ছোৱালীৰ আকাংক্ষা-ইয়াচমিন খাতুন

©Admin
0
(সমাজৰ কাষত বিচৰা মোৰ মনত উদয় হোৱা কেইটামান প্ৰশ্ন)

* সমাজত ছোৱালী হৈ জন্ম লোৱা পাপ নেকি? যদি হয় তেন্তে কিয়? যদি নহয় তেন্তে কিয় নহয়?
*এজনী ছোৱালী হৈ জন্ম ললে ছোৱালীজনী একো কৰিব নোৱাৰে নেকি?
* ছোৱালীৰ আশা বোৰ আকাংক্ষা হৈ যায় কিয়?
* ছোৱালী এজনী সমাজক বিশ্বাস কৰাটো তাইৰ মূৰ্খামী নেকি?)

মই সৰুতে মাক কৈছিলো মা মই ডাঙৰ হৈ চাকৰি কৰিম, বহুত পইচা ইনকাম কৰিম আৰু আমাৰ সকলোবোৰ দুখ দূৰ কৰিম। তেতিয়া মাকে কৈছিল এতিয়া তুমি সৰু আছা ডাঙৰ হলে ভাবিবা এই বোৰ। লাহে লাহে মই ডাঙৰ হ'বলৈ ধৰিলো আৰু নিজৰ লক্ষ্যত খোজ দিবলৈ ওলালো। এদিনাখন ৰাতিপুৱা মোক ৰাস্তাত দৌৰি থকা দেখি দুজন মানুহে কবলৈ ধৰিলে ছোৱালী হৈ এনেকৈ ৰাস্তাত দৌৰি আছা লাজ নালাগে নেকি? মাক দেউতাকে একো শিকোৱা নাই বোধহয়। আৰু আন এজনে কলে ছোৱালী মানুহৰ কাম নহয় এইবোৰ। মোৰ গান গোৱাৰ ইচ্ছা আছিল সৰুৰে পৰাই, এদিন আমাৰ গাঁৱত পতা উৎসৱ এখনত মই গান গাই আছিলোঁ মোৰ গোৱা শেষ হোৱাৰ পিছত এজনী তিৰোতাই মোক মাতি নি কলে ছোৱালী হৈ এনেকৈ মানুহৰ আগত গান গাই ফুৰা লাজ নালাগে নে?মাক দেউতাকৰ সন্মান নষ্ট কৰিব বিচৰা? দুয়োজনেই শিক্ষিত আছিল তথাপিও সেইদিনা এনেকুৱা মন্তব্য কৰিছে। সৰুতে সকলোৱে কৈছিল ভালকৈ পঢ় পৰীক্ষাত ভাল ফলাফল নকৰিলে নপঢ়ায় আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত কয় ছোৱালী মানুহ ইমান পঢ়িব নালাগে। এদিন চাকৰিৰ আবেদন কৰিবলৈ দোকানত গলো , দোকানীজনক আবেদনৰ কথা কোৱাৰ লগে মোক কৈ উঠিল ছোৱালী মানুহ তুমি চাকৰি কৰি কি কৰিবা?দুদিন পিছততো এনেও বেলেগৰ ঘৰত যাব লাগিব তাতকৈ ভাল হব তুমি ঘৰত গৈ ঘৰৰ কাম শিকা আৰু আবেদন কৰি নিদিলেই। বহুত দুখ লাগিছিল সেইদিনা কিন্তু মই যে একো কব নোৱাৰিলোঁ। সমাজৰ মানুহে প্রায়ে মাক দেউতাক কৈ থাকে ছোৱালীজনীক এতিয়াও ঘৰত বহাই ৰাখিছে কিয়? ইমান পঢ়াশুনা কৰি কি কৰিব? বিয়া দি দিয়ক তাইক। সমাজৰ এনেকুৱা কথাৰ চাপত পৰি মাক দেউতাকে মোৰ বিয়া দিয়াৰ সিদ্ধান্ত লয় কিন্তু মোৰ বিয়া হোৱাৰ একেবাৰেই ইচ্ছা নাছিল। মাকে মোক বুজাবলৈ ধৰিলে, আমাৰ সমাজে এইটো কেতিয়াও মানি নলয় যে ছোৱালী হৈ কিবা কৰিবা। ময়ো মানি লৈছোঁ এতিয়া তুমি তোমাৰ মাক দেউতাকৰ কথা ভাবি এইটো মানি লোৱা আৰু মানি লবই লাগিব ইয়াৰ বাহিৰে আন একো  উপায় নাই। মোৰ একো কৰিবলগীয়া নাছিল। সমাজৰ আগত, মাকৰ বুজনিৰ আগত মোৰ আশা বোৰ যেন  নিস্তব্দ  হৈ পৰিল। মোৰ সকলোবোৰ আশা চকুৰ পানীৰে ত্যাগ কৰিবলগীয়া হয়। সমাজক কবলগীয়া  মোৰ বহুত কথা আছিল কিন্তু কব নোৱাৰিলোঁ, অকল মোৰ ডায়েৰীৰ পাতত হে লিখি থৈ দিলোঁ_________
এজনী ছোৱালীৰ মনৰ কথা.........
              নিশাৰ আন্ধাৰ বোৰ কিয় জানো মোক অকলশৰীয়া কৰি তোলে, চকুলোবোৰ মোৰ হীয়াত জুইৰ দৰে জ্বলি উঠে। 
সময়ৰ কাটাডালক ৰাখি থবলৈ বিচাৰো, মোৰ স্বাধীন হৃদয় খন স্বাধীন সমাজত মুক্ত কৰিব বিচাৰো।
হায়! মোৰ বিধাতাই হেনো নিবিচাৰে এই বোৰ,
মোৰ আশাৰ  বোজাটো মই মোৰ হিয়াতে পুতি থলো,
মই এই পৃথিৱীত মাত্ৰ এজনী ছোৱালী নামক জীৱন্ত প্ৰাণী হৈ ৰৈ গলো।


✍️ইয়াচমিন খাতুন,ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)