলৈ গ'লেই  পৰাগৰ পঢ়াৰ খৰচৰ বাবদ কিছু টকা মোমায়েকৰ  হাতত গুজি দি আহিছিল যদিও বয়স হৈ অহাৰ লগে লগে তাকো বাদ পৰিল । সিও ডাঙৰ হ'ল নিজে ধন ঘটিব পৰা হ'ল । আইতাক ঢুকোৱাৰ সময়তো সি  আহিব নোৱাৰিলে ব্যস্ততাৰ অজুহাতত ।ভায়েক নিবিৰে অৱশ্যে ককায়েকৰ ওচৰলৈ ঘনাই যায় । ইহঁতে ইজনে সিজনক বহুত ভালপায় । আজিও সি একমাত্র ভায়েকৰ বাবেই গাঁৱৰ ঘৰলৈ আহিছে ।
আজি এমাহৰ পৰা দেউতাকৰ টান নৰিয়া ,মৃত‌্যুক্ষণ গণি বিচনাতে পৰি আছে । পৰাগক এবাৰ চাবলৈ তেওঁৰ বৰ মন । ভায়েক নিবিৰে খবৰ দিয়াত পৰাগ আজি পিতৃগৃহলৈ আহিছে । জন্ম দিয়া পিতৃক কোনেনো পাহৰিব পাৰে ! পৰাগেও খং -অভিমান  একাষৰীয়া কৰি পত্নীক লৈ দেউতাকৰ ওচৰলৈ ঢাপলি মেলিছে । পৰাগে ভাৱত মচগুল হৈ আহি থাকোঁতে কেতিয়ানো ঘৰৰ পদূলি পালে ততেই ধৰিব নোৱাৰিলে । 
-"দাদা -নবৌ তোমালোক আহিলা ? "  পিছফালৰ পৰা ভায়েক নিবিৰে মাত দিয়াতহে সি বাস্তৱলৈ ঘুৰি আহিল ।
- অ' আহিলোঁ নিবিৰ ,তই ক'ত গৈছিলি ?
-দেউতাৰ ঔষধ আনিব ফাৰ্মাচিলৈ গৈছিলোঁ । অমৰ নাহিল নেকি ?
-নাই অ' তাক লৈ নানিলোঁ পৰীক্ষা চলি আছে ‌।  কথাবাৰ্তাৰ মাজেৰে সিহঁতে লোহাৰ গেটখন খুলি ভিতৰলৈ  সোমাই গ'ল । 

           
             চোতালখনত ভৰি থৈয়ে তাৰ মনত পৰিল আইতাকলৈ । এইখন চোতালতে আইতাকৰ কোলাত শুই যে সি কিমান সাধু শুনিছিল হিচাপ কৰিবলৈয়ে টান । গৰমৰ দিন‌। এতিয়াৰ দৰে তেতিয়া চিলিং ফেন ,এ চি ৰুম, টিভি নাছিল  । এতিয়াৰ দৰে সিহঁতে ফেনৰ বতাহৰ আমেজ লৈ শুই- শুই  টিভিত কাৰ্টুন চাবলৈ পোৱা নাছিল । তৰাভৰা আকাশৰ তলত ঢাৰিখন পাৰি সি আৰু আইতাক এই চোতালখনতেই  বহিছিল ‌। দিনটো অলৌ -টলৌকৈ ঘূৰি ভাগৰি পৰা পৰাগে আইতাকৰ কোলাতে মূৰটো গুজি দিছিল আৰু আইতাকে বিচনীৰে বিচি- বিচি তাক সাধু শুনাইছিল ‌ । সাধু শুনি শুনি সি আইতাকৰ অজ্ঞাতে টোপনিত লালকাল দিছিল । বুদ্ধিয়ক শিয়ালৰ সাধু,তেজীমলাৰ সাধু, চম্পাৱতীৰ সাধু ,চিলনীৰ জীয়েকৰ সাধু  , কুকুৰ আৰু কাউৰীৰ সাধু, আদি বহুতো সাধু আইতাকৰ নখদৰ্পনতেই আছিল । এতিয়া অৱশ্যে ভালেমান সাধুৱে চিনেমা ৰূপ পালে । সাধু শুনিবলৈ এতিয়া আৰু আইতা এগৰাকীৰ প্রয়োজন নাই । টিভি বা ইউটিউব চেনেলতেই  আজিৰ ল'ৰা -ছোৱালীয়ে শুনিব নহয় চাবও পাৰে । কিন্তু সেই ল'ৰালিত সাধু শুনাৰ আমেজকণেই সুকীয়া আছিল ।

          পৰাগে চোতালত থিয় হৈ  চাৰিওফালে এবাৰ চকু ফুৰালে । আগৰ মাটিৰ ঘৰবোৰ এতিয়া  নাই নিবিৰে আৰ চি চি  বান্ধিলে । পদূলিৰ  নাৰিকল জোপাও নাই । আগচোতালৰ ঢেঁকীশালতো এখন সুন্দৰ ফুলৰ বাগিচা । ২০ বছৰ আগৰ ঘৰখন আৰু এতিয়াৰ ঘৰখনৰ মাজত আকাশ পাতাল প্রভেদ । 
:দাদা ,কি ভাবি আছা ? ব'লা আকৌ ভিতৰলৈ । 
: নাই এনেই কিবা এটা মনলৈ আহিছিল । নবৌৱেৰা ভিতৰলৈ গ'ল হ'বলা ?
:নবৌয়ে চাগে এতিয়া গৈ শহুৰকেৰ কাষ পালে । বোৱাৰীক পাই পুতেকক পাহৰি নগ'লে হ'ল । 
: হয় নেকি ?
:উম ...
:কি হ'ল তুমি মনটো মাৰি দিলা যে ?
:একো নাই । দাদা তুমি দেউতাৰ ওচৰলৈ যোৱা । দেউতাৰ চাগে তোমালৈ অপেক্ষা কৰি -কৰি আমনি লাগিছে অ'। এইকেইদিন তেওঁৰ মুখত কেৱল তোমাৰ কথা । 
:বাৰু মই দেউতাৰ ওচৰৰ পৰা আহোঁ। এই বেগটো লৈ যোৱাচোন ।
:ঠিক আছে দাদা ।
  
             এখোজ দুখোজকৈ দেউতাকৰ কোঠালৈ যিমানে পৰাগে আগবাঢ়ি গৈছে সিমানে ভয় ভাৱ এটা তাৰ বুকুলৈ উজাই আহিব ধৰিছে ‌ । মাহীমাকৰ ওপৰত খং কৰিয়েই সি ঘৰখনৰ সকলোকেই ত্যাগ কৰিছিল ‌। এবাৰলৈও সি দেউতাকৰ কথা ভবা নাছিল । মাথোঁ দেউতাকক কষ্ট দি গ'ল ।কোঠাত সোমাই দেউতাকৰ যিটো চেহেৰা দেখিলে সি আচৰিত হৈ গ'ল ‌। শুকাই -খীনাই এটি কংকালহে বিচনাত শুই আছে । সেই সুঠাম শৰীৰৰ মানুহজন ক'ৰবাত যেন  হেৰাই গ'ল । কুকুৰাৰ ডাকতেই নাঙলখন কান্ধত লৈ যোৱা দেউতাকৰ ছবিখন তাৰ চকুৰ আগত স্পষ্ট হৈ উঠিল । দুপৰলৈকে হাল বাই ঘৰলৈ উভতি ভাতপানী খাই আকৌ  কোৰখন লৈ গৈ পথাৰত আলি দিয়া দেউতাকজন আজি বিচনাত দিনে নিশাই শুই কটাইছে ‌। বিশ্রামৰ কথা তেওঁৰ মনলৈ নাহিছিলেই । হালখতিৰ দিনাও বাৰীখনত সোমাই  আনাৰসৰ গছবোৰ চাফা কৰিছিল আৰু পকা আনাৰসবোৰ চিঙি আনিছিল । নেমু বাৰীখনতো সোমাই পুৰঠ নেমুবোৰ চিঙিছিল । সেইবোৰ লৈ আবেলি হাটলৈ গৈছিল ‌। কিন্তু আজি তেওঁ বিচনাৰ আলহী । পৰাগে থিৰেৰে থাকিব নোৱাৰিলে "দেউতা"বুলি কৈ দেউতাকক সাবটি ধৰিলে ‌। 

                পুতেকক কাষতে পাই ইন্দ্রজিতৰ মাতটি যেন হেৰাই গ'ল । থোকাথুকি মাতেৰে হাতখন ধৰি মাথোঁ ক'লে -"বোপাই অ' তই কিয় ইমান দেৰি কৰিলি অ' । মোৰ যাবৰেই হ'ল । যমে মোক নিবলৈ আহিছে । পাৰিলে  তই মোক ক্ষমা কৰিবি অ'।বোপাই অ' মাহীমায়েৰেকো ক্ষমা কৰি দিবি । তেওঁনো আৰু কিমান দিন থাকিব ।আমি সকলো দুদিনৰ আলহীহে । ধন-স‌ম্পত্তি আমাৰ মাথোঁ দুদিনৰ লগৰী  । আহিছোঁ যেতিয়া অকলে যাবও লাগিব অকলে। যমে হুকুম দিলে  সংসাৰৰ মায়া -মোহ ত্যাগ কৰি যাব লাগিবই । বোপাই অ' কথা এষাৰ কওঁ মন দি শুনিবি -- 'সদায় সৎ পথত চলিবি ,মনত অহংকাৰক স্থান নিদিবি ,উচ্চ -নীচৰ ভেদভাৱ নাৰাখি সকলোকেই  ভাল ব্যৱহাৰ কৰিবি ,মৰমৰ মাত এষাৰ দিবি, সন্মান দিবি ,শ্রদ্ধা কৰিবি। মই গুছি গ'লে নিবিৰ আৰু মাক অকলশৰীয়া হ'ব । সিহঁতক তই চাবি । "  হঠাৎ পৰাগৰ হাতৰ পৰা দেউতাকৰ হাতখন এৰা খালে ‌। পৰাগে "দেউতা" বুলি বিকট চিঞৰ এটা মাৰিলে । ঘৰখনত শোকাকুল পৰিৱেশ এটাৰ সৃষ্টি হ'ল  ,কান্দোনৰ ৰোল উঠিল ।

                    
                 গাঁৱৰ মানুহখিনিৰ সহযোগত দেউতাকক কান্ধত তুলি পৰাগ ,নিবিৰহঁতে শ্মশানলৈ বুলি খোজ দিলে । যাওঁতে সি ভাবি গ'ল যিজন দেউতাৰ কান্ধত উঠি সি গোটেই গাঁওখন ঘূৰি ফুৰিছিল ,সেইজন দেউতাক আজি তাৰ কান্ধত ।  কোনে জানে সময়ে নি কাক কেতিয়া কি অৱস্থাত পেলায় । সৰুতেই আইতাকৰ মুখত সি শুনিছিল .."বোলো বোপা আছিলোঁ যেনে হ'বি তেনে "। সেই কথাষাৰৰ  সাৰমৰ্ম সি আজি ভালকৈয়ে বুজিলে  । হয়তো এদিন এনেকৈয়ে তাৰ পুত্র অমৰেও তাক কান্ধত তুলি লৈ যাব শ্মশানলৈ । এয়াই জগতৰ নিয়ম ।


                         শ্মশানৰ কাষ পাইহে তাৰ আকৌ  অবাক হোৱাৰ পাল পৰিল । গছ-লতিকাৰে আৱৰি থকা ঠাইখিনি নাই । এইখন শ্মশান এটি ঘৰ সদৃশ । তাৰ ভিতৰত চাৰিটা খুটি পোতা আছে । শ্মশানখনতো আধুনিকতাৰ পৰশ পৰিল । আগৰ দৰে এতিয়া আৰু মৃতকক পেলাই থৈ গাঁত খান্দি খুটা পুটাৰ প্রয়োজন নাই। কাঠৰে তৈয়াৰী টিনৰ চালি দিয়া ঘৰটো বেছ ওখ আৰু মজবুত । দেখিলেই এনেলাগে এইটো যেন মন্দিৰহে । দেউতাকৰ চিতাৰ জুইকুৰা দপদপকৈ জ্বলিছে । দেউতাকৰ চিতাৰ জুইকুৰাই যেন মাহীমাকৰ বিৰুদ্ধে তাৰ অন্তৰত জ্বলি থকা জুইকুৰা নুমাই থৈ গ'ল । সি মনতে প্রতিজ্ঞা কৰিলে ,মাহীমাকক ক্ষমা কৰি দিব । আজিৰ পৰা আৰু মাহীমাকক লৈ তাৰ মনত কোনো৷অভিযোগ নাই । 

                মৃতকক সৎকাৰ কৰি বিষণ্ণ মনৰে আটাইবোৰে শ্মশানৰ পৰা ঘৰলৈ উভতিলে।  পৰাগে গাঁৱেৰে নবীন খুড়াকৰ লগত   ইটো- সিটো কথা পাতি আহোঁতে খুড়াকক সুধিলে --
:"খুড়া ,সাত বাজিবৰেই হ'ল । আন্ধাৰো হৈ আহিছে ,এতিয়াও পথাৰত ট্ৰেক্টৰে  হাল বাই আছে যে ?
: পৰাগ আজিকালি সকলোৱে ট্ৰেক্টৰেৰে মাটি চহ কৰে । গাঁৱত হালোৱা  নোহোৱা হ'ল । গাঁৱৰ সকলো ল'ৰা চাকৰিৰ পিছত দৌৰিছে । সৰু- সুৰা ব্যৱসায়ত নামিছে । গৰুৰে হাল বাব কোনে ?  যি দুই এঘৰৰ ল'ৰাৰ খেতিত মত  আছে সিহঁতে টেক্টৰ কিনিলে । হাল এখনৰে দিনত এবিঘা মাটিহে বাব পাৰি ।কিন্তু টেক্টৰখনৰে দিনত ৮ -১০ বিঘা মাটি বাব পাৰি।
আৰু এখন ডাঙৰ টেক্টৰ ওলাইছে নহয়,সেইখনেৰেটো ৪০ বিঘালৈয়ে বাব পাৰি।   সেয়েহে আজিকালি পথাৰত হালোৱাৰ  ঘূৰ ঘূৰ ,ৰহ ৰহ , অলপ খৰকৈ খোজকেইটা দেচোন ,বেলি ডুবিব আজি গম পাবি, কালি তহঁতক দানাপানী খুৱা নাছিলোঁ নেকি  আদি শব্দৰ সলনি   ট্ৰেক্টৰৰ কাণতাল মৰা শব্দবোৰহে শুনিবলৈ পোৱা যায় ।দিনৰ পৰা ৰাতিলৈ এইখনেই হো -হোৱাই থাকে । নাথাকিবয়েই বা কিয়   ? টেক্টৰ যদি এখন হাল বাব লাগে ১০ জনৰ । 

:তাকেহে খুড়া আপোনাৰ কথাবোৰ শুনি মোৰ দেখোন নিজকেই দোষী -দোষী যেন লাগিছে । বাৰু খুড়া আপোনালোকে শ্মশানত কোৱা শুনিছিলোঁ আজি হেনো অমাৱস্যা !  মই যেতিয়া সৰু আছিলোঁ যিমান দূৰ মনত পৰে দেউতাই অমাৱস্যা,পূৰ্ণিমা ,একাদশীত হাল নাবাইছিল । কিন্তু টেক্টৰখনেৰে  আজি হাল বায় আছে । কথাটো কি খুড়া ?

: এহ তই বৰ অঁকৰাটো হৈ আছ অ' ।  গৰুৰেহে সেইদিনা হাল নাবাইছিল ।হাল বাব নাপায় বুলি আমি বিশ্বাস কৰিছিলোঁ । কেনেবাকৈ যদি কোনোবাই ভুলতে বায়ও প্রায়শ্চিত হ'ব লাগিছিল ।আজিকালি সেই নিয়মবোৰ নাই অ' বোপাই । টেক্টৰত কোনো পাপা দোষ নালাগে ‌। সময় সলনি হ'ল অ' বোপাই ।আগতে জাকে জাকে ৰোৱানী । এতিয়া এজনী পাবলৈও টান। পিয়াক দিয়াৰ সময়ত যিহে আহুকালৰ সৃষ্টি হয় , এদিন দেখিবা পথাৰখন ভুঁই ৰোৱা মেচিনৰে ভৰিছে ‌।

:হয় খুড়া,সময় সলনি হ'ল ,যুগৰ পৰিৱৰ্তন হ'ল ।

                  দুয়োজনেই  নিজৰ নিজৰ ভাৱত মগ্ন হৈ পৰিল । গোটেই বাটচোৱাত নিৰৱতাই বিৰাজ কৰিলে । পৰাগে নগেন খুড়াকৰ ঘৰৰ  কথা সুধোঁ বুলিও সুধিব নোৱাৰিলে । খুৰাকৰ মুখখন দেখিলেই  অনুমান কৰিব পাৰি, তেওঁ কিবা গভীৰ চিন্তাত পৰিছে । প্রশ্ন সুধি খুড়াকক আমনি কৰাৰ সাহস নহ'ল । সোধাহেঁতেন বাৰু তেখেতে  সঠিক উত্তৰ দিব পাৰিলেহেঁতেন নে ? কি উত্তৰ দিলেহেঁতেন ? ক'ব পাৰিলেহেঁতেন নে ?তেওঁ যে এগৰাকী কৰ্কট ৰোগী। তেওঁ যে মৃত্যুপথৰ যাত্রী । একমাত্র ল'ৰাক ভাল মানুহ কৰি গঢ় দিয়াৰ স্বাৰ্থতে যে মাটি-বাৰী বিক্রি কৰিলে । মূৰৰ ঘাম মাটিত পেলাই ল'ৰাটোক ইঞ্জিনিয়াৰ কৰিলে ‌‌। কিন্তু পালে কি? ল'ৰা শিক্ষিত হ'ল ঠিকে ,মোটা দৰমহাৰ চাকৰিও কৰে । কিন্তু ল'ৰাজন থাকে গৈ বিদেশত । বেমাৰী মাক- বাপেকহালৰ  খবৰ ল'বৰো এতিয়া তাৰ আহৰি নাই । অভাৱত পৰি যোৱাবছৰ গোহালিৰ গৰুহালো বিক্রী কৰিলে । এতিয়া মাথোঁ সিপুৰীলৈ কেতিয়া যাব পাৰে তাৰেই চিন্তাত দিন কটাইছে । অজানিতে তেওঁৰ দুগালেৰে দুধাৰি লোতক বৈ আহিল । তেওঁ পাহৰিয়ে গৈছিল ,তেওঁৰ লগত যে পৰাগো খোজকাঢ়ি আহি আছে । পৰাগহঁতৰ নঙলামুখ পাই নগেন খুড়াকে ক'লে --"বোপাই অ' আহোঁ দে,তোৰো ঘৰত বহুত কাম কৰিবলগীয়া আছে নহয়,কাইলৈ সময় পালে এপাক মাৰিম দে "। কথাষাৰ কৈয়ে খুড়াকে কোবাকুবিকৈ বাট ল'লে ।

             পৰাগৰ দেউতাকৰ মৃত্যু বেদনাতকৈ গাঁওখনত হোৱা পৰিবৰ্তনহে তাৰ বুকুখন গধুৰ কৰি তুলিলে । গছ -গছনিবোৰ কটাৰ ফলত সেউজীয়া গাঁওখনো এতিয়া  ধ্বংসৰ পথত ।  নিশা জিলমিল টোপনিত পৰাগৰ চকুত জিলিকি উঠিল ল'ৰালিতে দেখা হালোৱা- ৰোৱনীৰে ভৰপূৰ পথাৰখন । ৰোৱনীজাকৰ নিৰ্ভেজাল হাঁহিটিয়ে তেওঁৰ কাণখনক বৰকৈ আমনি কৰিব ধৰিলে ।  কেঁচু বিচাৰি ফুৰা সৰু সৰু ল'ৰাজাকটোৱে তাৰ চকুৰ আগেৰে অহা -যোৱা কৰিবলৈ ধৰিলে । হাল বাই নৈত গা ধুবলৈ নিয়া গাঁওৰ ধনকাইটিক নৈত গা ধুই থকা দেখিবলৈ পালে ।  পথাৰত গুণগুণাই গান গাই আলি দি থকা ডেকাটোৰ ছবিখনেইও তেওঁৰ চকুহালক বৰকৈ আমনি দিব ধৰিলেহি ।‌বৰশী বোৱা ল'ৰাটোৱে বৰশীৰ টোপত গৰৈ মাছ লগা দেখি স্ফূৰ্টিতে মৰা চিঞৰত পৰাগ চক খাই সাৰ পালে । চকুকেইটা মোহাৰি আকৌ টোপনি যাব চেষ্টা কৰিলে । সি টোপনিতে এটা শব্দই উচ্চাৰণ কৰি থাকিল "পৰিৱৰ্তন, পৰিৱৰ্তন  "।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)