শব্দ প্ৰয়োগত সন্মান বোধ-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

পংখী মৰাণ
0

সন্মানবোধটো শিষ্টাচাৰৰ এটা  বিশেষ অংগ৷ এই সন্মানবোধটো  এদিনতে আমাৰ মনলৈ অহা অনুভৱ নহয়৷ ই এক দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ সুফল ৷ প্ৰচেষ্টা বুলি এই কাৰণেই কৈছোঁ যে শিশু এটাক সি বুজিব পৰা হোৱাৰে পৰা তাক আমি সন্মানবোধটো শিকাব লাগিব৷ সেই শিশুটি ডাঙৰ হৈ তেতিয়াহে পুনৰ  সেই সন্মানবোধৰ শিক্ষা  নিজৰ লগতে আনকো দিব পৰা হ’ব৷ শিকোৱাৰ আগতে আমি অভিভাৱক সকলে এজনে আনজনক অথবা নিজেই নিজক সন্মান কৰিবলৈ শিকিব, জানিব বা পাৰিব লাগিব৷ এই ক্ষেত্ৰত আমি ব্যাকৰণৰ সন্মান সূচক সম্বন্ধবোৰ আয়ত্ত কৰিব লাগিব৷ হীনমন্যতা বুজোৱা সৰ্বনামবোৰ কণ কণ শিশু সকলৰ ক্ষেত্ৰত  মৰম চেনেহৰ অৰ্থত প্ৰয়োগ কৰিব পাৰোঁ যদিও সেই শিশুসকলৰ উজ্জ্বল ভৱিষ্যতলৈ লক্ষ্য কৰিলে এই সৰ্বনামবোৰ(   তই, তহঁত, সি সিহঁত আদি ) সাধাৰণতে ব্যৱহাৰ নকৰাটোৱেই উচিত ৷ 
     আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক৷ দেশৰ এই ভৱিষ্যতৰ নাগৰিক সকলক আমি গঁজালিতে সুন্দৰ পোখা মেলাৰ ব্যৱস্থা কৰিব লাগিব ৷ আমি বয়োজ্যেষ্ঠ সকলে এজনে আনজনক তুমি বা আপুনি শব্দৰ ব্যৱহাৰেৰে সন্মানজনক সম্বোধন কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিব লাগিব৷ আনকি বন কৰা, ভিক্ষা মাগি ফুৰা বা দুখীয়া নিচলা সাধাৰণ লোকসকলকো সন্মান সূচক সৰ্বনামেৰে সম্বোধন কৰি কথা ক’ব পৰাটো মানৱ জীৱনৰ এক অমূল্য সম্পদ ৷ যেনেকৈ কবি যতীন্দ্ৰনাথ ডাঙৰীয়াইদেৱে এদিন ৰাস্তাত লগ পোৱা ভিক্ষাৰীজনক একো দিবলৈ নাপাই অৱশেষত হাত দুখনত খামোচ মাৰি ধৰি আন্তৰিকতাৰে কৈছিল “ ককাই মোৰ ওপৰত খং নকৰিবা ৷ আজি তোমাক দিবলৈ মোৰ হাতত একোৱেই নাই ..." কবিৰ এই মানৱীয়তাত অভিভূত হৈ মগনীয়া জনেও কবিৰ হাত দুখনত খামোচি কৈছিল “ ইয়ো এক মহান দান ” ৷  সকলোৰে প্ৰতি সন্মান সূচক ব্যৱহাৰৰ অভ্যাস কৰিলে  ইয়াৰ পৰা আমাৰ বিশেষ কিছুমান লাভ হ’ব ৷ যেনে --- 
১/ আমাৰ মাত কথাত ভাষাৰ ব্যৱহাৰ উচ্চস্তৰৰ হ’ব। 
২ / আমাৰ খং ৰাগবোৰো সন্মানজনক হ’ব যাৰফলত ঘটনাই জটিল ৰূপ ধাৰণ কৰাৰ সুযোগ নাপাব। 
৩ / সম্বন্ধবোৰ মৰম চেনেহৰ গাঢ়তাৰে বান্ধ খাই পৰিব। 
৪ / খং উঠিলেও  খং কৰিব লগীয়া ব্যক্তিজনৰ  নীচাত্মিকাভাৱ সৃষ্টি হোৱাকৈ কোনোধৰণৰ শব্দৰ  উচ্চাৰণ নহ’ব। 
৫ / তই বা তাই বুলি কৈ কৰা খং বা গালি বিলাকে মনত যি দুখ বেদনাৰ সৃষ্টি কৰিব তুমি বা তেওঁ বা আপুনি এই শব্দবোৰেৰে কৰা খং  বা গালিত তেনে দুখ বেদনাৰ সৃষ্টি হোৱাৰ সুৰুঙাই নাথাকিব ফলত সম্বন্ধবোৰ ফাট মেলাৰ সুৰুঙা নাহিব। 
 ৬ / সন্মানজনক শব্দৰ ব্যৱহাৰেৰে মানুহৰ পৰা বহুত কাম আদায়  কৰিব পাৰি কাৰণ এজন ব্যক্তিয়ে যেতিয়া ভাবিব মই পাব লগাতকৈ বেছি মৰম আদৰ পাইছোঁ গতিকে এই মানুহজনকো মই সন্মান কৰিব লাগিব ফলত আপুনি কোৱা কাম তেওঁ কেতিয়াও নকৰাকৈ নাথাকিব ...
    যি কি নহওঁক মই সন্মানসুচক ব্যৱহাৰ যে বহুদিনীয়া প্ৰচেষ্টাৰ সুফল সেই কথাৰহে অবতাৰনা কৰিব বিচাৰিছোঁ ৷ আৰু এনে সুফলৰ প্ৰাপ্তিকাৰী সকলে কেতিয়াও কোনো বেয়া কাম  বা কোনো ব্যক্তিকে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, কিয়নো তেওঁ নিজক সন্মান কৰিব জানিব আৰু নিজৰ ব্যৱহাৰত কেতিয়াও অসন্মানজনক অৱস্থাৰ উদ্ভাৱন কৰি নিজকে অপমানিত নকৰিব ৷ এনেকুৱা দেশৰ সুনাগৰিক পাবলৈ হ’লে শিশু সকলক আমি সন্মানজনক সম্বন্ধবোৰ সৰুৰে পৰাই শিকাব লাগিব ৷ তাৰবাবে আমি বেলেগে কষ্ট কৰাৰ প্ৰয়োজনেই নাই ৷ কেৱল আমি শিশুটি সৰু বুলি ভাবি তেওঁৰ সমুখত আমি কাকোকেই অসন্মানজনক ব্যৱহাৰবোৰ কৰিব নালাগিব ৷ শিশুটিক তুমি শব্দৰে ব্যৱহাৰ কৰিব লাগিব আৰু শিশুটিৰ আশে পাশে থকা বয়োজ্যেষ্ঠ সকলকো আমি সন্মানজনক ব্যৱহাৰ কৰিব লাগিব ৷ এই সন্মানজনক ব্যৱহাৰৰ অভ্যাসে ঘৰখনত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাত বাধা প্ৰদান কৰিব ৷ ঘৰখনত সদায় এটা শান্তিময় মধুৰ পৰিবেশে বিৰাজ কৰিব আৰু সেই মধুৰ পৰিবেশত ডাঙৰ হোৱা শিশু এটিয়ে  জীৱন ধাৰণৰ মানদণ্ড কেনেকুৱা হ’ব লাগে আপোনা আপুনি আয়ত্ত কৰি গৈ থাকিব আৰু অদূৰ ভৱিষ্যতে এজন সুনাগৰিক হিচাপে নিজকে সুপ্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত সফল সৈনিক হৈ উঠিব ৷
    আমি ডাঙৰ সকলৰ বহুতেই শিশুৰ মুখত শুনি ভাল লাগে বুলিয়েই বেয়া  বেয়া শব্দবোৰ শিকোৱা  দেখা যায় আৰু এই ভাল লগাই কেতিয়াবা কোনো পৰিবেশত নিজকে লাজত পেলায় ....এনেক্ষেত্ৰত আমি শিশুটোকে জগৰীয়া কৰি নানানধৰণৰ শাস্তি দিওঁ। আচলতে সেই শাস্তিৰ যোগ্য ব্যক্তি শিশুটো নহয়, আমি ডাঙৰ সকলহে। যিয়ে তাৰ অজ্ঞান অৱস্থাত সেই শিক্ষা দিছিলোঁ ৷
      শব্দ প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষকসকল বিশেষভাৱে সাৱধান হোৱা দৰকাৰ কিন্তু কাৰ্য্যক্ষেত্ৰত বহু শিক্ষককে অসাৱধান হোৱা পৰিলক্ষিত হয় ৷ উদাহৰণস্বৰূপে আমি প্ৰায়ে কওঁ “ মই এজনী শিক্ষয়িত্ৰী / মই এজন শিক্ষক৷ পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰত এজন শব্দটো ইমান বেয়া নহয় ৷ ই সন্মান সূচক শব্দয়েই কিন্তু মহিলা শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এজনী শব্দ কেতিয়াও সন্মানসূচক নহয় ৷ এই ক্ষেত্ৰত পুৰুষ শিক্ষক বা মহিলা শিক্ষয়িত্ৰীয়েই হওক সন্মান সূচক বাক্যটো হ’ল --- মই এগৰাকী শিক্ষক / মই এগৰাকী খেলুৱৈ / মই এগৰাকী সাঁতোৰ বিদ্‌ / মই এগৰাকী প্ৰশাসনিক বিষয়া ইত্যাদি ইত্যাদি আৰু এইবোৰ উচ্চস্তৰীয় বাক্যৰ ব্যৱহাৰ সৰুৰে পৰা বা দীৰ্ঘদিনীয়া অভ্যাসৰ ফল  ব্যক্তি জীৱনৰ সকলো সময়তে আপোনা আপুনি  উচ্চাৰিত হ’ব লাগিব৷
     মুঠৰ ওপৰত আমি আনৰ পৰা সন্মান আশা কৰাৰ আগতে আমি নিজেই নিজৰ লগতে আনকো সন্মানজনক  ব্যৱহাৰ কৰিব জানিব / পাৰিব লাগিব ৷ তেতিয়াহে আমি বসবাস কৰা  ঘৰখন, সমাজখন আৰু দেশখন এক সুস্থ পৰিবেশত সুস্থিৰভাৱে গতি লাভ কৰিবলৈ সক্ষম হ’ব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)