আমন্ত্ৰণ-চিন্ময় ডেকা

©Admin
0
অতীতৰ কাহিনীবোৰ তেনেই দুখ লগা । বৰ্তমানত সেই তাহানিৰ স্মৃতিবোৰ জাগ্রত হয়। পুতৌ লগা পৰিৱেশৰ অভাৱগ্ৰস্ত , দৰিদ্ৰতাৰ শেঁতা পৰা দৰদী অশ্রুৰ আৰ্তনাদ। হৃদয়ৰ এচুকত বাৰুকৈ বাজে , পিতৃ-মাতৃৰ কান্দোনৰ সুৰ প্ৰতিধ্বনিত হয় দোভাগ ৰাতি । জানোচা সপোনৰ পৃথিৱীত বাস্তৱ সংযত জগতত ।
              সঁহাৰি দিবলৈ নাই কোনো ! নিজেই নিজক বুজনি দিওঁ এই সময়ৰ সন্ধিক্ষণত। প্ৰকাশ কৰিব নোৱাৰোঁ। বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে জীৱনত ! ই -চিৰ সত্য ; ফলশ্রুতিত সময়ৰ আহ্বানত সকলোৱে মৰম , ভালপোৱা , আন্তৰিকতা আৰু ন-ন।
ক্ৰমশঃ এতিয়া আমন্ত্ৰণ জনায় ! তাহানিৰ দুৰ্ভগীয়া সন্তানটিক নিজৰ পুত্ৰৰ দৰে আঁকোৱালি লয় হিয়াভৰা অযুত মৰমেৰে। সময়ৰ সোঁতত সকলো নতুনত্বই গ্ৰাস কৰিলে ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)