বিশ্ব জনসংখ্যা দিৱস-হেমেন হাজৰিকা

Rinku Rajowar
0
জন+ সংখ্যা = জনসংখ্যা | জন শব্দই মানুহক বুজাই | জনসংখ্যা মানে মানুহৰ সংখ্যা | তাৰমানে মানুহৰ সংখ্যা কিমান হৈছে তাৰ হিচাব ৰখা এটা দিৱস | বিশ্ব জনসংখ্যা দিৱস | প্রতি বছৰৰ জুলাই মাহৰ ১১ তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় | আজিৰ দিনটোত বৰ্ধিত জনসংখ্যাই আমাৰ সকলোৰে বাবে বিপদ মাতি আনিছে |
   কোনো এক নিৰ্ধাৰিত সময়ত কোনো প্রজাতিৰ জনসংখ্যা কিমান বৃদ্ধি হয় আৰু কিমানৰ মৃত্যু হয় বা আন ঠাইলৈ কিমান গুচি যায় বা আন ঠাইৰ পৰা সেই ঠাইলৈ কিমান আহে সেই কথাৰ দ্বাৰা মুঠ জনসংখ্যা নিৰ্ণীত হয় | জনসংখ্যাৰ আকাৰ বৃদ্ধি হোৱাৰ কাৰক সমূহ হৈছে (1) নৱজাতকৰ সংখ্যা (2) মৃতকৰ সংখ্যা (3)বসতি এৰি বাহিৰলৈ যোৱা (প্রৱজনকাৰী) (4)বসতি স্থানলৈ বাহিৰৰ পৰা অহা ( আগমনকাৰী) লোকৰ সংখ্যা | প্রতি দহ বছৰৰ মুৰে মুৰে লোক পিয়লৰ জৰিয়তে চৰকাৰে জনসংখ্যা হ্রাস বৃদ্ধিৰ তথ্য প্রকাশ কৰে | সেই তথ্যৰ দ্বাৰা সমূহ কথা জলজল পটপটকৈ পোহৰলৈ আহে | জনসংখ্যা বৃদ্ধি আজি দেশৰ এক জলন্ত সমস্যা হিচাবে পৰিগণিত হৈছে | পৰিয়াল পৰিকল্পনাৰ জৰিয়তে এনে বিস্ফোৰণ প্রতিহত কৰিব পাৰি | চৰকাৰেও এই ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু সচেতন হ'লৈ সতৰ্ক কৰি দি আহিছে | জনবিস্ফোৰণ হৈছে এক ডাঙৰ সমস্যা | এই কথা জনসাধাৰণে নুশুনিলে কোনে কাক কি কৰিব | আমি কথাটো গুৰুত্ব দি হৃদয়ঙ্গম কৰিলে দেখিম যে সকলো সমস্যাৰে মূল কাৰণ হৈছে জনসংখ্যা | দৰিদ্রতাও ই এক অন্যতম কাৰণ হিচাবে চিহ্নিত হৈছে | 
     এটা পৰিয়ালত সদস্যৰ সংখ্যা অধিক হলে খাদ্য সমস্যা , বস্ত্ৰ সমস্যা , থকা ঘৰৰ সমস্যা , পঢ়া শুনাৰ সমস্যাই গা কৰি উঠিছে | অলপতে প্রচাৰ মাধ্যমৰ সন্মুখত এগৰাকী ব্যক্তিয়ে স্বীকাৰ কৰিছিল এই বুলি তেখেতৰ সন্তান সাতটা তাৰ ফলত তেওঁৰ এতিয়া স্বম্ভালিব নোৱাৰা অৱস্থা | তেখেতে ব্যক্ত কৰিছে যে মই যি ভুল কৰিছোঁ তেনে ভুল যাতে আন কোনেও নকৰে | আজি মই যেনে সমস্যাত ভূগিছোঁ পৰিয়ালটো যদি সৰু কৰিলোঁ হেতেন তেন্তে আজিৰ এই সমস্যাত পৰিব লগা নহ'ল হেতেন | আজিৰ দৰে চকুলো টুকিব লগা নহল হেতেন | এতিয়া বুজিছোঁ সৰু পৰিয়ালহে সুখী পৰিয়াল | এয়া এজন ভুক্তভোগী ব্যক্তিৰ স্বীকাৰুক্তি | সমাজত আৰু এনে অলেখ ব্যক্তি ওলাব | জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে আজি নিবনুৱা সমস্যাই জলন্ত ৰূপ ধাৰণ কৰিছে | গতিকে আমি সজাগ আৰু সতৰ্ক হোৱাৰ সময় জোৰ পুৰি হাত নহয় বাহু পালেহি | যদি আমি এতিয়াও এই বিষয়ে সজাগ, সতৰ্ক নহওঁ তেন্তে অদূৰ ভৱিষ্যতে আমাৰ কি অৱস্থা হ'ব সেইটো সহজে অনুমেয় | এতিয়া আমি প্রত্যেকেই নিজে নিজক সহায় কৰাৰ সময় সমাগত | তেতিয়া কিছু কিছু সমস্যা নিজেই সমাধান হৈ যাব | এয়া হৈছে জন্মগত ভাবে বৃদ্ধি হোৱা জনসংখ্যা সমস্যা |
    ইয়াৰ ওপৰিও বিভিন্ন কাৰণত অন্য ঠাইৰ পৰা প্রব্ৰজন ঘটি অলেখ শ্রমিক , ইটাৰ ভাটাকে আদি কৰি সৰু সুৰা কাৰখানা সমূহত নিয়োজিক হৱলৈ অহা কেবামহলীয়া ফ্লেট আদিত কাম কৰিবলৈ অহা বনুৱা সমূহ তেনেদৰেও তেনেদৰেও সেই নিৰ্দিষ্ট অঞ্চলত জনসংখ্যাৰ অনুপাত বৃদ্ধি হয় | কোনো কোনো অঞ্চলত কিছু অচিন লেক আহি বেদখল কৰি প্রথমে এঘৰ, তাৰ পিছত দুঘৰ , চাৰিঘৰ এনেকৈও একোটা নতুন অঞ্চল গঢ় লৈ উঠে | ফলত জনসংখ্যা বৃদ্ধি হয় | 
   অন্ন বস্ত্ৰ বাসস্থানকে আদি কৰি ইয়াৰ লগত জড়িত আৰু অলেখ সমস্যাই গা কৰি উঠে জনসংখ্যা বৃদ্ধিৰ লগত | আমি লক্ষ্য কৰিলে দেখা পাম বেছি সদস্য যুক্ত পৰিয়াল এটাত যদি উপাদনক্ষম লোক মাত্ৰ এজন থাকে তেন্তে সেই পৰিয়ালটোত দুখ দুৰ্দশা আৰু আনুসংগিক কিমান সমস্যাৰ মুখামুখী হ'ব লগা হয় | ঠিক তেনেদৰে এখন দেশ অথবা ৰাজ্যৰ সমস্যাও একে নহ'ব জানো ? 
    আগতে মানুহৰ শিক্ষা দীক্ষা কম আছিল নাইবা ঘৰুৱা মাটি সম্পত্তি অধিক আছিল , প্রাকৃতিক সম্পদ আছিল উভৈনদী , তাৰ বাবে একোটা পৰিয়ালত দহ বাৰটা ল'ৰা ছোৱালী থাকিললেও পৰিয়াল স্বম্ভালা একো কঠিন নাছিল | 
     এনেদৰে জনসংখ্যা বৃদ্ধি পাই আহি আমাৰ মাটি বাৰী সংকুচিত হৈ আহিব ধৰিলে আৰু আমি সকলোৱে এতিয়া এই ভয়াবহ যুগসন্ধিখনত উপনীত হলোঁ |
    যোৱা সকলে তেওঁলোকৰ ভৱিষ্যত আমাৰ বৰ্তমান কৰি এৰি থৈ গ'ল আৰু সমস্যাৰ মুখামুখী হলো আমি | গতিকে আজিৰ দিনটোত মোকাবিলা হোৱা সমস্যাৰ সমাধানৰ পথ আমিয়েই উলিত্রাব লাগিব | আহক আজি আমি সকলোৱে শিক্ষিত , গতিকে কিছু দূৰদৰ্শিতাৰ প্রমাণ দি এই সমস্যা প্রতিহত কৰাত অৰিহণা যোগাওঁ  ||

       ✍️হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)