মোৰ আদিপাঠৰ বিদ্যালয়খন | খণ্ড- ০১ | মিন্টু হাজৰিকা

পংখী মৰাণ
0
এজোপা প্লক্ষ বৃক্ষৰ কাষতে উত্তৰ- দক্ষিণাকৈ প্ৰকৃতিৰ সমল- বাঁহ, কাঠ, খেৰ আদিৰে সজা স্থানীয় ৰাইজৰ প্ৰেক্ষা লাভৰ উত্তম অনুস্থানটো উত্তৰ পহুকটা গাঁৱত  ১৯২৭খ্ৰীঃতে অঙ্কুৰণ হৈছিল। উত্তৰ পহুকটা প্ৰাথমিক বিদ্যালয় নামৰ অনুষ্ঠানতে উত্তৰসুৰী সকলে জীৱনৰ আদিপাঠৰ আখৰা আৰম্ভ কৰিছিল । এই অনুষ্ঠানতে মোৰো বাংময় জীৱনৰ আদিপাঠৰ স্বপ্নময় জীৱনৰ বৰ্ণময় ৰামধেনুৰ প্ৰথম লীলা-খেলা আৰম্ভ হয়। এই স্কুলত ১৯৮৯ খ্ৰীঃত "ক" শ্ৰেণীত নামভৰ্তি কৰাৰ পৰাই মোৰ আনুষ্ঠানিক ভাৱে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা দুৱাৰ মুকলি হয়। গাঁৱৰ আলিবাটেদি দুবৰিবনৰ মুকুতা গচকি হাতত চিলঠ-কিতাপৰ লগতে মৰাপাটৰ থৈলা বস্তালৈ স্কুললৈ যোৱা প্ৰথম দিনবোৰ আজিও ৰিণিকি-ৰিণিকি মনত পৰে। বাহৰ দুই মুৰ খোলা সৰু আকৃতিৰ পাবেৰে  তৈয়াৰী নালৰ ফোপোলা আগ অংশত বিশেষ কাৰুকাৰ্যৰে শুভ্ৰ বৰণৰ মাটিপেঞ্চিল সোমাই পবালি আঙুলিৰে মাজত লৈ কৃষ্ণ চিলঠত আঁক-বাঁক কৰি বগা কৰা, লৈ যোৱা চিয়াহীৰ সৰু খালী বটলৰ পানীৰে চিলঠত দি স্পউন্‌ নহ'লে ফটা কাপোৰ লৈ হাতৰ ঘৰ্ষনেৰে মচি চাফা কৰি পুনৰ লিখাৰ উপযুক্ত কৰি যি পৰিক্ৰমাৰ মাজেৰে আহি আখৰ সৃষ্টি হৈছিল; সেই লীলা-খেলাই স্মৃতিৰ পটত আজিও অগা-দেৱা কৰেহি।এই স্কুলতে মোৰ পৰিব্যপ্ত জীৱনৰ বৰ্ণিল কৰ্মোদ্যোগৰ শুভাৰম্ভ হয়। ল'ৰালি কালৰ অনাবিল দিনবোৰ সঁচাকে অতি মধুৰ আছিল। অনেখ অভাৱ-অনাটনৰ মাজত অতিবাহিত হোৱা মোৰ ল'ৰালি কালটো আজি ভোগবাদী বিচিত্ৰহীন জীৱন-চৰ্যায়কৈ বহুগুণে তাৎপৰ্যপূৰ্ণ আছিল।

অৱশ্যে প্ৰাকৃতিক সমলে গঢ়া এই প্ৰেক্ষা ভূমিত পাঠদান গ্ৰহণ বৰ দীঘলীয়া নহ'ল। ক শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীত উঠাৰ লগে লগেই এই অনুষ্ঠানৰ চাৰিবেৰত শিল-বালি, ইটা-চিমেন্টৰ উপকৰণ  লাগি গঢ় লৈ ৰূপ সলাই দীৰ্ঘম্যাদী আচনিৰে চিৰস্থায়ী হৈ পৰিল। প্ৰথম চেণ্ডেল পিন্ধি স্কুল যাব পৰা হ'লো। ইয়াৰ আগৰ সময়ছোৱাত চেন্দেল পিন্ধি গ'লে সৌকাৰ কোব পিঠিত পৰাটো খাটাং আছিল;  কাৰণ সেই সময়ৰ সমাজ ব্যৱস্থাত এজনে চেণ্ডেল পিন্ধি বিদ্যালয়লৈ আহিলে নথকা আনজন ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰেণীৰ বিভেদ সৃষ্টি হ'ব বুলি ভবা হৈছিল। একপ্ৰকাৰ আপুৰুগীয়া সম্পদ পাদুকা যোৰো চৌখিনতাৰ প্ৰতীক বুলিয়েই গণ্য কৰা হৈছিল। উল্লেখ্য যে এনে অপৰাধৰ বাবে মোকো সৌকাৰ কোবেৰে এদিন দণ্ডিত কৰা হৈছিল।

অনুষ্ঠানটোৰ বেৰৰ কাষতে লাগি আৰম্ভ হোৱা সেউজীয়া কুশবনে উবুৰি খাই থকা চিকুন খেলপথাৰ খনত ফাগুণ আহিলে প্লক্ষ জোপাৰ তল সৰা পাতবোৰে বুকু ভৰাই তোলে।  স্কুল বহাৰ আগে আগে সকলো ছাত্ৰ মিলি তল সৰা বিশৃংখল শুস্কপত্ৰ উঠাই চাফা কৰি কাষেৰে বৈ থকা বোৱতী মৰনৈত হাত-ভৰি পখালি ওখৰ পৰা চাপৰলৈ ক্ৰমান্বয়ে এটা শাৰী হৈ চাফাই মন্ত্ৰী (স্কুল কেপ্তেন) য়ে নখ পৰীক্ষা কৰাৰ অন্তত প্ৰাৰ্থনা কৰা হৈছিল। এই বিদ্যালয়ত "তুমি চিত্ত বৃত্তি মোৰ" প্ৰাৰ্থনাৰে স্তুতি কৰোতে গাঁৱৰ গোটেই অঞ্চলটোত এক মধুৰতম পৰিৱেশে বিৰাজ কৰিছিল, সেই শান্তিময় পৰিৱেশৰ কথা আজিও মানস পটত ভাহি উঠে। কিবা কাৰণত স্কুললৈ নগ'লেও দহ বজাৰ আগত স্কুলত কৰা সুন্দৰ প্ৰাৰ্থনাৰ সুন্দৰ প্ৰতিধ্বনি ঘৰলৈকে লৱৰি ভাহি আহিছিল। যথা সময়ত স্কুল বহিছিল। কোনোটো শ্ৰেণীৰ মাজত আঁৰ-বেৰ নথকা স্কুলৰ শ্ৰেণীকোঠাত অংক- বিজ্ঞান, অসমীয়া-ভূগোল আদি বিষয়বোৰ শিক্ষাগুৰুৰ দ্বাৰা পাঠদান, কোনোবাটো ক্লাছত উচ্চাৰণ শুদ্ধ আৰু স্পষ্ট হ'বৰ বাবে ঠিয় হৈ চিঞৰি পঢ়ি আখৰা কৰিবলৈ দিয়া হৈছিল। প্ৰত্যেকটো ক্লাছৰ এনে পঢ়াৰ ভূন-ভূননিৰ শব্দত স্কুলখনৰ ভিতৰচৰা মৌ-বাঁহত  গুণ-গুণাই থকা মৌ-বোৰৰ অমিয়া সুৰৰ মধুয্যলৈ পৰিৱৰ্তন হৈছিল।

স্কুলত একেৰাহে তিনিটা পিৰিয়ড পাঠদানৰ পাছত বিৰতি উপস্থিত হয়। কাহৰ বেলটোৱে টং কৈ শব্দ কৰিলেই সকলোৱে কিৰিলি পাৰি বাহিৰৰ ফিল্ডলৈ ঢাপলি মেলো। যেন বান্ধি থোৱা কয়দীবোৰ গৰালৰ পৰা মুক্ত হৈছে। চাৰিওফালে পিনিপিন দিয়া আৰম্ভ হয়। কোনোবাটো দল যদি গাঁৱৰ কাৰোবাৰ ঘৰৰ জলফাই তলত, আন কোনোবাটো বগৰীৰ তলত। এঘন্টা বিৰতিত সকলোৱে খেলি অৱস হৈ পৰে। অৱশ্যে সেই সময়ত খাদ্য সামগ্ৰীৰ সম্ভাৰ যদি ওচৰতে উভৈনদী হয় তেন্তে সময় বাছিলে আঁহত গছৰ তলত বহি আঁহত গছৰ পাত গোটাই নহ'লে কলগছ বা নাৰিকলৰ পাত ফালিলৈ প্ৰত্যেকেই সুদক্ষ কাৰিকৰত পৰিণত হৈ পৰে। কাৰোবাৰ হাতত আহঁত গছৰ পাতে ৰাজমুকুট, কাৰোবাৰ হাতত কলপাত বা নাৰিকলৰ পাতৰ জখলা আদিয়ে প্ৰাণ পায় উঠে। তাৰ পাছতে আৰম্ভ হয় শেষৰ কেইটা পিৰিয়ড। অৱশ্যে তেতিয়া আমাৰ এটা পিৰিয়ড্‌ হে আছিল। শ্ৰদ্ধাৰ বিমান শইকীয়া চাৰে পোৱা ক্লাছতোত গৰম দিন কেইটাত নেওঁতা মুখস্থ কৰিবৰ বাবে আঁহত গছ জোপাৰ তললৈ পঠাই নেওঁতা মাতিবলৈ কয়। প্ৰত্যেকেই  এঘৰ এঘৰকৈ চিঞৰি মাতি যায়, "একৰ এক গ'ল থাকিল শূন্য। দুইৰ এক গ'ল থাকিল এক" ইত্যাদি। লগৰ বোৰে তেওঁক  অনুসৰণ কৰি সংগত কৰে। তাৰ পাছতে স্কুলৰ সময়ছোৱাৰ যৱনিকা পৰে। বেল পৰাৰ আগতে সকলোৱে নিজৰ বিদ্যাতনিক বস্তু কেইপদ সামৰি  আজৰি হওঁ। তাৰ পাছতে বেলে স্কুল চুটীৰ সংকেত দিয়ে। এজনে চিঞৰি চিঞৰি এইফাঁকি বাক্য উচ্চাৰণ কৰে- "ঘৰলৈ যাবলৈ সাজু হোৱা। কিতাপ ফলি লৈ ঠিয় হোৱা, ঢাৰি-কঠ টোলা, শিক্ষকক নমস্কাৰ কৰা, "ক" শ্ৰেণীৰ পৰা এজন এজনকৈ শাৰী পাতি ঘৰমুৱা হোৱা।" কি যে ৰোমাঞ্চকৰ দিন আছিল সেইবোৰ, ভাবিলেই দেহা শাত পৰি যায়। আনহাতে প্ৰাৰ্থনাৰ অন্তত সকলোৱে একচিত্ৰে একমুখে তলৰ সংস্কৃত শ্লোকটো গাইছিল-

"অসতো মা সদ্‌গময়ঃ
তমসো মা জ্যোতিগময়ঃ
মৃত্যুৰ্মা অমৃতংগময়ঃ।।
ওঁম শান্তি শান্তি শান্তি।"

তৃতীয়  শ্ৰেণী পোৱাৰ পাছত শিক্ষয়ত্ৰী শ্ৰদ্ধাৰ অনু বৰা বাইদেৱে ভূগোল পঢ়াইছিল। বাকীবোৰ ক্লাছৰ বিপৰীতে  বহল ডিমাই কাগজত লিখাটো ভূগোল বহীৰ নিয়ম আছিল। ইয়াতে প্ৰথম পাইছিলো গাঁও কাক বোলে? চুবুৰী কাক বোলে? ইত্যাদি। অনু বাইদেৱে এই ভূগোল বিষয়ৰ ক্লাছবোৰ তদাৰক কৰিছিল। লিখিবলৈ দিয়া বিষয় সমূহ পুংখানুপুংখভাৱে  চোৱাৰ পাছত মুখস্থ মাতিব দিছিল। নোৱাৰা সকলক কাণমলা দি মুৰৰ চুলিত ধৰি টেবুলৰ ওপৰত তলমুৱা কৈ হেঁচি ধৰি পিঠিত ঢকা দিছিল। সদায় এই অভিজ্ঞতাত সিদহষ্ট কেইটাই বাইদেউৱে দিয়া কাণ মলাত ওপৰলৈ দাঙি দিওঁতে টেবুলত হাত দুখনে হেঁচা দি ধৰি তলত থকা সৰু ৰেলিং দালত ভৰি উঠাই বাইদেৱে টনাৰ দিশত উঠি দিছিল। তেতিয়া ভুক্তভোগী  কেইটাই কাণৰ লটিত দুখ কমকৈ পাইছিল। কাৰণ বাইদেৱে চকীত বহিয়ে কাণমলা দিছিল । সেয়ে হাতে ঢুকিপোৱা পৰ্য্যন্তহে ওপৰলৈ দাঙিছিল। অৱশ্যে খুব সেৰেঙাকৈ এনে পৰিস্থিতিৰ সন্মুখীন মাজে মাজে ময়ো হ'ব লগাত পৰিছিল। কোনোদিন বেতৰ সৌকা লোৱা নাছিল।

চতুৰ্থ শ্ৰেণীত পঢ়া সময়ত অকল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অৱশ্যে কিতাপ পত্ৰ থ'বলৈ লিখিবলৈ ডেস্ক সদৃশ একোখন বেঞ্চ পাইছিল। তাতে লিখা মেলা কৰি তলত মৰাপাতৰ থৈলাবস্তা পাৰি বহিছিলো।এই শ্ৰেণীত বহাৰ হেঁপাহ আৰু আনন্দই সুকীয়া আছিল। এই স্কুলত পঢ়া সময়ছোৱাত কোনো বাৰেই প্ৰথমৰ বাদে দ্বিতীয় হৈ পোৱা নাছিলোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)