নাৰী তোমাক প্ৰণাম ০৩ -ধাৰাবাহিক উপন্যাস

Rinku Rajowar
0
প্ৰেছাৰ কুকাৰৰ শব্দত মানসী পুনৰ বাস্তৱলৈ উভতি আহিল। প্ৰেছাৰ কুকাৰটোৰ পৰা সিজোৱা দালিখিনি উলিয়াই তাই এইবাৰ কেৰাহী এটা গেছত বহাই দিলে আৰু কেৰাহীটোত তেল, হালধি, পিঁয়াজ, নিমখ আৰু পাঁচফুৰণ আদি দি দালিখিনি তেল মাৰি দিলে। দালিখিনি হোৱাৰ পিছত তাই পুনৰ ভাজি বনাবলৈ আন এটা সৰু কেৰাহী গেছটোত বঢ়াই দিলে। কেৰাহীটো গৰম হয় মানে তাই ভাত বনাবলৈ চাউল খিনি ধুই ল'লে। কেৰাহীটো গৰম হোৱাত তাই ভাজিৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী কেৰাহীটোত ঢালি দি হেতা এপাতেৰে লৰাই দি ভাজি খিনি ঢাকি দিলে। এইবাৰ গেছৰ আনটো চৌকাত তাই কুকাৰত চাউল আৰু পানী খিনি দি বহাই দিলে।

       নিৰ্দিষ্ট সময়ত ভাত আৰু ভাজি হ'ল। তাই ভাত বাঢ়ি সকলোকে খাবলৈ মাতিলে। শাহুৱেক আৰু শহুৰেক ভাত খাবলৈ আহিল। ৰক্তিম খঙতে ক'ৰবালৈ ওলাই গ'ল বাবে সি ঘৰত নাই। ভাত পানী খাই শাহুৱেক আৰু শহুৰেক উঠি গ'ল। মানসীয়েও ভাত পানী খাই বাচনবোৰ ধুই ৰুমলৈ আহিল। তেতিয়ালৈকে ৰক্তিম আহি পোৱাই নাই। শুবলৈ বিছনাখন যা-যোগাৰ কৰি হৈছিলহে মানসীৰ এনেতে "টিংটং টিংটং" কৈ কলিংবেলটো বাজি উঠিল। কলিংবেলৰ শব্দত দৰ্জাখন খুলিবলৈ মানসী বাৰান্দালৈ ওলাই আহি দেখে যে সন্মুখত তাইৰ যমদূত ৰখি আছে। দৰ্জাখনৰ এইপাৰে মানসী আৰু সিটো পাৰে হাতত মদৰ বটলতো লৈ  ৰক্তিম বিকাশ হাজৰিকা। দৰ্জাখন খুলি দি মানসী তাত এপলকো ৰৈ নাথাকি পাকঘৰলৈ গুছি আহিল আৰু ঢলংপলং খোজেৰে কেনেবাকৈ বেৰত ধৰি ধৰি ৰক্তিমো ৰুমলৈ গ'ল। তাই ৰক্তিমৰ বাবে ভাত লৈ আনি টেবুলখনৰ ওপৰতে থৈ দেখে যে ইতিমধ্যে তাইৰ স্বামীদেৱতা বিছনাতে পৰি আছে। যিমানেই অত্যাচাৰ নকৰক যিমানেই বেয়াকৈ নকওঁক কিয় এগৰাকী নাৰীয়ে  কিন্তু কেতিয়াও আনৰ কষ্ট সহ্য কৰিব নোৱাৰে। নাৰীৰ সহজাত গুণত বন্দী হৈ মানসীয়েও নোৱাৰিলে তাইক ইমান কষ্ট দিয়া নিজৰ মানুহজনৰ কষ্ট চাই থাকিবলৈ। মানসী কাষলৈ আহি লাহেকৈ ৰক্তিমৰ জোতাযোৰ খুলি দিবলৈ লওঁতেই সি মানসীক তাৰ গাৰ সমস্ত জোৰেৰে এটা গোৰ মাৰি দিলে। মানসী গৈ আলনা দালৰ ওচৰত  চিটিকি পৰিল। আগতে সি কৰা প্ৰতিটো আঘাতত তাইৰ শৰীৰটোয়ে কষ্ট পোৱাৰ লগতে হৃদয় খনে বেছি কষ্ট পাই উচুপি উঠিছিল। কিন্তু আজিকালি না তাইৰ শৰীৰটোয়ে কান্দে না তাইৰ হৃদয় খনে কান্দে,কান্দে মাথোঁ তাইৰ ভাগ‍্য খনে । কোনে বুজিব স্বামীৰ পৰা অৱহেলিত, প্ৰতাৰিত হোৱা মানসীৰ মনৰ ব‍্যথা, কোনে শুনিব তাইৰ হৃদয়ৰ উচুপনি, কোনে ৰুধিব তাইৰ মনত চলি থকা প্ৰচণ্ড ধুমুহাজাকক? কোনে মচি দিব তাইৰ শিৰত লোৱা সেন্দুৰৰ মিছা প্ৰলেপখিনিক? কোনোবাই  মচি দিলেই যেনিবা, আকৌ জানো কোনোবা এজন ওলাব তাইৰ উকা কপালত সঁচা প্ৰেমৰ সঁচা ৰঙা বুলাবলৈ? স্বামীৰ পৰা বিচ্ছেদিত হোৱাৰ পিছত সমাজত তাইৰ নাম হ'ব "ছেকেণ্ড হেণ্ড মাল"। পাৰিব জানো তাই এই সকলোবোৰ সহ‍্য কৰি জীয়াই থাকিবলৈ?

: নাহিবি তই মোৰ ওচৰলৈ। তোৰ দৰে এজনী মাইকী নাথাকিলেও মই জীয়াই থাকিব পাৰিম, বুজিলি?

: কিন্তু মোৰ ভুল ক'ত? আপোনাক ভাল পোৱাটো নে আপোনাৰ লগত গুছি অহাতো?

: ভুলটো মোৰেই আগ পিছ নাভাবি তোৰ দৰে এজনী আনি ঘৰ সুমুৱালোহি। ফাৰ্ণিচাৰৰ নামতটো 'ফ'এটাও নাপোলোৱেই এতিয়া পইছা কেইটামান বিচাৰিলেও সিহঁতৰ সমস্যা শেষেই নহয়। তাৰপিছত তাই আকৌ মোকহে সোধে মোৰ ভুল ক'ত?
:
:
: ককায়েৰক ক'লিনে নাই কাইলৈ যে মোক পইছা লাগিব?

: কেনেকৈ ক'ম মই? ফোন কৰিবলৈ মোবাইল এটাওটো লাগিব??
 
      পকেটৰ পৰা মোবাইলটো উলিয়াই মানসীৰ ফালে আগবঢ়াই দি ৰক্তিমে ক'লে ----

: হো ল' এইটো আৰু ফোন কৰি ককায়েৰক কাইলৈ মোক একলাখ টকা লাগিব বুলি ক'।

: দাদাই কিয় লাগে বুলি সুধিলে কি ক'ম মই?

: বেছি প্ৰশ্ন কৰি নাথাকিবি যিটো কৈছোঁ সেইটো কৰ। ককায়েৰক ফোন কৰি একলাখ টকা মোক লাগে বুলি ক'।

       খঙত ৰঙা হৈ থকা অমৰাগুটিহেন ৰক্তিমৰ চকুযোৰৰ পৰা যেন জুইহে ওলাইছে। যিকুৰা জুইত পুৰি এটা সময়ত চাৰখাৰ হৈ পৰিছিল মানসীৰ প্ৰেম, হৃদয়, হাঁহি, সুখ, সপোন সকলোবোৰ। সৰ্বস্ৰান্ত হৈ পৰিছিল তাই। আজি আকৌ সেই জুইত পুৰি মানসীৰ পৰা  কি হেৰাই যায় তাকেহে তাই ভাবিবলৈ ধৰিলে। থকাতটো মানসীৰ লগত একোৱেই নাই। হৃদয়খন আৰু শৰীৰতো কেতিয়াবাই তাই তাক সপি দিছে, আৰু থাকিলনো কি? পা- পইছা, ধন-সম্পত্তি বুলিবলৈ তাইৰ হাতত আছে এটা ডাঙৰ শূন্য। মহাশূন‍্যৰে আবৃত আজি মানসীৰ দুহাত, আৰু লাহে লাহে সেই একেই এক মহাশূন‍্যৰ বুকুত যেন মানসীও বিলীন হৈ যাবলৈ ধৰিছে। এতিয়া যেন তাইৰ চাৰিওফালে কেৱল শূন্য, শূন্য আৰু শূন্য। তাইৰ হাতত আছে শূণ্যতাৰ তলাৰে বন্ধা এডাল ডাঙৰ শিকলি আৰু সেই শিকলিডালৰ চাবিপাত কাৰ হাতত আছে দুৰ্ভাগ্যৱতী মানসীয়ে এটিয়াও গম নাপায়।

     এইজন বাৰু সচাঁকৈয়ে এজন পুৰুষনে? যি পুৰুষে এগৰাকী নাৰীক সন্মান কৰিব নাজানে সেইজন পুৰুষ  বাৰু পুৰুষৰ শাৰীত পৰেনে? কেতিয়াও নপৰে। সি আচলতে পুৰুষৰ মুখা পিন্ধা পুৰূষৰূপী এটা কাপুৰুষ, আৰু এইজন কাপুৰুষৰ প্ৰেমতেই পৰি এদিন মানসীয়ে হাবুডুবু খাইছিল, চিৰদিনলৈ আঁতৰি আহিছিল নিজৰ আত্মীয় স্বজনৰপৰা। ভদ্ৰতা আৰু এজন সঁচা প্ৰেমিকৰ মূখাৰ আঁৰত থকা ৰক্তিমৰ আচল দৈত্য ৰূপটো তালৈ পলাই অহাৰ আগতে তাই কেতিয়াও দেখাই নাছিল আৰু দেখিবনো কেনেকৈ? তাই যে তেতিয়া তাৰ প্ৰেমত পৰি অন্ধ হৈ পৰিছিল! তাইৰ চকুযোৰ তাইৰ লগত আছিল যদিও তাইৰ চকুয়ে সেইটোহে দেখিছিল যিটো ৰক্তিমে তাইক কৈছিল আৰু দেখুৱাইছিল, তেতিয়া তাইৰ শৰীৰটো হে যেন তাইৰ লগত আছিল কিন্তু মন, মগজু, হৃদয় আদি সকলো তাই তাক সপি দিছিল। এতিয়া অৱশ্যে সেইখন হৃদয় তাইৰ লগত নাই কিন্তু ৰক্তিমৰ ওচৰতো নাই। তেন্তে এতিয়া মানসীৰ হৃদয় খন কাৰ ওচৰত আছে? এক উত্তৰবিহীন, অৰ্থবিহীন প্ৰশ্ন এইয়া! হয়তো ইমানদিনে তাইৰ সেই হৃদয় খনৰ মৃত্যুয়েই হৈ গৈছে বা এটা ডাঙৰ মহাশূন্য বুকুত বিলীন হৈ গৈছে যিদৰে এদিন তাই বিলীন হৈ গৈছিল!

          কিন্তু মানসীয়ে সিহঁতৰ যুগ্মজীৱনৰ প্ৰথম নিশাই তাৰ আচল মানৱৰূপী দানৱৰ চেহেৰাটো আৰু মুখখনৰ সৈতে পৰিচিত হৈছিল। সেইদিনা সন্ধিয়া মানসীক আনি ঘৰ সুমুৱাইয়েই সি ওলাই গৈছিল আৰু ভাতপানী খাই সকলো শুৱাৰ পিছত নিশা প্ৰায় ১২.৩০ মান বজাত সি ঘৰ সোমাইছিলহি। আহিয়েই সি সিহঁতৰ ৰুমটোলৈ সোমাই আহি দৰ্জাখনৰ হুকডাল লগাই দিয়ে আৰু কথা নাই বতৰা নাই এটা ভোকাতুৰ হিংস্ৰ জন্তুৰ দৰে মানসীৰ ফুলকুমলীয়া শৰীৰটোৰ ওপৰত জপিয়াই পৰিছিল। টানি আজুৰি চিঙি পেলাইছিল মানসীৰ ডিঙিৰ চেইন, কাণফুলি, হাতৰ খাৰু, আঙুলিৰ আঙুঠি, আনকি মানসীৰ গাৰ কাপোৰো। তাই গোটেই ৰাতিটো চিঞৰি চিঞৰি কান্দি কান্দি তাইক এৰি দিবলৈ কৈছিল কিন্তু নাই সেই সময়ত ৰক্তিম মানসীৰ আৰ্তনাদ শুনাৰ অৱস্থাতেই নাছিল। সি মাথোঁ ব‍্যস্ত আছিল তাৰ শৰীৰৰ ভোক নিবাৰণত। চিঞৰি চিঞৰি কান্দি কান্দি মানসীও এটা সময়ত অৱশ হৈ পৰিছিল, মুখেৰে মাত নোলোৱা হৈ পৰিছিল। তাইৰ ইমান যন্ত্ৰণাভৰা চিঞৰ শুনিও ৰক্তিমৰ মাক আৰু দেউতাক ওলাই অহা নাছিল আৰু কাৰণটো আছিল "যৌতুক"। মানসীয়ে লগত একো বস্তু ননাৰ বাবেই প্ৰথম দিনাৰ পৰাই শাহুৱেক শহুৰেকে তাইক যি বেয়া পালে পালেই আজিলৈকে কোনো দিনেই ভাল নাপালে আৰু বোৱাৰীৰ মৰ্যদাও নিদিলে। সভ‍্য সমাজৰ অসভ‍্য মানুহৰ উৎকৃষ্ট নিদৰ্শন এই পৰিয়ালৰ প্ৰতিগৰাকী সদস্য।

      লাহে লাহে দিনবোৰ বাগৰাৰ লগে লগে মানসীৰ ওপৰত ৰক্তিমৰ তথা তাৰ ঘৰৰ মানুহৰ অত্যাচাৰো বাঢ়িবলৈ ধৰিলে। শাহুৱেকে প্ৰথম দিনাৰ পৰাই মানসীৰ সৰু সৰু কথাতে ভুল উলিয়াই তাইক বকিবলৈ ধৰিলে। স্বামীৰ পৰা শাৰীৰিক ভাৱে আৰু শাহুৰেক শহুৰেকৰ পৰা মানসিক ভাৱে অপদস্ত হৈও মানসীয়ে সকলো নিৰৱে সহ‍্য কৰি গৈছিল। ঘৰৰ অমতত গৈ পলাই যোৱাৰ বাবে মাক বাপেকেও তাইৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছিল কিন্তু ককায়েকৰ লগত তাইৰ সম্পৰ্ক ভাল আছিল যদিও কোনো দিনেই তাই তাইৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ককায়েকক কোৱা নাছিল। 

        অলপ সময় মোবাইলটোলৈ চাই থাকি মানসীয়ে ক'লে -----

: ঠিক আছে তেন্তে দাদাই যদি মোক পইছা কিয় লাগে বুলি সুধে তেন্তে মই মোৰ নিকম্মা স্বামীক লাগে বুলি ক'ম হ'ব। 
   কেতিয়াও তাৰ আগত মূৰ তুলি কথা কৈ নোপোৱা মানসীৰ মনলৈ ক'ৰপৰা ইমান সাহস আহিল তাই নিজেও গম নাপালে। তৎক্ষণাতে ৰক্তিমে তাৰ এখন হাতেৰে মানসীৰ চুলিত আৰু আনখন হাতেৰে তাইৰ থুঁতৰিটোত জোৰেৰে ধৰিলে।

: এক টকা ইনকাম কৰিব নোৱাৰ আৰু মোক ক'বলৈ আহ "নিকম্মা" বুলি।

: অ' নোৱাৰো মই এটকাও উপাৰ্জন কৰিবলৈ কিন্তু মই কাৰোবাক প্ৰতাৰণা কৰি কাৰোবাৰ জীৱনো ধ্বংস কৰিৰ নোৱাৰো।

: আটচা মইহে মানে তোৰ জীৱন ধ্বংস কৰিলোঁ। ৰহ আজি তোক জীৱন ধ্বংস কৰা কাক কয় দেখুৱাই আছো!

      "বেদনাৰ বৰষুণজাকে যেতিয়া ধুমুহাৰ দৰে           
     গৰজিবলৈ ধৰে, শূণ্যতাৰ বান্ধোন চিঙি ওলাই আহে
               এক মৰ্মস্পৰ্শী হৃদয়ৰ কৰুণ আবেগ।" 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)