তাৰেই কৰোঁ খৰিচা
তোমাকে দি ধানদোণ লওঁ
কথাটো মন কৰিছা .... বুলি আমাক সৰু হৈ থাকোঁতে নিচাদেউ এজনে সাঁথৰ কৈছিল । এই কথাটো মনত পৰাৰ লগে লগে মোৰ এজন মানুহৰ কথা বৰকৈ মনলৈ আহে ।
আমি সৰু হৈ থাকোঁতে আমাৰ ওচৰৰ গাঁওখনৰ পৰা মাজে মাজে এজন মানুহ আহিছিল । আমাৰ ঘৰত হাজিৰা কাম কৰিবলৈ । গাঁৱৰ মানুহে তেওঁক নগা বুলি মাতিছিল। আমি কিয় জানো তেওঁক নগা দ'তি বুলি কৈছিলোঁ । বয়স বেছি হোৱা নাছিল । আমাৰ দেউতাৰ সম বয়সীয়া আছিল । তেওঁ মাহটোৰ বেছিভাগ দিন নগৰৰ মানুহৰ ঘৰত হাজিৰা কাম কৰিবলৈ মোনা এটাত দা এখন ভৰাই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিল । নিৰ্দিষ্ট মানুহ এঘৰৰ কথা তেওঁ আমাক প্ৰায়ে কৈছিল । সেই ঘৰখনৰ মালিকনীয়ে তেওঁৰ ল'ৰা - ছোৱালীৰ বাবে আধা পুৰণি কাপোৰ , মিঠাই , ফল -মূল আদি দি পঠিয়াইছিল। আমাৰ ঘৰত মানুহ নাথাকিলেও তেওঁ নিজৰ মতে বাৰীত কাম কৰি থাকে । যোৱাৰ সময়ত তেওঁক হাজিৰাৰ টকা দিয়াৰ উপৰি মায়ে কঁঠাল , চাউল আদি দি পঠিয়ায় । পিছে তেওঁ যাওঁতে বাটতে পোৱা আমাৰ বাঁহনিখনৰ পৰা বাঁহ গাজ দুই এটা ভাঙি লৈ যায় । কাৰণ আমাৰ সেই ডাঙৰ বাঁহনিখন
ঘৰৰ পাছফালে পৰে । সেয়ে গম পোৱা নাযায় । তিনি চাৰি দিনৰ মূৰত আহি তেওঁ মাক খৰিচাৰ টোপোলা এটা দিয়েহি । এই সাঁথৰটোৰ কথা মনত পৰিলেই মোৰ নগা দ'তিলৈ মনত পৰে।
আমাৰ সমাজত এষাৰ কথা আছে -- যাৰ নাই বাঁহ তাৰ নাই সাহ ।
বাঁহৰ মূঢ়া বগৰীৰ গুৰা ।
এটা যে আছিল বুঢ়া -- ( খগেন মহন্ত)
আগলি বাঁহৰে লাহৰী গগনা ...... ( বিহুনাম )। বাঁহ আমাৰ সমাজ জীৱনত অপৰিহাৰ্য । জন্মৰ পৰা মৃত্যুলৈকে বাঁহৰ প্ৰয়োজন । লাও , কোমোৰাৰ চাং (হেঁদালি ) , জিকা , তিয়ঁহ আদি গছৰ জেং দিবলৈ বাঁহৰ আগৰ দৰকাৰ । বাৰীত জেওৰা, জপনা দিবলৈ , বাঁহী , ঢোলৰ মাৰি , তাঁতৰ শালৰ উঘা , চেৰেকী আদি সাজিবলৈ বাঁহ নহ'লেই নহয় ।
অসমত বিভিন্ন প্ৰজাতিৰ বাঁহ আছে যদিও মকাল আৰু ভলুকা বাঁহৰ গাজৰ পৰাহে খৰিচা প্ৰস্তুত কৰা হয় । আন বাঁহৰ খৰিচা অলপ তিতা হয়। বাঁহৰ গাজৰ পৰা বৰ সহজে খৰিচা প্ৰস্তুত কৰিব পাৰি । আগতে ঢেঁকীত খুন্দা হৈছিল যদিও আজিকালি খুন্দনাত খুন্দি , ৰুকনিত ৰুকি সহজে খৰিচা কৰিব পাৰি ।বহুতে বাঁহ গাজ ৰুকি বটলত ভৰাই পানী দি থয় । মই পিছে ৰুকি বা পিহি লোৱা খৰিচাখিনি গামলাত পানী দি তিনি দিনমানলৈ ঢাকি থৈ দিওঁ । তেতিয়া সুন্দৰকৈ ফুৰফুৰীয়া বা মলমলীয়া টেঙা গোন্ধৰ খৰিচা খাবলৈ লোভনীয় হৈ পৰে । নিমখ , জলকীয়া , কেঁচা পিঁয়াজ মিহিকৈ কাটি কেঁচা মিঠাতেল সানি খাবলৈ বৰ ভাল লাগে । কঁঠাল গুটি , পোৰা , খৰিকাত দিয়া মাছৰ লগত সানি খাবলৈও বৰ ভাল । দাইলত , মাছৰ জোলত দিলে খাবলৈ বৰ জুতি লগা হৈ পৰে । খৰিচাৰ আচাৰো খাবলৈ বৰ ভাল । অলপ খৰিচা শুকুৱাই থ'ব পাৰি । ৰ'দত শুকুৱাওঁতে মাজে মাজে
খৰিচাৰ পানী সানি আকৌ ৰ'দত দিব লাগে । ভালকৈ শুকুৱালে খৰিচাৰ পৰিমাণ কমি যায় । আগতে গাঁৱত আই ওলালে মধু সোলেং টেঙা , হাঁহ কণী , শুকান খৰিচাৰ লগত মাগুৰ মাছৰ শুকনি দিয়া দেখিছিলোঁ ।
বাঁহ গাজৰ আগটো চকল চকলকৈ কাটি অলপ উতলা পানীত সিজাই পানীখিনি পেলাই জলকীয়া , মছলা দি ভাজি খাব পাৰি । বহুতে গাহৰি মাংসৰ লগত খৰিচা খাই বৰ ভাল পায় । এবাৰ শিৱসাগৰৰ টেঙাপুখুৰী নামৰ ঠাইলৈ যাওঁতে মহাদেৱে পাহাৰৰ পৰা বাঁহ গাজ আনি ৰাজহাঁহৰ মাংসৰ লগত খাবলৈ দিয়াৰ কথা এতিয়াও মনত আছে । মোৰ সহকৰ্মী এগৰাকীয়ে এবাৰ ঘৰত খৰিচাৰ চাটনি খাই গৈ বিদ্যালয়ত মোক হাতখন বৰ ভাল গোন্ধাইছে বুলি শুঙি চাবলৈ কৈছিল।
খৰিচাৰ ঔষধি গুণ আছে । কোদো , মৌ মাখি , বৰলে বিন্ধিলে ( কামুৰিলে ) , বিছাই ডাকিলে খৰিচা অলপ লৈ ভালদৰে আক্ৰান্ত অংশত সানি দিলে অতি সোনকালে আৰাম পায় । সেই কাৰণে খৰিচা পুৰণি হ'ল বুলি পেলাই দিব নালাগে । বহুত মানুহে পুৰণি বেমাৰ উকায় বুলি খৰিচা খাবলৈ ভয় কৰে । এবাৰ ইম্ফললৈ যাওঁতে তাৰ হোটেলত শুকান টেঙামৰা পাত , শুকান খৰিচা মাছৰ লগত দিয়া খাবলৈ পাইছিলোঁ ।
খৰিচাৰ কথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তাহানিতে লগ পোৱা মোৰ ভাই - বন্ধু নৰকান্ত শইকীয়াই লিখিবলৈ কোৱাত একলম লিখিলোঁ। এয়া খৰিচাৰ সবিশেষ বুলি নাভাবিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ